স্ত্ৰী প্ৰত্যয় । Stree Pratyay

স্ত্ৰী প্ৰত্যয় কি? অসমীয়া ভাষাত কি কি স্ত্ৰী প্ৰত্যয় আছে? উদাহৰণ দি বুজাই লিখা।  [2013]
উত্তৰঃ-স্ত্ৰী প্ৰত্যয় [Stree Pratyay]
আধুনিক ভাষা বিজ্ঞানত যাক বদ্ধৰূপ বুলি কোৱা হয়, ব্যাকৰণত তাকে প্ৰত্যয় বোলে। শব্দৰ মুক্তৰূপৰ পিছত যোগ হোৱা স্ত্ৰী-লিংগবাচক প্ৰত্যয়ক স্ত্ৰী প্ৰত্যয় বোলে। পুংলিংগৰ পৰা স্ত্ৰী লিংগ কৰিবলৈ কেইবাটাও প্ৰত্যয় ব্যৱহাৰ কৰা হয়, সেই প্ৰত্যয়বোৰক স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয়।
অসমীয়াত ভাষাত চাৰিটা স্ত্ৰী-প্ৰত্যয় পোৱা যায়, সেই কেইটা হ’ল- ঈ, অনী, নী আৰু ৰী।
‘ঈ’ প্ৰত্যয়ৰ ব্যৱহাৰঃ
কিছুমান ব্যঞ্জনান্ত শব্দৰ পাছত ‘ঈ’ লগ লাগি প্ৰত্যয় সিদ্ধ হয়। যেনে-
নিলাজ + ঈ = নিলাজী
জন + ঈ = জনী
পিচাশ + ঈ = পিচাশী

কেতিয়াবা আকাৰান্ত পুংলিংগ ৰূপৰ আকাৰত স্ত্ৰী প্ৰত্যয় ‘ঈ’ বহে। যেনে-
পেহা + ঈ = পেহী
বুঢ়া + ঈ = বুঢ়ী
মামা + ঈ = মামী
কেতিয়াবা আকাৰান্ত শব্দৰ আকাৰৰ ঠাইত ঈ-কাৰ বহে। যেনে-
অজলা -> অজলী
পগলা -> পগলী
‘অনী’ৰ ব্যৱহাৰ
সাধাৰণতে ব্যঞ্জনান্ত শব্দৰ পাছত ‘অনী’ প্ৰত্যয় যোগ হয়-
কমাৰ + অনী = কমাৰনী
ফুকন + অনী = ফুকননী
ভকত + অনী = ভকতনী
‘নী’ৰ ব্যৱহাৰ
কিছুমান স্বৰান্ত পুংলিংগৰ পাছত ‘নী’ প্ৰত্যয় যোগ হয়। যেনে-
গৃহস্থ + নী = গৃহস্থনী
কলিতা + নী = কলিতানী
বৰুৱা + নী = বৰুৱানী
‘ৰী’ৰ ব্যৱহাৰ
কিছুমান শব্দৰ পাছত ‘ৰী’ যোগ হৈ স্ত্ৰী প্ৰত্যয় সাধন হয়। যেনে-
কলা + ৰী = কালৰী
ডেকা + ৰী = ডেকেৰী
বেঙা + ৰী = বেঙুৰী

 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

Hindi Grammar :
         विपरीतार्थक या विलोम शब्द
English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE

 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending