ণত্ব বিধি-ষত্ব বিধি । HSLC Natya Bidhi-Sattya Bidhi

ণত্ব বিধি আৰু ষত্ব বিধি
ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য ‘ন’ই মূর্ধণ্য ‘ণ’ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলা হয়। ণত্ব বিধিৰ প্রধান নিয়মবোৰ হ’লঃ
ক) একেটা পদতে থকা আৰু ঋ, ৰ আৰু ষ-ৰ পাছত থকা দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয় যেনেঃ ঋণ, তৃণ, বৰষুণ, বর্ণ, কৃষ্ণ ইত্যাদি।
(খ)
একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’-ৰ মাজত স্বৰবর্গ ক-বৰ্গ বা প-বর্গ
বা প-বৰ্গৰ কোনো বর্ণ বা য, ব, হ আৰু অনুস্বাৰৰ ব্যৱধান থাকিলেও দন্ত্য
‘ন’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ কৃপণ, গ্রহণ। ৰুক্মিণী, পাষাণ ইত্যাদি।
(গ) ট-বর্গযুক্ত কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয়। যেনেঃ ঘণ্টা, অণ্ড, বিষণ্ণ, কণ্টক, পিণ্ড ইত্যাদি।
(ঘ)
উত্তৰ, দক্ষিণ, চান্দ্র, পৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ
দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়। যেনেঃ ৰামায়ণ, উত্তৰায়ণ, পৰায়ণ ইত্যাদি।
(ঙ) প্র, পূর্ব্ব, পৰ, অপৰ আদি শব্দৰ পাছত থকা ‘অহ্ন’ শব্দৰ দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয়। যেনেঃ প্ৰাহ্ন, পূর্ব্বাহ্ন ইত্যাদি।
(চ)
প্ৰ, পৰা, পৰি, নিৰ আদি উপসর্গৰ পাছত থকা নাম, নী আদি ন কাৰাদি ধাতুৰ
দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয়। যেনেঃ প্রণাম, প্রণয়, নির্ণয়, পৰিণাম
ইত্যাদি।
(ছ) ‘অক্ষ’ শব্দৰ পাছত থকা ‘ঊহিনী’ শব্দৰ দন্ত্য ‘ন’ আৰু
‘শূৰ্প’ শব্দৰ পাছত থকা নখ’ শব্দৰ দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয়। যেনেঃ
অক্ষৌহিণী, শূর্পণখা ইত্যাদি।
(জ) কিছুমান শব্দৰ স্বাভাৱিকতে মূর্ধণ্য
‘ণ’ হয়। যেনেঃ বাণিজ্য, বাণী, বীণা, কণিকা, গুণ, গণ, চাণক্য ইত্যাদি। তলত
কিছুমান শব্দত ‘ণ’ ব্যৱহাৰ হোৱাৰ কাৰণ উল্লেখ কৰা হ’লঃ-
কর্ণ = ‘ৰ’-ৰ পাছত থকা বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ন’ হৈছে।
বৰষুণ = স্বৰবৰ্ণ ‘উ’-ৰ ব্যৱধান থাকিলেও ‘ষ’ ৰ পাছত থকা বাবে ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
বিষণ্ণ = ট-বর্গৰ বৰ্ণ ‘ণ’ৰ লগত যুক্ত হোৱা বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
ৰামায়ণ = ‘ৰাম’ শব্দৰ পাছত থকা ‘অয়ন’ শব্দৰ দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
প্রণাম = প্ৰ-উপসৰ্গৰ পাছত হোৱা বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
শূর্পণখা = ‘শূর্প’ শব্দৰ পাছত থকা ‘নখা’ শব্দৰ বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
গুণ = স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে।
ঋণ = ‘ঋ’-ৰ পাছত থকা বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
কৃঞ্চ = ‘ষ’ বৰ্ণৰ সৈতে যুক্ত দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হৈছে।
নির্ণয় = ‘নিৰ’-উপসর্গৰ পাছত ন-কাৰাদি ধাতু থকা বাবে দন্ত্য ‘ন’, মূর্ধণ্য ‘ণ’ হয়।

ষত্ব বিধি : যি বিধি বা নিয়মমতে; দন্ত্য ‘স’ই মূর্ধণ্য ‘ষ’ৰ ৰূপ লয়, তেনে বিধিক যত্ব বিধি বোলে।

ষত্ব বিধিৰ প্ৰধান নিয়মবোৰ হ’ল,
(ক)
অ, আ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ ‘ক’ নাইবা ‘ৰ’ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য
‘স’, মূৰ্ধণ্য ‘ষ’ হয়। যেনে : ঋষি, শ্ৰীচৰণেষু, মুমুর্ষ, ভৱিষ্যৎ,
শুশ্রুষা ইত্যাদি।
(খ) ‘ট’-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়। যেনেঃ কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।
(গ)
ই-কাৰান্ত বা উ-কাৰান্ত উপসৰ্গৰ পাছত স্থা, সিধ, সিচ্‌, লস্‌, আদি ধাতুৰ
দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়। যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ,
অনুষ্ঠান, নিষাদ, অভিষেক আদি।
(ঘ) ভূমি, গো, অংগু, দিবি শব্দৰ পাছত থকা
‘স্থা’ শব্দৰ দন্ত্য ‘স’ আৰু ‘যুধি’ শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত্য
‘স’, মূর্ধণ্য ‘ষ’ হয়। যেনেঃ ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ, দিবিষ্ট
ইত্যাদি।
(ঙ) সু আৰু বি উপসৰ্গৰ পাছত থকা ‘সম’ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়। যেনেঃ সুষম, বিষম ইত্যাদি।
(চ) প্রত্যয় যোগ হ’লে ‘হবিস্‌’ আৰু ‘চাক্ষুস্‌’ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়। যেনেঃ হবিষ্য, চাক্ষুষ ইত্যাদি।
(ছ) কিছুমান শব্দত স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হয়। যেনেঃ ভাষা, বর্ষা, হৰ্ষ, দোষ, বিশেষ্য, ঘর্ষণ, কৃষক ইত্যাদি।

তলত কিছুমান শব্দত ‘ষ’ ব্যৱহাৰ হোৱাৰ কাৰণ উল্লেখ কৰা হ’লঃ
1. শুশ্রুষা = উ-স্বৰবৰ্ণৰ পাছত থকা বাবে মূর্ধণ্য ‘ষ’ হৈছে।
2. ওষ্ঠ = ট-বৰ্গৰ বৰ্ণ ‘ঠ’ৰ লগত যুক্ত হোৱা বাবে দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
3. প্রতিষ্ঠা = ই-কাৰান্ত উপসৰ্গৰ লগত ‘স্থা’ ধাতু থকা বাবে দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
4. ভূমিষ্ঠ = ‘ভূমি’ শব্দৰ পাছত থকা ‘স্থ’ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
5. চাক্ষুষ = চাক্ষুস্‌ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হয়।
6. বিষম = বি-উপসৰ্গৰ পাছত থকা ‘সম’ শব্দৰ বাবে দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
7. বিশেষ্য = স্বাভাৱিকতে মূর্ধণ্য ‘ষ’ হৈছে।
8. পৰিষ্কাৰ = ই-স্বৰবৰ্ণৰ পাছত থকা বাবে ‘ষ’ হৈছে।
9. বৰষুণ = ‘ৰ’ ৰ পাছত থকা বাবে দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
10. পুৰুষ = ‘ৰ’ আৰু ‘স’ৰ মাজত স্বৰবৰ্ণ উ-ৰ ব্যৱধান থাকিলেও ‘ৰ’-বৰ্ণ পাছত থকা দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
11. চেষ্টা = ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হোৱা বাবে দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।
12. নিষ্ঠুৰ = নি-উপসৰ্গৰ পাছত থকা ‘স্থ’ শব্দৰ দন্ত্য ‘স’, মূর্ধণ্য ‘ষ’ হৈছে।

13. বিভূষিত = ‘ঊ’-স্বৰবৰ্ণৰ পাছত থকা বাবে ‘ষ’ হৈছে।

 

অসমীয়া ব্যকৰণ । Assamese Grammar:-

Hindi Grammar :
         विपरीतार्थक या विलोम शब्द
English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE

 

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment

Trending