Questions Answers of AHSEC Solution for Class 11 Political Science ৰাজনৈতিক তত্ত্ব। Political Theory. All the important questions answers are discussed in this article.
ৰাজনৈতিক তত্ত্ব
Political Theory
Class 11 PolScience ৰাজনৈতিক তত্ত্ব। Political Theory ৰ প্রশ্নোত্তৰ:-
1. বছবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) কাক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়?
(অথবা) ৰাজনীতি বিজ্ঞানৰ জনক কোন?
(ক) মহাত্মা গান্ধী
(খ) প্লেটো
(গ) এৰিষ্ট’টল
(ঘ) জে. এছ. মিল
উত্তৰঃ- এৰিষ্ট’টল
(ii) Politics বা ৰাজনীতি শব্দটো ……. ৰ পৰা উদ্ভৱ হৈছে?
(ক) লেটিন শব্দ ‘Polis’ ৰ পৰা
(খ) গ্ৰীক শব্দ ‘Polis’ ৰ পৰা
(গ) ইংৰাজী শব্দ ‘Political’ ৰ পৰা
(ঘ) গ্ৰীক শব্দ ‘city state’ ৰ পৰা
উত্তৰঃ- গ্ৰীক শব্দ ‘Polis’ ৰ পৰা
(iii) গ্ৰীক ভাষাৰ কি শব্দৰ পৰা ইংৰাজী পলিটিক্চ (politics) শব্দৰ উদ্ভৱ হৈছে?
(ক) পলিটিকেল (political) ৰ পৰা
(খ) পলিচ (polis) ৰ পৰা
(গ) লিবাৰ (liber) ৰ পৰা
(ঘ) চিটি ষ্টেট (city state) ৰ পৰা
উত্তৰঃ- পলিচ (polis)
(iv) এৰিষ্টটলে লিখা গ্ৰন্থৰ নাম লিখা।
(ক) দি পলিটিক্চ (The Politics)
(খ) দি ৰিপাবলিক (The Republic)
(গ) দি পলিটিকল সিষ্টেম (The Political System)
(ঘ) দি প্ৰিন্স (The Prince)
উত্তৰঃ- দি পলিটিক্চ (The Politics)
(v) ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰতে আৰম্ভ আৰু ৰাষ্টতেই শেষ’ কোন কৈছিল?
(ক) বাৰ্কাৰ
(খ) গাৰ্নাৰ
(গ) গেটেল
(ঘ) লাচওয়েল
উত্তৰঃ- গাৰ্নাৰ
(vi) ‘দি ৰিপাব্লিক’ (The Republic) নামৰ গ্ৰন্থখনৰ লিখক হ’ল-
(ক) প্লেটো
(খ) চক্ৰেটিছ
(গ) এৰিষ্ট’টল
(ঘ) গাৰ্নাৰ
উত্তৰঃ- প্লেটো
(vii) ‘ৰাজনৈতিক’ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?
(ক) লৰ্ড ব্ৰাউচ
(খ) অধ্যাপক জন চিলি
(গ) এৰিষ্ট’টল
(ঘ) গাৰ্নাৰ
উত্তৰঃ- এৰিষ্ট’টলে
(viii) “ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল”- বুলি কোনে কৈছিল?
(ক) লৰ্ড ব্ৰাউচ
(খ) অধ্যাপক জন চিলি
(গ) এৰিষ্ট’টল
(ঘ) ফ্ৰিমেন
উত্তৰঃ- অধ্যাপক জন চিলি
(ix) ‘হিন্দ স্বৰাজ’ (Hind Swaraj) গ্ৰন্থখনৰ লিখক কোন?
(ক) ড০ বি. আৰ. আম্বেদকাৰ
(খ) ড০ ৰাজেন্দ্ৰ প্ৰসাদ
(গ) মহাত্মা গান্ধী
(ঘ) জৱাহৰলাল নেহৰু
উত্তৰঃ-মহাত্মা গান্ধী
(x) ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান— কথাষাৰ কোনে কৈছিল?
(ক) লৰ্ড ব্ৰাউচ
(খ) অধ্যাপক জন চিলি
(গ) এৰিষ্ট’টল
(ঘ) ফ্ৰিমেন
উত্তৰঃ- লৰ্ড ব্ৰাউচ
(xi) “বুৰজ্ঞী হ’ল অতীত ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমান বুৰজ্ঞী”— কথাষাৰ কোনে কৈছিল?
(ক) লৰ্ড ব্ৰাউচ
(খ) অধ্যাপক জন চিলি
(গ) এৰিষ্ট’টল
(ঘ) ফ্ৰিমেন
উত্তৰঃ- ফ্ৰিমেন
1. ‘দি ৰিপাব্লিক’ (The Republic) নামৰ গ্ৰন্থখনৰ লিখক হ’ল চক্ৰেটিছ/প্লেটো। (শুদ্ধ উত্তৰটো বাছি উলিওৱা) HS-2018
উত্তৰঃ-প্লেটো
2. ‘ৰাজনৈতিক’ শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? HS-2002, 2010, 2016, 2024
উত্তৰঃ-এৰিষ্ট’টলে
3. ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক গণ্য কৰা হয়? HS-2005
উত্তৰঃ-এৰিষ্ট’টলক
4. গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? HS-2008, 2015
উত্তৰঃ- দি পলিটিকচ্ (The Politics)
5. “ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল”- বুলি কোনে কৈছিল? HS-2009, 2016
উত্তৰঃ-অধ্যাপক জন চিলি (John Seely)
6.
“ৰাজনীতি বিজ্ঞানৰ আৰম্ভ আৰু অন্ত ৰাষ্ট্ৰক লৈ।” কথাষাৰ কৈছে
লাষ্কিয়ে/গাৰ্ণাৰে/ বাৰ্জেছে। (সঠিক বিকল্পটো বাছি উলিওৱা। HS-2015
উত্তৰঃ- ড. গাৰ্ণাৰে
7. ‘হিন্দ স্বৰাজ’ গ্ৰন্থখনৰ লিখক কোন? HS-2017
উত্তৰঃ-মহাত্মা গান্ধী
8. গ্ৰীক ভাষাৰ কি শব্দৰ পৰা ইংৰাজী পলিটিকচ্ (politics) শব্দৰ উদ্ভৱ হৈছে? HS-2011,2014
উত্তৰঃ- পলিচ (polis)
9. পলিচ (polis) শব্দৰ অৰ্থ কি?
উত্তৰঃ-নগৰ-ৰাষ্ট্ৰ
10. ৰাজনীতি বিজ্ঞান এক প্ৰগতিশীল বিজ্ঞান— কথাষাৰ কোনে কৈছিল? HS-2014
উত্তৰঃ- লৰ্ড ব্ৰাউচ
11. ৰাজনীতি বিজ্ঞান এবিধ প্ৰগতিশীল নে স্থিতিশীল?
উত্তৰঃ-প্ৰগতিশীল
12. Theory শব্দটো কৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ-গ্ৰীক শব্দ Theoria পৰা উদ্ভৱ হৈছে।
13. ৰাজনীতি বিজ্ঞানৰ আলোচনাৰ মূল কেন্দ্ৰ কি?
উত্তৰঃ-প্ৰগতিশীল
14. ৰাজনীতি বিজ্ঞানৰ জনক কোন?
উত্তৰঃ- এৰিষ্ট’টল
15. “বুৰজ্ঞী হ’ল অতীত ৰাজনীতি আৰু ৰাজনীতি হ’ল বৰ্তমান বুৰজ্ঞী”— কথাষাৰ কোনে কৈছিল?
উত্তৰঃ- ফ্ৰিমেন
16. ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য দেখুওৱা। HS-2012, 2014
উত্তৰঃ-(ক)
ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা
হয়। কিন্তু ৰাজনীতিয়ে অকল ৰাষ্ট্ৰৰ ব্যৱহাৰিক দিশটোকহে বুজায়
(খ) ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ ওপৰত আলোচনা কৰা হয়। আনহাতে ৰাজনীতিয়ে ৰাষ্ট্ৰ পৰিচালনাৰ দৈনন্দিন নীতি নিয়মৰ লগত জড়িত।
17. ৰাজনীতি কি? HS-2017
উত্তৰঃ-ৰাষ্ট্ৰ আৰু ইয়াৰ সৈতে জড়িত সকলো দিশৰ বিষয়ে আলোচনা কৰাটো ৰাজনীতি বুলি কোৱা হয়।
18. ৰাজনীতি তত্ত্ব কাক বোলে? HS-2012, 2014, 2024
উত্তৰঃ-ৰাজনীতি
তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি; যিয়ে ৰাজনৈতিক ধাৰণা, পৰিঘটনা আদিৰ
মূল্যায়ন, ব্যাখ্যা আৰু ভৱিষ্যত্বাসণী কৰিব বিচাৰে।
19. ৰাজনীতি বিজ্ঞান কাক বোলে?
