সমাস কাক বোলে? উদাহৰণ দি বুজাই লিখা।

HSLC-2007, 2009, 2012


What is Samas? Explain with example.

উত্তৰঃ-
পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ সগ লাগি এক পদ হোৱাকে সমাস বোলে।
কথা চুটি আৰু শ্ৰুতিমধুৰ কৰিবৰ কাৰণে সমাস ব্যৱহাৰ কৰা হয়।


বৰশী মৰা মাছ — ইয়াত ‘মাছ’ শব্দটোক বিশেষকৈ বুজোৱা বিশেষণ শব্দ ‘বৰশীমৰা’।
বৰশীৰে মাৰি অনা মাছ — এই অৰ্থত বৰশীমৰা শব্দটো গঢ়ি উঠিছে। গতিকে বৰশীমৰা
পদটো তৃতীয়া তৎপুৰুষ সমাস। ইয়াত ‘বৰশীৰে’ তৃতীয়া বিভক্তি লোপ পাই ‘মৰা’
কৃদন্ত পদৰ লগত যোগ হৈছে আৰু ‘মাৰ’ ধাতুত বিশ্লেষণাত্মক কৃদন্ত ‘আ’ যোগ হৈ
‘মৰা’ সম্ভৱ হৈছে। তেনেকৈ দিনে দিনে — প্ৰতিদিনে, ধৰ্মৰ অভাৱ-অধৰ্ম। 

সমাজ (Compuound Words)ৰ প্ৰকাৰ [Kinds of Samas]
সংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেচি হলেও সংস্কৃত শব্দৰ প্ৰচুৰ প্ৰয়োগ কৰা কাৰণে অসমীয়াত প্ৰধানকৈ ছয় বিধ সমাসৰ ব্যৱহাৰ হয়। যেনে—
(ক) দ্বন্দ্ব সমাস (খ) দ্বিগু সমাস (গ) বহুব্ৰীহি সমাস (ঘ) কৰ্মধাৰয় সমাস (ঙ) তত্‍পুৰুষ সমাস (চ) অব্যয়ীভাব সমাস

(1) দ্বন্দ্ব সমাস
দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাক দ্বন্দ্ব সমাস (Co-ordinate or Collective compounds) বোলে। যেনে—

(2) দ্বিগু সমাসঃ-
সংখ্যাবাচক শব্দৰ লগত অন্য শব্দৰ যি সমাস হয়, তাক দ্বিগু সমাস বোলে। ইয়াত
সংখ্যাবাচক শব্দটো সদায় আগত বহে। যেনেঃ- চাৰি আলি, চাৰালি (চাৰি আলি য’ত
লগ লাগিছে।
দোভাগ (দুই ভাগৰ সমাহাৰ)

(3) বহুব্ৰীহি সমাসঃ-
যি সমাসত সমস্ত-পদে ব্যস্ত-পদবিলাকৰ ব্যুত্‍পত্তিগত অৰ্থ নুবুজাই আন
বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। ব্রীহি মানে ধান ইয়াৰ অৰ্থ
বহুত ধান থকা। যেনেঃ- বীণাপানী- বীণ আছে পাণিত (হাতত) যাত তেওঁ – সৰস্বতী।
(4) কৰ্মধাৰয় সমাস
যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণৰূপে সম্বন্ধযুক্ত হয় তাকেই
কৰ্মধাৰয় সমাস বোলে। যেনেঃ-পিতল বৰণৰ যি চকু সি—পিতলচকু। ইয়াত ‘চকু’
বিশেষ্য পদৰ পিতল বিশেষণ ৰূপে ব্যৱহাৰ হৈছে।

(5) তত্‍পুৰুষ সমাস
যি সমাসত দুটা ব্যস্তপদৰ প্ৰথমটো প্ৰথমাৰ বাহিৰে অন্য বিভক্তিত থাকে আৰু
এই বিভক্তি লোপ হৈ সমাস হয় আৰু শেষ ব্যস্ত পদৰ পৰ্থ ই প্ৰধান হয়, তাকেই
তত্‍পুৰুষ সমাস বোলে। ‘তত্‍পুৰুষ’ শব্দৰ অৰ্থ হৈছে ‘তাৰ সম্পৰ্কীয় পুৰুষ’।
যেনে— সামীপ্য অৰ্থত—কূলৰ সমীপ অৰ্থত কূলৰ উপ-উপকূল, বনৰ সমীৰ—উপবন।

(6) অব্যয়ীভাব সমাস
অব্যয় শব্দ আগত বহি সামীপ্য, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্যতা আদি অৰ্থ
প্ৰকাশ কৰিলে যি সমাস হয়, তাক অব্যয়ীভাব সমাস বোলে। এই সমাসত অব্যয়ৰ অৰ্থ ই
প্ৰধান হয়। যেনে—

ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখা । HSLC name of Samas with sentence
HSLC—2020
পঞ্চাঙ্গুল, স্বায়ত্বশাসন
পঞ্চাঙ্গুল – পঞ্চ আঙুলিৰ সমাহাৰ (দ্বিত সমাজ)
স্বায়ত্বশাসন – স্বায়ত্ত যি শাসন (কৰ্মধাৰয়)


[HSLC—2019]
পঞ্চাঙ্গুল, যোগভ্ৰষ্ট, শতাব্দী
পঞ্চাঙ্গুল – পঞ্চ আঙুলিৰ সমাহাৰ (দ্বিত সমাজ)
যোগভ্ৰষ্ট – যোগৰ পৰা ভ্ৰষ্ট (তত্‍ পুৰুষ)
শতাব্দী – শত অব্দৰ সমাহাৰ (দ্বিত সমাজ)

[HSLC—2018]
ত্ৰিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক
ত্ৰিফলা – ত্ৰি বা তিনি ফলৰ সমাহাৰ। (দ্বিগু সমাস)
উৰাজাহাজ – উৰা যি জাহাজ সি। (কৰ্মধাৰয় সমাস)
মাটীকঁঠাল – কঁঠালৰ দৰে ফল মাটিত হয় বাবেই। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মৌচাক – মৌৰ চাক।(ষষ্ঠী তৎপুৰুষ সমাস)

[HSLC—2017]
দোমাহী, দেশান্তৰ, মহাপুৰুষ, উপবন
দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
দেশান্তৰ – অন্য দেশ (নিত্য অব্যয়ীভাৱ সমাপ্ত)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
উপবন – বনৰ সমীপ (অব্যয়ীভাৱ সমাস)

[HSLC—2016]
ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ
ত্ৰিফলা – ত্ৰি বা তিনি ফলৰসমাহাৰ (দ্বিগু সমাস)
শূলপাণি – শূল আছে পাণিত যাৰ। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
মহাপুৰুষ – মহান বা মহৎ পুৰুষ যি (ব্যতিহাৰ বহুব্ৰীহি সমাস)
সত্যাগ্ৰহ – সত্যত আগ্ৰহ। (সপ্তমী তৎপুৰুষ সমাস)

[HSLC—2015]
ৰাধাকৃষ্ণ, দোমাহী, চক্ৰপাণি, শুক্লপক্ষ
ৰাধাকৃষ্ণ – ৰাধা আৰু কৃষ্ণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
দোমাহী – দুই মাহৰ মাজৰ দিন। (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ। (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)
শুক্লপক্ষ – শুক্ল যি পক্ষ সি। (কৰ্মধাৰয় সমাস)

[HSLC—2014]
নৱৰত্ন, শূৰ্পণখা, চন্দ্ৰমুখ, গৃহস্থ
নৱৰত্ন – ন ৰত্নৰ সমাহাৰ (দ্বিগু সমাস)
শূৰ্পণখা – শূৰ্পৰ নিচিনা নখ যাৰ। (কৰ্মধাৰয় বহুব্ৰীহি সমাস)
চন্দ্ৰমুখ – চন্দ্ৰৰ তুল্য মুখ (কৰ্মধাৰয় সমাস)
গৃহস্থ – গৃহত থাকে যি (তৎপুৰুষ সমাস)

[HSLC—2013]
ৰামৰাৱণ, পীতাম্বৰ, হাতদীঘল, জলচৰ
ৰামৰাৱণ – ৰাম আৰু ৰাৱণ। (ইতৰেতৰ দ্বন্দ্ব সমাস)
পীতাম্বৰ – পীৰৰ অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
হাতদীঘল – দীঘল হাত যাৰ সি। (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
জলচৰ – জলত চৰে যি।(বহুব্ৰীহি সমাস)

[HSLC—2011]
দোমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ
দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
পীতাম্বৰ – পীত অম্বৰ পিন্ধে যি (কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস)
মাতৃভক্তি – মাতৃলৈ ভক্তি (তৎপুৰুষ সমাস)
আমৰণ – মৰণ পৰ্যন্ত (অব্যয়ীভাৱ সমাস)

[HSLC—2010]
দোমাহী, চক্ৰ পাণি
দোমাহী – দুই মাহৰ মাজৰ দিন (দ্বিগু সমাস)
চক্ৰপাণি – চক্ৰ আছে পাণিত যাৰ তেওঁ (ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস)

 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

Hindi Grammar :
         विपरीतार्थक या विलोम शब्द
English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE

 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending