অসম আমাৰ ৰূপহী । Axom amar rupohi
অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ
ইমান ৰসাল মাটি।
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।
ব’হাগতে আমাৰ আই
মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে
লখিমী আদৰে।
শৰত্ নিশাই তৰাৰে সজায় আইৰে কেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।
পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ল’লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ
পাম ক’ত এনে মধুৰ ৰূপৰ সমাবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ।
2. সময়ৰ অগ্ৰগতি । xomoyor agragoti – Dr. Bhupen Hazarika
পক্ষীৰাজত উঠি
যাও মই
নতুন দিগন্তলৈ
হাহিমুখে
জ্যোতিক শিৰত তুলি
আহে দিন
বাজে বীণ
নিৰাশা বিহীন
নাই আক্ষেপ কোনো
পোৱা নোপোৱাৰ
সমুখত পোঁহৰৰ
জলন্ত জোৱাৰ
সত্যক সাৰথি কৰি
আহে দিন
যায় দিন
বিৰাম বিহীন
উৰন্ত মন মোৰ
নামানে হেঙাৰ
হেঙাৰেই কৰে মোক
মিঠা উপকাৰ।
সুন্দৰ সূৰ্য ধিয়াই
নাচে মন
নাচে প্ৰাণ
আশঙ্কা বিহীন
জীৱন্ত সুৰে মোৰ
তোলে ঝংকাৰ
গঢ়ি নৱ উত্সম
গীতিকা গোৱাৰ।
3. জোনাকৰে ৰাতি । Jonakore rati
জিলিকি জিলিকি পৰে।
মলয়াৰ ছাটি দুহাতে সাৱটি
ধুনীয়া মালতি সৰে।
এইখন দেশ মোৰ তেনেই আপোন,
নিতে নিতে আনে নতুন সপোন,
আমাৰে গাঁৱৰে সৰু জুৰিটিত তৰাই ধেমালী কৰে
আশাৰ চাকি জ্বলে দুখীয়াৰ ঘৰে ঘৰে।
তাকে দেখি অন্ধাৰবোৰে
আমাৰ গাঁও এৰে।
আমাৰে দেশৰ বোৱতি সুঁতিক
বাধা দিব কোনে পাৰে?
আগলতি কলাপাত লৰে কি চৰে
মনৰ পখিটি মোৰ উৰে উৰে
কোন চিফুঙৰ সুৰে সুৰে।
Leave a comment