যতি চিহ্ন ব্যৱহাৰ – Uses of punctuation in Assamese
1. ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গল। [HSLC-2003]
উত্তৰঃ- ৰমেশ, বীৰেন আৰু কনক বজাৰলৈ গ’ল।
2. তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ। [HSLC-2004]
উত্তৰঃ- তুমি অংকটো কৰিব নোৱাৰিলা; ময়ো নোৱাৰিলো।
3. ৰামে কৈছিল মই স্কুললৈ যাম। [HSLC-2005]
উত্তৰঃ- ৰামে কৈছিল, “মই স্কুললৈ যাম।”
4. শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। [HSLC-2006]
উত্তৰঃ- শিক্ষকে কৈছিল, “পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে।”
5. শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2007]
উত্তৰঃ- শিক্ষকে সুধিলে, “মধুৰাম, তুমি কালি স্কুললৈ কিয় নাহিলা?”
6. শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা। [HSLC-2011]
উত্তৰঃ- শিক্ষকে সুধিলে, “তুমি কালি স্কুললৈ কিয় নাহিলা?”
7. হে ভগৱান দয়া কৰা। [HSLC-2012]
উত্তৰঃ- হে ভগৱান! দয়া কৰা।
8. মই কিন্ত নৰওঁ এতিয়াই যামগৈ। [HSLC-2013]
উত্তৰঃ- মই কিন্ত নৰওঁ, এতিয়াই যামগৈ।
9. হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2013]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।
10. ৰীণাই কলে আজি স্কুল বন্ধনে? [HSLC-2015]
উত্তৰঃ- ৰীণাই কলে, “আজি স্কুল বন্ধনে?”
11. দেউতাই বজাৰৰ পৰা প্ৰায়ে আম আপেল আনাৰস তিঁয়হ কিনি আনে। [HSLC-2016]
উত্তৰঃ-দেউতাই বজাৰৰ পৰা প্ৰায়ে আম, আপেল, আনাৰস, তিঁয়হ কিনি আনে।
12. প্ৰণবে ক’লে আজি স্কুল খোলা আছেনে? [HSLC-2017]
উত্তৰঃ-প্ৰণবে ক’লে, “আজি স্কুল খোলা আছেনে?”
13. হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। [HSLC-2018]
উত্তৰঃ- হে ভগৱান, মই বিপদত পৰিছো; মোক ৰক্ষা কৰা।
14. তেওঁ ক’লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান। [HSLC-2019]
উত্তৰঃ- তেওঁ ক’লে, “মনত ৰাখিবা, তুমি অসমৰ বীৰ সন্তান।”
অসমীয়া ব্যকৰণ । Assamese Grammar:-
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment