বিভক্তি কাক বোলে । What is Bibhokti

1. বিভক্তি কাক বোলে? । What is Bibhokti in Assamese? HS-2022
উত্তৰঃ- বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।
যেনেঃ-
ৰামে পঢ়িছে।
তেওঁ ঘৰলৈ গ’ল।
ওপৰৰ
বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে’, পঢ় + ইছে = পঢ়িছে’, আৰু
দ্বিতীয় বাক্যটিত ‘ঘৰ + অলৈ = ঘৰলৈ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰেই
হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন। বিভক্তি দুইবিধ, যথাঃ
(১) শব্দ বিভক্তি আৰু
(২) ক্রিয়া বিভক্তি।

2. শব্দ বিভক্তি কাক বোলে? অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰ? উদাহৰণ দি বুজাই লিখা। HS-2017
উত্তৰঃ-প্ৰাতিপাদিকৰ লগত যিবোৰ বিভক্তি যোগ হৈ বাক্যত স্থান নিৰ্ণয় কৰে, পাদবোৰৰ পাৰস্পৰিক সম্বন্ধ দেখুৱায়, সেইবোৰেই শব্দ বিভক্তি
অসমীয়া ভাষাত বিভক্তি সাত প্ৰকাৰৰ। যেনে-
প্ৰথমা বিভক্তি— এ (ই) — ৰামে কয়।
দ্বিতীয়া বিভক্তি— ক – হৰিক কয়।
তৃতীয় বিভক্তি— ৰে, দি, দ্বাৰা — বাছেৰে, বাছেদি, যদুৰ দ্বাৰা।
চতুৰ্থী বিভক্তি— লৈ — ঘৰলৈ যায়।
পঞ্চমী বিভক্তি— পৰা — ঘৰৰ পৰা যায়।
ষষ্ঠী বিভক্তি— ৰ — যদুৰ সৈতে যায়।
সপ্তমী বিভক্তি— ত — স্কুলত উপস্থিত হয়।

তলত ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল।
বিভক্তিৰ চিন ‘ল’ৰা’শব্দত প্রয়োগ
(১) প্রথমা     অ, ই, এ – ল’ৰা, ল’ৰাই, ল’ৰায়ে
(২) দ্বিতীয়া     ক – ল’ৰাক
(৩) তৃতীয়া  ৰে, দি, দ্বাৰা – ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰদ্বাৰা
(৪) চতুর্থী     অক্ লৈ – ল’ৰাক ল’ৰালৈ
(৫) পঞ্চমী     পৰা – ল’ৰাৰ পৰা
(৬) ষষ্ঠী     ৰ – ল’ৰাৰ
(৭) সপ্তমী    ত – ল’ৰাত।
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগকৰি বিশেষ্য আৰু সৰ্ব্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটাব পাৰি। উদাহৰণঃ-
বিশেষ্য             একবচন                বহুবচন
ছোৱালী            ছোৱালীক            ছোৱালীবোৰক
সর্বনাম             একবচন                বহুবচন
মই                     মোক                    আমাক

এনেদৰে শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্ব্বনাম পদৰ বচনৰ
ৰূপান্তৰ ঘটোৱা কার্যক শব্দৰূপ (Declension of Words) বোলা হয়। তলত
কেইটামান বিষেশ্য আৰু সৰ্ব্বনাম পদত সাতোটা বিভক্তি প্রয়োগ কৰি একবচন আৰু
বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।
ল’ৰা (বিষেশ্য শব্দ)
বিভক্তি                 একবচন                         বহুবচন
প্রথমা                     লৰা, ল’ৰায়ে                     ল’ৰবোৰ, ল’ৰাবোৰে
দ্বিতীয়া                   ল’ৰাক                             ল’ৰাবোক
তৃতীয়া                   ল’ৰাৰে, ল’ৰায়েদি,             ল’ৰাবোৰেৰে, ল’ৰাবোৰেদি,
ল’ৰাৰ দ্বাৰা                     ল’ৰাবোৰৰ দ্বাৰা
চতুথী                     ল’ৰাক, ল’ৰালৈ                ল’ৰবোৰক, ল’ৰাবোৰলৈ
পঞ্চমী                     ল’ৰাৰপৰা                        ল’ৰাবোৰৰ পৰা
ষষ্ঠী                        ল’ৰাৰ                             ল’ৰাবোৰৰ
সপ্তমী                      ল’ৰাত                            ল’ৰাবোৰত

মই (সৰ্ব্বনাম শব্দঃ প্রথম পুৰুষ)
বিভক্তি                একবচন                 বহুবচন
প্রথমা                 মই, ময়ে                 আমি, আমিয়ে
দ্বিতীয়া                 মোক                     আমাক
তৃতীয়া                 মোৰে,মোৰ দ্বাৰা     আমাৰে, আমাৰ দ্বাৰা
চতুর্থী                 মোক, মোলৈ            আমাক, আমালৈ
পঞ্চমী                 মোৰ পৰা                 আমাৰ পৰা
ষষ্ঠী                     মোৰ                    আমাৰ
সপ্তমী                     মোত                 আমাত

 তুমি (সৰ্ব্বনাম শব্দঃ দ্বিতীয় পুৰুষ)
বিভক্তি            একবচন                    বহুবচন
প্রথমা             তুমি, তুমিয়ে                তোমালোক, তোমালোকে
দ্বিতীয়া         তোমাক                        তোমালোকক
তৃতীয়া         তোমাৰে, তোমাৰদ্বাৰা      তোমালোকেৰে, তোমালোকৰদ্বাৰা
চতুর্থী          তোমাক, তোমালৈ            তোমালোকক, তোমালোকলৈ
পঞ্চমী          তোমাৰপৰা                    তোমালোকৰপৰা
ষষ্ঠী            তোমাৰ                          তোমালোকৰ
সপ্তমী         তোমাত                          তোমালোকত

 তুমি (সৰ্ব্বনাম শব্দঃ দ্বিতীয় পুৰুষ)
বিভক্তি        একবচন                            বহুবচন
প্রথমা          তাই, তাযে                           সিহঁত, সিহঁতে
দ্বিতীয়া        তাইক                                 সিহঁতক
তৃতীয়া       তাইৰে,তাইদি,তাইৰদ্বাৰা             সিহঁতৰে, সিহঁতেদি, সিহঁতৰদ্বাৰা
চতুথী         তাইক, তাইলে                      সিহঁতৰদ্বাৰা সিহঁতক সিহঁতলৈ
পঞ্চমী        তাইৰপৰা                             সিহঁতৰপৰা
ষষ্ঠী           তাইৰ                                   সিহঁতৰ
সপ্তমী         তাইত                                  সিহঁতত

3. ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? What you mean by Kriya bibhokti in Assamese?     HS-2018
(২) ক্রিয়া বিভক্তিঃ-

ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়।
উদাহৰণঃ- তাই ৰামায়ণ পঢ়িছে।
ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়িছে’ ক্রিয়াটো সম্পন্ন হৈছে। সেইদৰে,
ধৰ + ইছে = ধৰিছে
লিখ + ইছে = লিখিছে
কৰ + ইছে = কৰিছে।

বিঃদ্রঃ আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজাবলৈ ক্রিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয়

আৰু তৃতীয় পুৰুষত, নিত্য বর্তমান আৰু ভৱিষ্যত কালতহে হয়।
উদাহৰণঃ-    ইয়ালৈ আহা।
অনুগ্রহকৰি মোক সহায় কৰক। (অনুৰোধ)
কাকো অৱজ্ঞা নকৰিবা। (উপদেশ)

ধাতুৰ ক্রিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যেনেঃ-
১। ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনেঃ-
শো + ইছিলো = শুইছিলো
ধো + ইছিলো = ধুইছিলো

২। ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’আৰু ‘এ’ বিভক্তি ‘য়ে হয়। যেনেঃ-
কি + অ = কিয়
দি + আ = দিয়া
দি + এ = দিয়ে

৩। ব্যঞ্জনান্ত ধাতুৰ শেষ বর্ণত ক্রিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনেঃৃ-
ধৰ + ইলো = ধৰিলে
কৰ + ইলো = কৰিলো

৪। অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ৰ ঠাইত ‘ৱা’ হয়। যেনেঃ-
যা + আ = যাৱ
ৰো + আ = ৰোৱা
ৰো + অ = বোৱ।

 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

Hindi Grammar :
         विपरीतार्थक या विलोम शब्द
English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE

 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending