বাক্য পৰিবৰ্তন । HSLC Change Sentence
সৰল বাক্যলৈ নিয়াঃ-
১। মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে। [HSLC-2005]
উত্তৰঃ- মই পঢ়া সময়ত সি খেলে।
২। ল’ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ’ল। [HSLC-2008]
উত্তৰঃ- ল’ৰাটোৱে ভাত খাই স্কুললৈ গ’ল।
৩। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে। [HSLC-2008]
উত্তৰঃ- আমি পঢ়াৰ সময়ত সি খেলে।
৪। যিজন লোক অকৃতজ্ঞ, তেওঁক কোনেও ভাল নাপায়। [HSLC-2009, 2015]
উত্তৰঃ- অকৃতজ্ঞ লোকক কোনেও ভাল নাপায়।
৫। মই যেতিয়া খাওঁ, তাই তেতিয়া আহে। [HSLC-2010]
উত্তৰঃ- মই খোৱা সময়ত তাই আহে।
৬। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়। [HSLC-2011]
উত্তৰঃ- পানী গোট মাৰিলে বৰফ হয়।
৭। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষা বৃথা। [HSLC-2012]
উত্তৰঃ- শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা বৃথা।
৮। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন বৃথা। [HSLC-2013]
উত্তৰঃ- দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।
৯। যি সকলে ব্যাকৰণ মনপুতি পঢ়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে। [HSLC-2016]
উত্তৰঃ- ব্যাকৰণ মনপুতি পঢ়াজনে ভাষাটো ভালকৈ জানে।
১০। যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো স্থান নাপায়। [HSLC-2017]
উত্তৰঃ- অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।
১১। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। [HSLC-2018]
উত্তৰঃ- পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা।
যৌগিক বাক্যলৈ নিয়াঃ-
১। ল’ৰাটো ভাত খাই স্কুললৈ গ’ল। [HSLC-2003]
উত্তৰঃ- ল’ৰাটো ভাত খালে আৰু স্কুললৈ গ’ল।
২। সি কামটো কৰি লৰালৰিকৈ গুচি গ’ল। [HSLC-2004]
উত্তৰঃ- সি কামটো কৰিলে আৰু লৰালৰিকৈ গুচি গ’ল।
৩। ল’ৰা জন দুখীয়া হ’লেও সৎ। [HSLC-2006]
উত্তৰঃ- ল’ৰা জন দুখীয়া, কিন্তু সৎ।
৪। তেওঁ বুঢ়া হ’লেও গাত শক্তি আছে। [HSLC-2010]
উত্তৰঃ- তেওঁ বুঢ়া, তথাপি গাত শক্তি আছে।
মিশ্ৰ বাক্যলৈ নিয়াঃ-
১। কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। [HSLC-2009]
উত্তৰঃ- যেতিয়া কিতাপ পঢ়া, তেতিয়া হাইউৰুমি নকৰিবা।
২। বুঢ়া মানুহজন দোকানলৈ আহিছিল। তেওঁ এডাল লাখুটি কিনিছিল। [HSLC-2014]
উত্তৰঃ- বুঢ়া মানুহজন দোকানলৈ আহি এডাল লাখুটি কিনিছিল।
জটিল বাক্যলৈ নিয়াঃ-
১। অকৃতজ্ঞ লোকে ক’তো আসন নাপায়। [HSLC-2012]
উত্তৰঃ- যি জন লোক অকৃতজ্ঞ, তেওঁ ক’তো আসন নাপায়।
২। অসাধু লোকক কোনেও সন্মান নকৰে। [HSLC-2013]
উত্তৰঃ- যিজন লোক অসাধু, তেওঁক কোনেও সন্মান নকৰে।
অসমীয়া ব্যকৰণ । Assamese Grammar:-
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment