পুৰুষবাচক প্ৰত্যয় কি? । What is purushbachok Pratyay?

পুৰুষবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত পুৰুষবাচক প্ৰত্যয়সমূহ কি কি? উদাহৰণ দি বুজাই লিখা। HS-2015
উত্তৰঃ-অসমীয়া ভাষাৰ সম্বন্ধ বুজোৱা আই, বোপাই, মা, দেউতা আদি শব্দবোৰৰ পাছত কিছুমান প্ৰত্যয় যোগ কৰা হয়। সেইবোৰ, সেই শব্দবোৰৰ লগত থকা পুৰুষবাচক সৰ্বনাম শব্দবোৰৰ প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষৰ অনুযায়ী ভিন ভিন হয়। যেনে- মোৰ মা, তোৰ মাৰ, তোমাৰ মা-ৰা, তাৰ তাক। এনে এনে প্ৰত্যয়বোৰক পুৰুষবাচক প্ৰত্যয় বোলা হয়।
অসমীয়া ভাষাত এই প্ৰত্যয়বোৰ হ’ল-
(ক) —০ (একো যোগ নহয়) —এৰ, —এৰ—আ,—এক।
(খ) —সমন্ধ বুজোৱা শব্দটো আ—কাৰান্ত হ’লে প্ৰত্যয়বোৰৰ ৰূপ এনেকুৱা হ’বঃ
—০(একো যোগ নহয়), —ৰ, —ৰ—আ,—ক। 

        পুৰুষবাচক প্ৰত্যয়বোৰ পুৰুষবাচক সৰ্বনাম- শব্দবোৰৰ প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ অনুযায়ী ভিন্ ভিন্ হয়। উদাহৰণ স্বৰূপে-

প্ৰথম পুৰুষঃ ০ পূণ্য আকৃতি

মোৰ বোপাই

মোৰ দেউতা

মোৰ জী

 

দ্বিতীয় পুৰুষঃ তুচ্চাৰ্থ – এৰ, -ৰ-

ই-কাৰান্ত– তোৰ বাপেৰ

আ-কাৰান্ত– তোৰ দেউতাৰ

ব্যঞ্জনান্ত– তোৰ বাপেৰ

তোৰ জীয়েৰ

মান্যৰ্থঃ- তুচ্চৰ্থৰ এৰ আ ৰআ

তোমাৰ বোপাই– বোপাই >বাপ-এই-আ >বাপেৰা

তোমাৰ শাহু– শাহু-অৰ-আ>শাহুৱেৰা

তোমাৰ দেউতা– দেউতা-ৰ-আ > দেউতাৰা

তোমাৰ শহুৰ– শহুৰ এৰ আ > শাহুৱেৰা

তৃতীয় পুৰুষঃ– এক, ক

তাৰ বোপাই– বোপাই >বাপ-এক > বাপেক

তাৰ শাহু– শাহু-এক > শাহুৱেক

তাৰ দেউতা– দেউতা-ক >দেউতাক

 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

Hindi Grammar :
         विपरीतार्थक या विलोम शब्द
English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE

 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending