সন্ধি ভাঙা আৰু পাতা । HSLC Sandhi Bhangya aru Pata
সন্ধি হ’ল দুটা শব্দ জোৰা লগোৱা এটা উপায়। অৰ্থাত্ দুটা শব্দৰ প্ৰথমটো শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হ’লে তাক সন্ধি বুলি কোৱা হয়। যেনে- শুভেচ্ছা = শুভ + ইচ্ছা। সন্ধি তিনিবিধ। যেনে- (ক) ব্যঞ্জন সন্ধি, (খ) স্বৰ সন্ধি আৰু (গ) বিসৰ্গ সন্ধি
(ক) ব্যঞ্জন সন্ধি:-ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে ব্যঞ্জন সন্ধি বোলে। উদাহৰণঃ-
উচ্ছেদ : উত্ + ছেদ (ব্যঞ্জন+ব্যঞ্জন)
সংস্কৃত : সম্ + কৃত (ব্যঞ্জন+ব্যঞ্জন)
দিগন্ত : দিক্ + অন্ত (ব্যঞ্জন+স্বৰ) HSLC-2021 (Spl.)
তদুপৰি : তত্ + উপৰি (ব্যঞ্জন+স্বৰ)
(খ) স্বৰ সন্ধি:-স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বোলে। উদাহৰণঃ-
নীলাচল : নীল + অচল (স্বৰ+স্বৰ)
প্ৰত্যেক : প্ৰতি + এক (স্বৰ+স্বৰ)
(গ) বিসৰ্গ সন্ধি:-ব্যঞ্জনবৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গ(:)ৰ সন্ধি হ’লে তাকে বিসৰ্গ সন্ধি বোলে। উদাহৰণঃ-
নমস্কাৰ : নমঃ + কাৰ (বিসৰ্গ+ব্যঞ্জন)
নিষ্ঠুৰ : নিঃ + ঠুৰ (বিসৰ্গ+ব্যঞ্জন)
দুৰৱস্থা : দুঃ + অৱস্থা (বিসৰ্গ+স্বৰ)
নিৰাকাৰ : নিঃ + আকাৰ (বিসৰ্গ+স্বৰ)
সন্ধি ভাঙা । Sandhi Bhanga
HSLC-2022
উমা + আনন্দ = উমানন্দ
মহা + উত্সৱ = মহোত্সৱ
সমন্বয় = সম্+অন্বয়
HSLC-2021 (Spl.)
দিগন্ত : দিক্ + অন্ত
উল্লাস : উত্ + লাস
মনোযোগ : মনঃ + যোগ
HS-2020
শীতার্ত : শীত + ঋত
হিতৈষী : হিত + এষি
HSLC-2019
হিমালয় : হিম্ + আলয়
ষড়ানন : ষড় + আনন
সঞ্চয় : সম্ + চয়
HSLC-2018
সূৰ্যোদয় : সূৰ্য + উদয়।
যথেষ্ট : যথা + ইষ্ট।
অন্বেষণ : অনু + এষণ।
ভাবুক : ভৌ + উক।
HSLC-2017
ইত্যাদি : ইতি + আদি।
হোমাগ্নি : হোম + অগ্নি।
সংস্কৃত : সম্ + কৃত।
যদ্যপি : যদি + অপি।
HSLC-2016
বিদ্যালয় : বিদ্যা + আলয়।
চন্দ্ৰোদয় : চন্দ্ৰ + উদয়।
যদ্যাপি : যদি + অপি।
নমস্কাৰ : নমঃ + কাৰ।
HSLC-2015
উচ্ছল : উৎ + ছল।
কটুক্তি : কটু + উক্তি।
ইত্যাদি : ইতি + আদি।
নিশ্চয় : নিঃ+চয়।
HSLC-2014
যথাৰ্থ : যথা + অৰ্থ।
নমস্কাৰ : নমঃ + কাৰ।
ৰাজৰ্ষি : ৰাজ + ঋষি।
বিদ্যালয় : বিদ্যা + আলয়।
HSLC-2013
হিমাচল : হিম + আচল।
গিৰীন্দ্ৰ : গিৰি + ইন্দ্ৰ।
যথেষ্ট : যথা + ইষ্ট।
উচ্ছেদ : উৎ + ছেদ।
HSLC-2012
পৰীক্ষা : পৰি + ঈক্ষা।
হিতাহিত : হিত + অহিত।
নাৱিক: নৌ + ইক।
হিমালয় : হিম + আলয়।
HSLC-2011
যথাৰ্থ : যথা + অৰ্থ।
ইত্যাদি : ইতি + আদি।
নীৰৱ : নিঃ+ ৰৱ।
দেৱৰ্ষি : দেৱ + ঋষি।
HSLC-2010
সংস্কৃত : সম্ + কৃত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
HSLC-2009
সন্ধি কাক বোলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ- নিচেই ওচৰা – উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষাক্ষৰ আৰু দ্বিতীয়টোৰ আদ্যক্ষৰৰ পাৰস্পৰিক প্ৰভাৱৰ ফলত যি মিলন ঘটে তাকেই সন্ধি বোলা হয়।
“পৰম” আৰু “অমৃত” এই দুটা শব্দ সন্ধি হৈ “পৰমামৃত” হৈছে। “পৰম” শব্দটোৰ “অ” আৰু “মৃত” শব্দৰ “অ” মিলি “আ” হৈছে। ফলত নতুন শব্দটো হৈছে “পৰমামৃত”।
HSLC-2008
হিতাহিত : হিত + অহিত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
Some additional Sandhi Bhanga in Assamese
গৱেষণাগাৰ = গৱেষণা + আগাৰ
গণেশ = গণ + ঈশ
শকাব্দ = শক + অব্দ (অ + অ)
অৰূণোদয় = অৰূণ+উদয়
(ক) ব্যঞ্জন সন্ধি:-স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বোলে। উদাহৰণঃ-
(i)
দিগন্ত : দিক্ + অন্ত
ণিজন্ত : ণিচ্ + অন্ত
বাগীশ : বাক্ + ঈশ
সদুপদেশ : সত্ + উপদেশ
উদ্গতি : উত্ + গতি
উদ্ধত : উত্ + হত
তদুপৰি : উত্ + উপৰি
ষড়ানন : ষট্ + আনন
উদ্যম : উত্ + যম
উদ্ধাৰ : উত্ + হাৰ
উন্নতি : উত্ + নতি
কৃদন্ত : কৃত্ + অন্ত
আকৃষ্ট : আকৃষ্ + ত
দিগ্গজ : দিক্ + গজ
সদাশয় : সত্ + আশয়
উদ্যাপন : উত্ + যাপন
উদ্ঘাটন : উত্ + ঘাটন
তদ্ধিত : তত্ + হিত
জগদীশ : জগত্ + ঈশ
(ii)
সচ্চৰিত্ৰ : সত্ + চৰিত্ৰ
চলচ্চিত্ৰ : চলত্ + চিত্ৰ
উড্ডীন : উত্ + ডীন
ইচ্ছ্বাস : উত্ + শ্বাস
সজ্জন : সত্ + জন
উল্লাস : উত্ + লাস HSLC-2021 (Spl.)
উচ্ছেদ : উত্ + ছেদ
উল্লিখিত : উত্ + লিখিত
উচ্ছৃঙ্খল : উত্ + শৃংখল
উচ্চাৰণ : উত্ + চাৰণ
উচ্ছিষ্ট : উত্ + শিষ্ট
যাৱজ্জীৱন : যাবত্ + জীৱন
(iii)
বাংময় : বাক্ + ময়
চিন্ময় : চিত্ + ময়
উন্মত্ত : উত্ + মত্ত
পৰাংমুখ : পৰাক্ + মুখ
জগন্নাথ : জগত্ + নাথ
উন্মাদ : উত্ + মাদ
মৃন্ময় : মৃত্ + ময়
(iv)
যাচ্ঞা : যাচ্ + না
যজ্ঞ : যজ্ + ন
সম্ৰাজ্ঞী : সম্ + ৰাজ + নী
ৰাজ্ঞী : ৰাজ + নী
(v)
সংগতি : সম্ + গতি
সঞ্জয় : সম + জয়
গন্তব্য : গম্ + তব্য
সংগীত : সম্ + গীত
সংকীৰ্ণ : সম্ + কীৰ্ণ
শংকৰ : শম্ + কৰ
কিন্নৰ : কিম্ + নৰ
সংকলন : সম + কলন
সন্তান : সম্ + তান
কিন্তু : কিম্ + তু
(vi)
সংশয় : সম্ + শয়
