গুণীজনৰ বাণী । Quotation of great man in Assamese

1. মৰিবা, কিন্তু নামাৰিবা।

—মহাত্মা গান্ধী

2. নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা।

—মহাত্মা গান্ধী


3. মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে,

                        সিমান ভাবিবলৈ শিকে।
—জৱাহৰলাল নেহৰু



4. অতি সাধু হোৱা বিপদজনক।
—বার্নাড শ্ব’।


5. ভগৱান যদি মুছলমানৰ মছজিদত ৰ’ল নাইবা হিন্দুৰ মন্দিৰতেই ৰ’লৈ। তেন্তে বাহিৰৰ এই মহা বিশ্বত কোন থাকিব?”
—কবিৰ।

6. আপোনালোকে মাতৃভূমিৰ প্ৰগতিৰ হকে পৰিশ্ৰম কৰিব লাগিব। মাতৃভূমিৰ মন প্রফুল্লিত ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব।
—শ্রীঅৰবিন্দ। 

7. স্বাধীনতা আমাৰ জন্মগত অধিকাৰ।
— বাল গংগাধৰ তিলক।

8. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।
—মহাত্মা গান্ধী।

9. মই নিজেই শিক্ষার্থী, স্বার্থ সিদ্ধিৰ কাৰণে কৰিবলগীয়া মোৰ একো নাই। মই যেতিয়াই সত্যৰ সন্ধান পাওঁ, তাক তেতিয়াই গ্ৰহণ কৰো আৰ। সেইদৰে কাম আৰম্ভ কৰো।
— মহাত্মা গান্ধীজী।

10. চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দোষ কুটিবোৰ লুকাই ৰখা জনহে প্ৰকৃতাৰ্থত অন্ধ।
— মহাত্মাগান্ধী। 

11. পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা।
— যীশুখ্রীষ্ট।

12. ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।
—চক্রেটিছ। 

13. জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্রয়ােজন।”
—আব্রাহাম লিংকন।

14. ঘৰ সাজিবলৈ ওখ ভেটি কৰি ল’ব লাগে। সেইদৰে কথা প্রকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰি লোৱা উচিত।
—ইভান বুনিন।

15. আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপো সৰু নহয়। কর্তব্যৰ ধৰণ দেখি নহয়, কর্তব্য সাধুনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে।
—স্বামী বিবেকানন্দ। 

16. এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ।
— টিৰুক কুৰাল। 

17. বিদ্ৰোহৰ বাবে সংখ্যা গৰিষ্ঠ নালাগে, লাগে মাথো কেইজনমান দৃঢ়চিতিয়া নায়ক আৰু এটা উপযুক্ত কাৰণ।”
 —এ. এন. মেক্লোন। 

18. কিছুমান কিতাপৰ সােৱাদ ল’ব লাগে আৰু কিছুমান লাগে চোবাব আৰু হজম কৰিব”।।
— বেকন।

19. শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে।”
—এৰিষ্ট’টল। 

20. উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকেই লাভ কৰে তেনে নহয় সৰস্বতীকো লাভ কৰে।
—ৰবীন্দ্র নাথ ঠাকুৰ।

21. গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শান্তি দাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফলদাতা।
—জৱাহৰলাল নেহেৰু। 

22. জীৱনটোত যদি ঘাট প্রতিঘাটেই নাথাকে তন্তে সেইটো জীৱনেই হ’ব নোৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাঙ্খাৰ প্রেৰণাই হৈছে জীৱনৰ অঙ্গ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকাই।
—জৱাহৰলাল নেহেৰু।

23. ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে।
—জৱাহৰলাল নেহেৰু

24. আমি বিশেষ কোনো জাতি ধর্ম বা আদর্শবাদৰ সপক্ষে নহওঁ, মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য। 
—ডাঃ ৰাধাকৃষ্ণন। 

25. বিশ্বাসে আনন্দ দিয়ে, প্রেমেৰে যৌৱন বয়সে নকৰে বুঢ়া, পাপেহে উছন।
—বেজবৰুৱা। 

26. মিছাৰ সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু মিছা পৰিহাৰ কৰি। বিপদৰ সম্মুখীন হ’লে অসীম আনন্দ পোৱা যায়।
—এডৱার্ড মণ্টেগু।

27. শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি।
—চক্ৰেটিছ।
 
28. মোৰ পিতৃয়ে মোক মানুহ হ’বলৈ শিকাইছিল। তেওঁ মোক শিকাইছিল যে আচল মানুহে আনৰ পৰা লোৱাতকৈ আনক দিবলৈহে বেছি ভাল পায়। তেওঁ শক্তি প্ৰয়োগ নকৰে, তেওঁ প্ৰয়োগ কৰে যুক্তি। তেওঁ আনৰ কাৰণে সমস্যাৰ সৃষ্টি নকৰে। তেওঁ সমস্যাৰ সমাধানহে কৰে।
—কেভিন স্মিথ 

29. আমি যাক প্ৰেমৰ যোগ্য বুলি ভাবো তাক আমি স্বাকীৰ কৰোঁ।
—ষ্টিফেন চবস্কি

30. অতিৰিক্ত পৰিশ্ৰমে আত্মবিশ্বাসৰ অভাৱ দূৰ কৰিব পাৰে।
—ছোনিয়া ছট’মায়ৰ

31. আনে কথা কৈ থাকোঁতে টোপনি নাযাবা। আনে থিয় হৈ থাকোঁতে তুমি নিজে বহি নাথাকিবা। যি সময়ত তুমি নীৰৱ হৈ থকা উচিত সেই সময়ত তুমি মুখ নেমেলিবা।
— জৰ্জ ৱাশ্বিংটন

32. কামত নলগা বুদ্ধি বা প্ৰতিভা এটা মানসিক ৰোগৰ বাহিৰে আন একো নহয়।
— ৰবাৰ্ট বাৰ্টন

33. শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলাফল বৰ সোৱাদ।
— এৰিষ্ট’টল

34. যি জাতিৰ সাহিত্য নাই, সেই জাতি জীয়াই থাঁকোতেও মৰাৰ দৰে হয়।
— হেমচন্দ্ৰ গোস্বামী

35. সেইজনলৈ ভয় কৰিবা, যিজনে ঈশ্বৰত ভয় নকৰে।
— আব্দুল কাদেৰ

36. নিজৰ ভুল সংশোধন কৰা, ভুলটো স্থায়ী কৰিবলৈ অভিনয় নকৰিবা।
— উইলিয়াম স্বেইক্সপীয়েৰ

37. অকল প্ৰতিভাই নহয়, চৰিত্ৰৰ সহায়তহে মানুহ মহত্ত্বৰ শাৰীলৈ উঠে।
— ছক্ৰেটিছ

38. ভুলকৈ বহু বুজাতকৈ শুদ্ধকৈ অলপমান বুজাটোৱে ভাল।
—আনাতোল ফ্ৰাঁ

39. আপুনি কৰি থকা কামটোক ভাল নোপোৱালৈকে আপুনি কেতিয়াও সফল হ’ব নোৱাৰে।
— ডেল কাৰ্নেগী

40. সমস্যা হ’ল নিজকে উত্তৰণৰ শীৰ্ষত উপস্থিত কৰোৱাৰ সৰ্বোত্তম উপায়।
— ডিউক এলিঙটন

41. নিৰক্ষৰতা মানে জ্ঞানহীনতা নহয়।
— ৰবীন্দ্ৰ নাথ ঠাকুৰ

42. যদি আপুনি সঁচাকৈয়ে প্ৰকৃতিক ভাল পায় তেনেহ’লে আপুনি সকলো ঠাইতে সৌন্দৰ্য দেখিব।
— ল’ৰা ইংগলছ ৱাইণ্ডাৰ

43. দুজন মানুহে কথা পাতি থাকোঁতে তৃতীয় মানুহজনে তেওঁলোকৰ কথা শুনি থাকিব পাৰে; কিন্তু তিনিজন মানুহৰ মাজত কোনো ধৰণৰ গভীৰ আৰু অৰ্থৱহ কথা-বাৰ্তা সম্ভৱ নহয়।
— এমাৰছন

44. মূলতঃ তুমি যি হ’ব লাগে, সেয়া হ’বলৈ তুমি নিজৰ উচ্চাকাংক্ষা দমন কৰিব লাগিব।
— বব ডিলান

45. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি।
—প্লেটো

46. শিকিবলৈ ইচ্ছা নকৰাটো যিমান লাজৰ কথা, নজনাটো সিমান নহয়।
— বেঞ্জামিন ফ্লেংকলিন

47. কুসংস্কাৰেই হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা।
— ড. এছ. ৰাধাকৃষ্ণন

48. শিক্ষা নহয়, চৰিত্ৰহে মানুহৰ আটাইতকৈ প্ৰয়োজনীয় আৰু ৰক্ষাকৰ্তা।
— হাৰ্বাৰ্ট স্পেঞ্চাৰ

49. যি মানুহে কাম কৰি থাকে আৰু কেতিয়াও কোনো কথাতে বিৰক্ত নহয়, তেওঁ কেতিয়াও বুঢ়া নহয়।
— পাবলো কেছেলছ

50. মতামত হৈছে জ্ঞান আৰু অজ্ঞতাৰ মাজৰ মাধ্যম।
—প্লেটো


51. লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম।
— মহাত্মা গান্ধী

52. ব্ৰহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান।
— গুৰুনানক

53. তুমি ঈশ্বৰক ভাল পাব খোজানে? তেনেহ’লে প্ৰথমে মানুহক ভালপোৱা।
— হজৰত মহম্মদ

54. সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে।
— কনফুচিয়াচ

55. জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন।
— আব্ৰাহাম লিংকন


56. ভূল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।
— চক্ৰেটিছ

57. যেতিয়াই পাৰা হাঁহিবা। কাৰণ ই সবাতোকৈ সস্তীয়া ঔষধ।
—লৰ্ড বাইৰন

58. বন্দৰত থকা এখন জাহাজ সুৰক্ষিত, কিন্তু বন্দৰত ৰাখিব কাৰণে জাহাজখন নিৰ্মাণ কৰা নহয়।
—জন এ. শ্বেড

59. সুখৰ ৰহস্য হৈছে স্বাধীনতা, আৰু স্বাধীনতাৰ ৰহস্য হৈছে সাহস।
—কেৰী জোনছ

60. আপুনি খোজকাঢ়ি থকা ৰাস্তাটো যদি ভাল নাপায়, তেন্তে আন এটা পথ বনোৱা আৰম্ভ কৰক।
—ডলি পাৰ্টন

61. আপুনি কি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আপুনি কি সৃষ্টি কৰিব পাৰে তাত শক্তি প্ৰয়োগ কৰক।
—ৰয় টি বেনেট

62. জীৱনত আটাইতকৈ দুৰ্লভ বস্তু হ’ল মনৰ মানুহ। বন্ধু অনেক আহে মানুহৰ জীৱনলৈ কিন্তু সুখে-দুখে সেইগৰাকীহে প্ৰকৃত বন্ধু-যিয়ে বন্ধুৰ মনে পোষণ কৰা আকাংক্ষা-অনুসদ্ধিত্‍সাৰ মনোমত সম্ভেদ দিব পাৰে।
—মোদিনী চৌধুৰী।


63. এইখন পৃথীৱীৰ এচুকত নীৰৱে তোমাৰ কাৰণে চকুলো টোকা মানুহ আছে-জীৱনৰ সাৰ্থকতা, জীৱনৰ সৌন্দৰ্য ঠিক সেইখিনিতে।
—মামণি ৰয়ছম গোস্বামী

64. নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ সামৰ্থ্য ওপৰত বিস্বাস ৰাখক। আপোনাৰ নিজৰ ক্ষমতাৰ ওপৰত বিনয়ী, কিন্তু যুক্তিসংগত আস্থা অবিহনে আপুনি সফল বা সুখী হ’ব নোৱাৰে।
—নৰ্মান ভিনছেন্ট পিল

65. যেতিয়াই পৰা হাঁহিবা। কাৰণ ই সবাতোকৈ সস্তীয়া ঔষধ
—লৰ্ড বাইৰন

66. শীতকালৰ আবেলিবোৰত পোহৰবোৰে এনে এটা বিশেষ ভাজ লয় যে গিৰ্জাত বাজি থকা এটা বিশেষ সংগীতৰ দৰে সি আমাক বিষাদেৰে ভাৰাক্ৰান্ত কৰি তোলে।
—এমিলি ডিকিন্সন

67. মই কথা কোৱা চৰাই মাত্ৰ এবিধৰ নাম জানো- ভাটৌ। এই কথা সকলোৱেই জানে যে ভাটৌৱে খুব ওপৰলৈ উৰি নোৱাৰে।
—উইলবাৰ ৰাইট

68. কঠোৰ পৰিশ্ৰম, প্ৰবল ইচ্ছাশক্তি আৰু সমৰ্পিত মনোভাব যাৰ আছে, তেওঁৰ বাবে আকাশেই সীমা।
—মিলখা সিং
    
69. যি অলপ কথাতে সন্তুষ্ট হয়, তেৱেই আটাইতকৈ বেছি আনন্দ উপভোগ কৰিব পাৰে।
—ডব্লিউ চেকাৰ

70. জীৱনৰ শিকনি অবিহনে কিতাপবোৰ অসাৰ হৈ পৰে।
—ছেমুৱেল জনছন

71. চিন্তা নকৰাকৈ শিকিবলৈ খোজাটো বৃথা পৰিশ্ৰম। আনহাতে একো নিশিকাকৈ চিন্তা কৰাটো মাৰাত্মক।
—কনফুচিয়াছ

72. তোমাৰ চিন্তাৰ ওপৰত চকু ৰাখিবা, সিহঁত শব্দ হ’ব। শব্দৰ ওপৰত চকু ৰাখিবা, সিহঁত কাম হ’ব। তোমাৰ কামৰ ওপৰত চকু ৰাখিবা, সিহঁত অভ্যাস হ’ব। অভ্যাসৰ ওপৰত চকু ৰাখিবা, সিহঁত চৰিত্ৰ হ’ব। চৰিত্ৰৰ ওপৰত চকু ৰাখিবা, সিহঁত হ’ব তোমাৰ নিয়তি।
—ফ্ৰেংক আউটল

73. ভূলবোৰ পাহৰি যোৱা, বিফলতাক পাহৰি যোৱা। সকলো পাহৰি মাত্ৰ এটা কথা মনত ৰাখিবা যে বৰ্তমানত তুমি কি কৰিব বিচাৰা; আৰু তত্‍ক্ষণাত্‍ তাক কৰি পেলোৱা। আজি তোমাৰ বাবে সৌভাগ্যৰ দিন।
—উইল ডুৰাণ্ট

74. খাবৰ বাবে, পিন্ধিবৰ বাবে, মূৰ গুঁজিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কলা-কৃষ্টিৰ জগত, সেয়াও সংগ্ৰামৰে ক্ষেত্ৰ। তাৰ জৰিয়তেও গণজাগৰণ আনিব পাৰি। বিপ্লৱৰ এক হাতিয়াৰ হ’ল মানুহ।  
—বিষ্ণপ্ৰসাদ ৰাভা।

75. তুমি এই কথা কেতিয়াও কব নোৱাৰা যে মানুহৰ সভ্যতা ক্ৰমান্বয়ে বিকশিত হৈ থকা নাই, সভ্যতা য়ে বিকাশ হৈছে তাৰ সকলোতকৈ ডাঙৰ প্ৰমাণ এইটোৱেই যে নতুনকৈ হোৱা প্ৰতিখন যুদ্ধতেই নৰহত্যা কৰিবলৈ মানুহে নতুন নতুন অস্ত্ৰ প্ৰয়োগ কৰে।       
—উইল ৰ’জাৰ্ছ

76. বীৰ হ’ল সেইজন ব্যক্তি, যিজনে তেওঁৰ স্বাধীনতাৰ লগতে লাভ কৰা জায়িত্ববোৰো বুজি পায়।
—বব ডিলান

77. যেতিয়া আমি আনৰ মাজত ভাল দেখিবলৈ পাওঁ তেতিয়া জীৱন বৰ সহজ আৰু সুন্দৰ হৈ পৰে।
—ৰয় টি বেনেৰ্ট

78. মানুহৰ অভিজ্ঞতাৰ বহুতো গুৰুত্বপূৰ্ণ অংশ বিজ্ঞানৰ সীমাৰ ভিতৰত থাকি ব্যাখ্যা কৰিব নোৱাৰি। সত্‍ আৰু অসত্‍, কৰুণা, আনন্দৰ উল্লাস, ট্ৰেজেডী, ৰসবোধ, ঘৃণা, প্ৰেম, বিশ্বাস, সভ্ৰম, অপমান— এইবোৰৰ কোনো এটা কথাকে বিজ্ঞানে ব্যাখ্যা কৰিব নোৱাৰে। বিজ্ঞানে ব্যাখ্যা কৰিব নোৱৰা আন দুটা কথা হ’ল সুখৰ ধাৰণা আৰু জীৱনৰ গুণগত মান।
—ভিক্টৰ এফ ৱেইচ্ছকস (আমেৰিকান পদাৰ্থ বিজ্ঞানী)

79. জীৱন সুন্দৰ আৰু সহজ হৈ পৰে তেতিয়াই, যেতিয়া আমি আনৰ মাজতো ভালবোৰ দেখিবলৈ আৰম্ভ কৰোঁ।
—ৰয় টি বেনেট।

80. জীৱনটো সঁচাকৈয়ে সৰল, কিন্তু আমি ইয়াক জটিল কৰি তুলিবলৈ চেষ্টা কৰোঁ।
—কনফুচিয়াছ

81. নিজকে উত্-সাহিত কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজকে ভাল পাওক। কিন্তু নিজক কেতিয়াও সন্দেহ নকৰিব।
—ষ্টিফেনি লাইৰ্ট

82. এজন বন্ধুক ক্ষমা কৰাতকৈ এজন শত্ৰুক ক্ষমা কৰাটো সহজ।
—উইলিয়াম ব্লেক

83. বিচ্ছেদৰ মুহূৰ্ততহে আমি প্ৰেমৰ গভীৰতা আটাইতকৈ তীব্ৰভাৱে অনুভৱ কৰোঁ।
—জৰ্জ এলিয়চ

84. কোনবোৰ মানুহ এজন মানুহৰ বন্ধু, কেৱল সেই কথাৰ দ্বাৰা তেওঁৰ চৰিত্ৰ বিচাৰ কৰিব নোৱাৰি। তেওঁ চৰিত্ৰৰ শুদ্ধ বিচাৰ কৰিবলৈ কোনবোৰ মানুহ তেওঁৰ শত্ৰু, সেই কথা জনা উচিত।
—যোছেফ কনৰাড

85. কেৱল আনৰ বাবে জীয়াই থকা জীৱনটো এক সাৰ্থক জীৱন।
—এলবাৰ্ট আইনষ্টাইন

86. যেতিয়া প্ৰতিভাই কঠোৰ পৰিশ্ৰম কৰে, তেতিয়া কঠোৰ পৰিশ্ৰমে প্ৰতিভাক হেৰুৱায়।
—টিম নটকে

87. প্ৰত্যেক মানুহে প্ৰতিদিনে এটা গান শুনা উচিত, এখন ছবি চোৱা উচিত, এটা কবিতা পঢ়া উচিত। তদুপৰি তেওঁ প্ৰতিদিনেই অন্ততঃ কেইআষাৰমান যুক্তিপূৰ্ণ কথা কোৱা উচিত।
—গ্যেটে।

88. চৰিত্ৰ হ’ল এজোপা গছৰ ছাঁ, জ্ঞান হ’ল প্ৰকৃত গছজোপা। ছাঁ লৰচৰ হয়, কিন্তু গছজোপা একে ঠাইতে থাকে।
—মহাত্মা গান্ধী

89. জীৱন কেৱল এবাৰেই। যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰে, এবাৰেই যথেষ্ট।
—মে ৱেষ্ট


90. মানুহক সমগ্ৰ বিশ্ব সৃষ্টিৰ পৰম ৰহস্যময় আৰু অদ্বিতীয় জীৱত পৰিণত কৰিছে একমাত্ৰ স্মৃতিয়ে।
হোমেন বৰগোহাঞি

Leave a comment

Trending