উত্তৰঃ-সমাজশাস্ত্ৰৰ যি অংগই ৰাষ্ট্ৰৰ মূল ভিত্তি আৰু চৰকাৰৰ নীতিসমূহ আলোচনা কৰে তাক ৰাজনীতি বিজ্ঞান বোলে।
20. ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয়বস্তু উল্লেখ কৰা। HS-2011, 2015
উত্তৰঃ-ৰাজনীতি
বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ। সেই কাৰণে ডাঃ গাৰ্ণাৰে
স্পষ্টভাবেই কৈছে, “ৰাষ্ট্ৰক লৈয়ে ৰাজনীতি বিজ্ঞান আৰম্ভ আৰু ৰাষ্ট্ৰক লৈয়ে
শেষ।“ ৰাজনীতি বিজ্ঞানৰ প্ৰধান বিষয়বস্তু তলত উল্লেখ কৰা হ’ল—
(ক)ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰ আৰু চৰকাৰৰ নীতি তত্ত্বৰ সম্বন্ধে আলোচনা কৰে।
(খ) ৰাজনৈতিক নীতিসমূহৰ ওপৰত ব্যাখ্যা কৰে।
(গ) সমাজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ) ক্ষমতা, প্ৰভাৱ আৰু কৰ্তৃত্বৰ ব্যাখ্যা কৰে।
(ঙ) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ বিষয়ে আলোচনা কৰে।
21. ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। HS-2017, 2024
উত্তৰঃ- ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা সম্পৰ্কে তলত আলোচনা কৰা হ’ল—
(ক) ৰাজনৈতিক
তত্ত্বই ৰাজনৈতিক পৰিঘটনাৰ বৰ্ণনা দিয়ে, ইয়াৰ অবৈজ্ঞানিক আৰু বিজ্ঞানসন্মত
ব্যাখ্যা আগবঢ়ায়, ৰাজনৈতিক লক্ষ্য আৰু ৰাজনৈতিক কাৰ্যৰ বাছনিৰ প্ৰস্তাৱ
আগবঢ়ায় আৰু নৈতিক ৰায়দান কৰে।
(খ) ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰকৃতি আৰু উদ্দেশ্যৰ এক প্ৰণালীবদ্ধ চিন্তা-চৰ্চাৰ যোগান ধৰে।
(গ)
সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে
সৰ্বশ্ৰেষ্ঠ ভোটাধিকাৰ ব্যৱস্থা। এই ব্যৱস্থাৰ অধীনত এটা নিৰ্দিষ্ট বয়স
সম্পূৰ্ণ কৰা প্ৰতিজন নাগৰিকে ভোটদানৰ অধিকাৰ লাভ কৰে।
(ঘ) ৰাজনৈতিক
তত্ত্বৰ সম্যক জ্ঞানে নাগৰিকসকলক সাময়িক উত্তেজনা, অহংকাৰ, অসহিষ্ণুতা আদিৰ
কৱলৰ পৰা ৰক্ষা কৰিব পাৰে। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সফলতাৰ এক অন্যতম
গুৰুত্বপূৰ্ণ চৰ্ত হ’ল সহিষ্ণুতা।
(ঙ) ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰৰ প্ৰতি
আনুগত্য আৰু কৰ্তব্যৰ তাত্ত্বিক জ্ঞান আৰু ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰকৃতি অথবা
মূল কথাৰ গভীৰ জ্ঞান অৰ্জনত সহায় কৰে আৰু এই জ্ঞান ৰাষ্ট্ৰ এখনৰ প্ৰতিজন
নাগৰিকৰ কাৰ্যদক্ষতা বৃদ্ধিৰ সহায়ক হয়।
(চ) ৰাজনৈতিক তত্ত্বৰ জ্ঞানে নিজ ৰাষ্ট্ৰৰ লগত অইন ৰাষ্ট্ৰ সংবিধান, শাসন প্ৰণালী আদিৰ তূলনামূলক মূল্যায়নত সহায় কৰে।
(ছ)
ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য। ৰাজনৈতিক
তত্ত্বৰ জ্ঞান নাথাকিলে যিকোনো সমস্যাৰ সঠিক সমাধানৰ পথ নিৰ্দেশ কৰাটো
সম্ভৱ নহয়।
22. ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব ব্যাখ্যা কৰা। HS-2018
উত্তৰঃ-নিম্নোক্ত ক্ষেত্রৰ পৰা ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব উপলব্ধি হয়।
(ক) সংবিধান, চৰকাৰ আৰু সামাজিক জীৱন প্ৰণালীবদ্ধভাৱে গঢ় দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক তত্ত্ব হৈছে আধাৰ।
(খ)ৰাজনৈতিক তত্ত্বই স্বাধীনতা, সমতা, ন্যায়, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আদি ধাৰণাৰ অৰ্থ আৰু গুৰুত্ব স্পষ্ট কৰি দিয়ে।
(গ) আইনৰ শাসন, ক্ষমতাৰ পৃথকীকৰণ, ন্যায়িক সমীক্ষা আদি ৰাজনৈতিক নীতিসমূহ ৰাজনৈতিক তত্ত্বই নিশ্চিত কৰে।
(ঘ)ৰাজনৈতিক তত্ত্বই জনসাধাৰণক দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ বিষয়ে জ্ঞান লাভ কৰাত সহায় কৰে।
23. অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্ক লিখা। HS-2016
উত্তৰঃ-অৰ্থনৈতিক
আৰু ৰাজনীতি বিজ্ঞান আগতে একেই আছিল। এৰিষ্ট’টলে অৰ্থনীতিক ৰাজনৈতিক
বিজ্ঞানৰ অংশ বুলি বিবেচনা কৰিছিল। মুঠতে, অৰ্থনীতি শব্দটো নতুন। পুৰণি
দাৰ্শনিকসকলে ‘ৰাজনৈতিক অৰ্থনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল। এডাম স্মিথৰ
মতানুসাৰে, “অৰ্থনীতিৰ মুখ্য উদ্দেশ্য হ’ল জনগণ আৰু ৰাষ্ট্ৰক ধনবান কৰি
তোলা।”
অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞানৰ মাজত কিছুমান পার্থক্য আছে—
(ক)
ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক জীৱনৰ গতি-প্ৰকৃতিক নিৰ্ধাৰণ কৰে, কিন্তু
অৰ্থশাস্ত্ৰই মানুহৰ অৰ্থনৈতিক কৰ্মপ্ৰচেষ্টাৰ বিচাৰ-বিশ্লেষণ কৰে।
(খ) অৰ্থনীতি মূলতঃ এটা বস্তুনিষ্ঠ বিজ্ঞান। কিন্তু ৰাজনীতি বিজ্ঞানৰ হ’ল এটা নীতিনিষ্ঠ বিজ্ঞান।
(গ) আইভাৰ ব্ৰাউনৰ মতে অৰ্থনীতিয়ে বস্তুৰ বিষয়ে আলোচনা কৰে। আনহাতে ৰাজনীতি বিজ্ঞানে মানুহৰ বিষয়ে চিন্তা-চৰ্চ্চা কৰে।
24. ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য দেখুওৱা। HS-2012, 2014
উত্তৰঃ-(ক)
ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা
হয়। কিন্তু ৰাজনীতিয়ে অকল ৰাষ্ট্ৰৰ ব্যৱহাৰিক দিশটোকহে বুজায়
(খ) ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ ওপৰত আলোচনা কৰা হয়। আনহাতে ৰাজনীতিয়ে ৰাষ্ট্ৰ পৰিচালনাৰ দৈনন্দিন নীতি নিয়মৰ লগত জড়িত।
25. ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া।
উত্তৰঃ- “ৰাজনৈতিক তত্ত্ব হৈছে কেতবোৰ চিন্তাৰ সমষ্টি; যিয়ে ৰাজনৈতিক ধাৰণা, পৰিধটনা আদিৰ মূল্যায়ন, ব্যাখ্যা আৰু ভৱিষ্যত্বাণী কৰিব বিচাৰে।” (জে. জি. প্লানো আৰু আৰ.ই. ৰিগ্ছৰ)
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Whatsapp : 7020477396
Contact us for Free pdf notes of Political Science, English, MIL Assamese, Swadesh Adhyayan.
Leave a comment