সংবাদ : সম্ + বাদ
সংলগ্ন : সম্ + লগ্ন
সংযুক্ত : সম্ + যুক্ত
সম্ৰাট্ : সম্ + ৰাট্
সংযোগ : সম্ + যোগ
সংহাৰ : সম্ + হাৰ
(vii)
হৃষ্ট : হৃষ্ + ত
বৃষ্টি : বৃষ + তি
পুষ্ট : পুষ্ + ত
আকৃষ্ট : আকৃষ + ত
প্ৰকৃষ্ট : প্ৰ + কৃষ + ত
ষষ্ঠ : ষষ্ + থ
উত্কৃষ্ট : উত্ + কৃষ + ত
(viii)
উত্থান : উত্ + থান
উত্থাপন : উত্ + স্থাপন
উত্থিত : উত্ + স্থিত
(ix)
সংস্কৃত : সম্ + কৃত
সংস্কাৰ : সম্ + কাৰ
সংস্কৰণ : সম্ + কৰণ
(x)
আচ্ছন্ন : আ + ছন্ন
বিচ্ছেদ : বি + ছেদ
বিচ্ছিন্ন : বি + ছিন্ন
আচ্ছাদন : আ + ছাদন
পৰিচ্ছেদ : পৰি + ছেদ
পৰিচ্ছন্ন : পৰি + ছন্ন
(এ) তলৰ সন্ধিবোৰ নিপাতনে সিদ্ধ :
এক + দশ = একাদশ
ষট্ + দশ = ষোড়শ
পৰি + কাৰ = পৰিস্কাৰ
জাতি + কাৰ = জাতিস্কাৰ
বন + পতি = বনস্পতি
বৃহত্ + পতি = বৃহস্পতি
তত্ + কৰ = তস্কৰ
শ্ৰদ্ধা + পদ = শ্ৰদ্ধাস্পদ
গো + পদ = গোস্পদ
সম্ + কাম = সকাম
হৰি + চন্দ্ৰ = হৰিচন্দ্ৰ
মনস্ + ঈষা = মনীয়া
দিব্ + লোক = দ্যুলোক
পতত্ + অঞ্জলি = পতঞ্জলি
(খ) স্বৰ সন্ধি:-স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বোলে। উদাহৰণঃ-
(i) অ + অ = আ
চল + অচল = চলাচল
পদ + অৰ্পণ = পদাৰ্পণ
সাধ্য + অতীত = সাধ্যাতীত
হিত + অহিত = হিতাহিত
দেৱ + অসুৰ = দেবাসুৰ
অজ + অসুৰ = অজাসুৰ
নৰক + অসুৰ = নৰকাসুৰ
জল + অধিপতি = জলাধিপতি
পঞ্চ + অমৃত = পঞ্চামৃত
ফল + অফল = ফলাফল
পৰ + অধীন = পৰাধীন
স্ব + অধীন = স্বাধীন
নীল + অচল = নীলাচল
চৰ+ অচৰ = চৰাচৰ
দাব + অনল = দাবানল
লাভ + অলাভ = লাভালাভ
পুষ্প + অঞ্জলি = পুষ্পাঞ্জলি
শোক + অভভূত = শোকাভিভূত
অজৰ + অমৰ = অজৰামৰ
শোক + অশ্ৰু = শোকাশ্ৰু
শত + অব্দ = শতাব্দ
শংকৰ + অব্দ = শংকৰাব্দ
দেশ + অন্তৰ = দেশান্তৰ
নৰ + অধম = নৰাধম
গোল + অৰ্দ্ধ = গোলাৰ্দ্ধ
হস্ত + অক্ষৰ = হস্তাক্ষৰ
(ii) অ + আ = আ
ৰত্ন + আকৰ = ৰত্নাকৰ
মেঘ + আলয় = মেঘালয়
হিম্ + আলয় = হিমালয়
দেৱ + আলয় = দেৱালয়
হত + আহত = হতাহত
শোক + আতুৰ = শোকাতুৰ
ভোক + আতুৰ = ভোকাতুৰ
পিঞ্জৰ + আবদ্ধ = পিঞ্জৰাবদ্ধ
শৃংখল + আবদ্ধ = শৃংখলাবদ্ধ
শুভ + আগমন = শুভাগমন
জীৱন + আলেখ্য = জীৱনালেখ্য
চিত্ত + আকৰ্ষক = চিত্তাকৰ্ষক
দশ + আনন = দশানন
হত + আশা = হতাশা
ষড় + আনন = ষড়ানন
পৰম + আনন্দ = পৰমানন্দ
বিবেক + আনন্দ = বিবেকানন্দ
পূৰ্ণ + আহুতি = পূৰ্ণাহুতি
(iii) আ + আ = আ
মহা + আলয় = মহালয়
বিদ্যা + আলয় = বিদ্যালয়
মন্ত্ৰণা + আলয় = মন্ত্ৰণালয়
সদা + আনন্দ = সদানন্দ
ৰমা + আনন্দ = ৰমানন্দ
উমা + আনন্দ = উমানন্দ HSLC-2022
কাৰা + আগাৰ = কাৰাগাৰ
গৱেষণা + আগাৰ = গৱেষণাগাৰ
সুধা + আকাৰ = সুধাকাৰ
মহা + আশয় = মহাশয়
শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ
দয়া +আৰ্দ্ৰ = দয়াৰ্দ্ৰ
(iv) অ + আ = আ
সীমা + অন্ত = সীমান্ত
আশা + অতীত = আশাতীত
ধাৰণা + অতীত = ধাৰণাতীত
বিদ্যা + অৰ্ণৱ = বিদ্যাৰ্ণৱ
মহামহিমা + অৰ্ণৱ = মহামহিমাৰ্ণৱ
আশা + অনুৰূপ = আশানুৰূপ
মহা + অৰ্ঘ = মহাৰ্ঘ
যাত্ৰা + অভিনয় = যাত্ৰাভিনয়
কথা + অমূত = কথামূত
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
(v) ঈ = ই + ই
প্ৰতি + ইত = প্ৰতীতি
অতি + ইত = অতীত
মুনি + ইন্দ্ৰ = মুনীন্দ্ৰ
অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়
অতি + ইব = অতীব
অভি + ইষ্ট = অভীষ্ট
(vi) ই + ঈ = ঈ
যতি + ঈষ = যতীশ
গিৰি + ঈশ = গিৰীশ
ক্ষিতি + ঈশ = ক্ষিতীশ
পৰি + ঈক্ষা = পৰীক্ষা
প্ৰতি + ঈক্ষা = প্ৰতীতি
অধি+ ঈশ্বৰ = অধীশ্বৰ
(vii) ঈ + ঈ = ঈ
দিল্লী + ঈশ্বৰ = দিল্লীশ্বৰ
শ্ৰী+ ঈশ = শ্ৰীশ
সতী + ঈশ = সতীশ
মহী + ঈশ = মহীশ
(viii) ঈ + ই = ঈ
মহতী + ইচ্ছা = মহতীচ্ছা
শচী + ইন্দ্ৰ = শচীন্দ্ৰ
মহী + ইন্দ্ৰ = শচীন্দ্ৰ
সধী + ইন্দ্ৰ = সুধীন্দ্ৰ
(ix) অ + ই = এ
গজ + ইন্দ্ৰ = গজেন্দ্ৰ
যোগ + ইন্দ্ৰ = যোগেন্দ্ৰ
ভৱ + ইন্দ্ৰ = ভৱেন্দ্ৰ
দেৱ + ইন্দ্ৰ = দেৱেন্দ্ৰ
নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ
ইতৰ + ইতৰ = ইতৰেতৰ
(x) অ + ঈ = এ
নৰ + ঈশ = নৰেশ
দীন + ঈশ = দীনেশ
ভৱ + ঈশ = ভৱেশ
দেৱ + ঈশ্বৰ = দেবেশ্বৰ
গণ + ঈশ = গণেশ
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
(xi) আ + ই = এ
যথা + ইচ্ছা = যথেচ্ছা
মহা + ইন্দ্ৰ = মহেন্দ্ৰ
যথা + ইষ্ট = যথেষ্ট
(xii) আ + ঈ = এ
তাৰকা + ঈশ্বৰী = তাৰকেশ্বৰী
মহা + ঈশ = মহেশ
ৰমা + ঈশ = ৰমেশ
(xiii) অ + উ = ও
প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ
স্নাতক + উত্তৰ = স্নাতকোত্তৰ
বৃক + উদৰ = বৃকোদৰ
সূৰ্য + উদয় = সূৰ্যোদয়
পাদ + উদক = পাদোদক
শীত + উষ্ণ = শীতোষ্ণ
নন্দ + উতসব = নন্দতসৱ
হিত + উপদেশ = হিতোপদেশ
(xiv) আ + উ = ও
যথা + উপযুক্ত = যথোপযুক্ত
গঙ্গা + উদক = গংগোদক
মহা + উদধি = মহোদধি
মহা + উদৰ = মহোদৰ
বিদ্যা + উতসাহী = বিদ্যাত্তসাহী
কথা + উপকথন = কথোপকথ
মহা + উদয় = মহোদয়
মহা + উতসৱ = মহোত্সৱ HSLC-2022
যথা + উচিত = যথোচিত
(xv) অ + ঋ = “॑” (ৰে’ফ) আৰু আ +ঋ = “॑”(ৰে’ফ)
মহা + ঋষি = মহৰ্ষি
দেৱ + ঋষি = দেৱৰ্ষি
ৰাজা + ঋষি = ৰাজৰ্ষি
সপ্ত + ঋষি = সপ্তৰ্ষি
উত্তম + ঋণ = উত্তমৰ্ণ
অধম + ঋণ = অধমৰ্ণ
(xvi) আ + ঋত = আৰ্ত, অ + ঋত = আৰ্ত
ক্ষুধা + ঋত = ক্ষুধাৰ্ত
শোক + ক্ষুকাৰ্ত = শোকাৰ্ত
ভোক + ঋত = ভোকাৰ্ত
তৃষ্ণা + ঋত = ভোকাৰ্ত
শীত + ঋত = শীতাৰ্ত HS-2020
(xvii) অ + এ = ঐ, অ + ঐ = ঐ, আ + ঐ = ঐ
এক + এক = একৈক
জন + এক = জনৈক
মত + ঐক্য = মতৈক্য
হিত + এষী = হিতৈষী HS-2020
তথা + এবচ = তথৈবচ
পৰম + ঐশ্বৰ্য = পৰমৈশ্বৰ্য
মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য
কিন্তু অসমীয়াত : অ+এ=এ। যেনে : মাহ+এক=মাহেক; পষ+এক=পষেক; দিন+এক=দিনেক; বছৰ+এক=বছৰেক।
(xviii) অ + ও = ঔ; অ + ঔ = ঔ; আ + ঔ = ঔ; আ + ঔ = ঔ
মহা + ঔষধ = মহৌষধ
বন + ঔষধি = বনৌষধি
জল + ওকা = জলৌকা
(xix) (ক) ই + অ = ্য (য-কাৰ)
আদি + অন্ত = আদ্যন্ত
অতি + অন্ত = অত্যন্ত
প্ৰতি + অহ = প্ৰত্যহ
যদি + অপি = যদ্যপি
অতি + অধিক = অত্যধিক
(খ) ই + আ = ্য (য-কাৰ)
ইতি + আদি = ইত্যাদি
প্ৰতি + আশা = প্ৰত্যাশা
(গ) ঈ + অ = ্য (য-কাৰ)
নদী + অম্বু = নদ্যম্বু
(ঘ) ই + উ = ্য (য-কাৰ)
প্ৰতি + উপকাৰ = প্ৰত্যুপকাৰ
উপৰি + উপৰি = উপৰ্যুপৰি
অভি + উদয় = অভ্যুদয়
অতি + উদয় = অত্ত্যুদয়
(ঙ) ই + এ = ্য় (য-কাৰ)
প্ৰতি + এক = প্ৰত্যেক
(xx) উ + অ = ৱ; উ +আ = ৱা; উ + এ = ৱে
সু + অস্তি = স্বস্তি
সু + আগত = স্বাগত
অনু + এষণা = অন্বেষণ
অনু + ইত = অন্বিত
অনু + অয় = অন্বয়
মনু + আদি = মন্বাদি
বহু + আৰম্ভ = বহ্বাৰম্ভ
মনু + অন্তৰ = মন্বন্তৰ
(xxi) এ + অ = অয়; ঐ +আ = আয়
বিনৈ + অক = বিনায়ক
গৈ + অক = গায়ক
নৈ + অক = নায়ক
নে + অন = নয়ন
শে + অন = শয়ন
(xxii)
(ক) ও + অ = অৱ : ভো + অন = ভৱন পো + অন = পৱন
(খ) ও + ই = অৱ : ভো + ইতা = ভৱিতা পো + ইত্ৰ = পৱিত্ৰ
(গ) ও + এ = অৱ : গো + এষণা = গৱেষণা
(ঘ) ঔ + অ = আৱ : পৌ + অক = পাৱক ভৌ + অক = ভাৱক
স্থৌ + অক = স্থাৱক
(ঙ) ঔ + ই = আৱ : নৌ + ইক = নাৱিক
(চ) ঔ + উ = আৱ : ভৌ + উক = ভাবুক
(xxiii) তলৰ সন্ধিবোৰ সিদ্ধ হোৱাৰ কোনো নিয়ম নাই। সেয়ে ইহঁতক “নিপাতনে সিদ্ধ সন্ধি” বুলি কোৱা হয়।
গো + ঈশ = গৱেশ
গো + ইন্দ্ৰ = গৱেন্দ্ৰ
গো + অক্ষ = গৱাক্ষ
প্ৰ + উঢ় = প্ৰৌঢ়
অক্ষ + ঊহিনী = অক্ষৌহিণী
স্ব + ঈৰিণী = স্বৈৰিণী
প্ৰ + এষা = প্ৰেষ্য
সাৰ + অংগ = সাৰংগ
কুল + অটা = কুলটা
(গ) বিসৰ্গ সন্ধি:-ব্যঞ্জনবৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গ(:)ৰ সন্ধি হ’লে তাকে বিসৰ্গ সন্ধি বোলে। উদাহৰণঃ-
(i)
দুঃ + গম = দুৰ্গম
নিঃ + নয় = নিৰ্ণয়
দুঃ + মতি = দুৰ্মতি
দুঃ + গতি = দুৰ্গতি
দুঃ + নীতি = দুৰ্নীতি
পুনঃ + অপি = পুনৰপি
দুঃ + ঘোৰ = দুৰ্ঘোৰ
আশীঃ + বাদ = আশীবাৰ্দ
নিঃ + আকাৰ = নিৰাকাৰ
দুঃ + অৱস্থা = দুৰৱস্থা
নিঃ + অৱধি = নিৰৱধি
অহঃ + নিশা = অহৰ্নিশ
নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছন্ন
প্ৰাতঃ + উত্থান = প্ৰাতৰুত্থান
(ii)
নিঃ+ চিত = নিশ্চিত
নিঃ + চিন্ত = নিশ্চিন্ত
দুঃ + চিন্তা = দুশ্চিন্তা
নিঃ + চয় = নিশ্চয়
নিঃ + ঠুৰ = নিষ্ঠুৰ
নিঃ+ তেজ = নিস্তেজ
দুঃ + তৰ = দুস্তৰ
নিঃ + তাৰ = নিস্তাৰ
ইতঃ + ততঃ = ইতস্ততঃ
শিৰঃ + ছেদ = শিৰশ্ছেদ
মনঃ + তাপ = মনস্তাপ
(iii)
নমঃ + কাৰ = নমস্কাৰ
পুৰঃ + কাৰ = পুৰস্কাৰ
বহিঃ + কাৰ = বহিষ্কাৰ
তিৰঃ + কাৰ = তিৰস্কাৰ
ভাঃ + কৰ = ভাস্কৰ
বাচঃ+ পতি = বাচস্পতি
(iv)
নিঃ + ফল = নিষ্ফল
বহিঃ + কাৰ = বহিষ্কাৰ
নিঃ + পাপ = নিষ্পাপ
দুঃ + প্ৰাপ্য = দুষ্প্ৰাপ্য
নিঃ + কলংক = নিষ্কলংক
আৱিঃ + কাৰ = আৱিষ্কাৰ
দুঃ + কৰ = দুষ্কৰ
বযঃ + অধিক = বয়োধিক
সৰঃ + বৰ = সৰোবৰ
(v)
মনঃ + যোগ = মনোযোগ HSLC-2021
অহঃ + ৰাত্ৰ = অহোৰাত্ৰ
ততঃ + অধিক = ততোধিক
মনঃ + ৰম = মনোৰম
মনঃ + হৰ = মনোহৰ
পুৰঃ + হিত = পুৰোহিত
তপঃ + বন = তপোবন
(vi)
নিঃ + ৰৱ = নীৰৱ
নিঃ + ৰস্ = নীৰস
নিঃ + ৰোগ = নিৰোগ
Frequently Asked Questions
1. সন্ধি ভাঙা নাবিক : নৌ + ইক
2. সন্ধি ভাঙা অন্বেষণ : অনু + এষণ
3. সন্ধি ভাঙা উচ্ছল : উত্ + ছল
4. সন্ধি ভাঙা কদাপি : কদা + অপি
5. সন্ধি ভাঙা গায়ক : গৈ + অক
6. সন্ধি ভাঙা নৰেন্দ্ৰ : নৰ + ইন্দ্ৰ
7. পানীদিহিঙীয়া = পানীদিহিং + ঈয়া
8. অত্যাৱশ্যক = অতি + আৱশ্যক
9. যথার্থ = যথা + অর্থ
অসমীয়া ব্যকৰণ । Assamese Grammar:-
Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Join us in facebook page-https://www.facebook.com/onlineassamdiary
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes on HS 2nd year on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, Economics, History.
Leave a comment