জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Assamese Phrase & Idioms
জতুৱা ঠাঁচ বুলিলে কি বুজা? জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি? HS-2022
What is Phrase & Idioms in Assamese? What are two application of two types of Phrase & Idioms in Assamese?
উত্তৰঃ-জতুৱা ঠাঁচ ভাষা এটাৰ অলংকাৰ স্বৰূপ। ই ভাষাক শুৱলা আৰু চহকী কৰে। জতুৱা ঠাঁচ এক বাচিক কলা আৰু ই মানুহৰ মুখ বাগৰি অহা। মানুহৰ দৈনন্দিন জীৱনৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অর্থনৈতিক আদি অভিজ্ঞতাৰ পটভূমিত জতুৱা ঠাঁচ গঢ় লৈ উঠে আৰু পৰৱৰ্তী সময়ত এইবোৰ লিখিত ৰূপত প্রকাশ হয়।
জতুৱা ঠাঁচ ভাষা এটাৰ স্বকীয় প্রকাশভংগী বা ঘৰুৱা কথনভংগী। দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অর্থ প্রকাশতেই সীমাবদ্ধ নাথাকি সম্প্রসাৰিত অর্থ প্রকাশ কৰে, বৰং কেতিয়াবা আভিধানিক অর্থৰ পৰিৱর্তে সম্প্রসাৰিত অর্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্রয়োগ লক্ষ্য কৰা যায়— (ক) সাধাৰণ অর্থ প্রকাশক আৰু (খ) সম্প্রসাৰিত অর্থ প্রকাশক।
(ক) সাধাৰণ অর্থ প্রকাশক জতুৱা ঠাঁচঃ– নাম শব্দৰ লগত ক্রিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অর্থ প্রকাশক জতৱা ঠাঁচবোৰ সৃষ্টি হয়। যেনেঃ- আউল লাগ, আশা পাল, ইতিকিং কৰ, লগ ধৰ, কঠীয়া পাৰ্, কাপোৰ ধো ইত্যাদি।
উল্লিখিত জতুৱা ঠাঁচবোৰ মোটামুটিভাৱে সাধাৰণ অর্থ প্রকাশক। এইবোৰত সম্প্রসাৰিত অর্থ মুখ্য হৈ পৰা নাই৷ এনে জতুৱা ঠাঁচ গঠন হোৱাৰ ক্ষেত্ৰত যোগ হোৱা শব্দ সমষ্টিৰ অৰ্থৰ সংগতি আৰু প্ৰয়োগৰ যোগ্যতা থকা নিতান্তই আৱশ্যক। উদাহৰণস্বৰূপে অসমীয়া ভাষাত মানুহৰ ক্ষেত্ৰত ‘লগ’ শব্দৰ লগত ধৰ্ শব্দ যোগ হোৱাৰহে যোগ্যতা আছে; সেয়েহে আমি ‘দুটা বস্তু লগ কৰোঁ’ কিন্তু ‘মানুহক লগ ধৰোঁ’। তেনেদৰে ‘ভৰি মেলোঁ’ কিন্তু ‘আঁঠুৱা তৰোঁ’।
(খ) সম্প্রসাৰিত অর্থ প্রকাশক জতুৱা ঠাঁচঃ– বিশেষ্য, বিশেষণ, ক্রিয়া আদি শব্দবোৰ ভিন্ ভিন্কৈ বা একেলগে প্রয়োগ হৈ, সম্প্রসাৰিত, অর্থ প্রকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। এনে জতুৱা ঠাঁচ গতন হোৱা শব্দবোৰৰ সাধাৰণ বা আভিধানিক অর্থ তল পৰি সম্প্ৰসাৰিত অৰ্থহে প্রকাশি উঠে। যেনেঃ- কপাল ফুলা = সৌভাগ্য উপস্থিত হোৱা। কাণে কাণ মাৰি = কোনোমতে। কঁকালত টঙালি বন্ধা = কোনো কামলৈ সাজু হোৱা। গা এৰা দিয়া = মনোযোগ নিদিয়া বা দায়িত্ব এৰা। গাৰ নোম ডাল ডাল হোৱা = অতিপাত ভয় খোৱা। গা টঙা = সুস্থ হৈ উঠা ইত্যাদি।
জতুৱা ঠাঁচৰ সৈতে খণ্ডবাক্য, প্রবাদ-প্রবচন, পটন্তৰ, ফকৰা-যোজনা আদি অভিধাবোৰো জড়িত হৈ থাকে৷ বহু সময়ত এইবোৰৰ মাজত পানী নসৰকা পার্থক্য বিচাৰি উলিওৱা কঠিন হৈ পৰে। তথাপি কিছু কিছু সুকীয়া বৈশিষ্ট্যই এইবোৰক স্বকীয় মর্যাদা প্রদান কৰে।
অসমীয়া ব্যকৰণ । Assamese Grammar:-
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Leave a comment