দোলা হে দোলা । Dola he dola
দোলা, হে দোলা, হে দোলা, হে দোলা
একা বেঁৰা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা
হে দোলা
আপোন কৰিলোঁ বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা,
হে তোলা।।
দোলাৰ ভিতৰত তিৰ্ বিৰ্ কৰিছে
চহকী পাটৰে পাগ
ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে
শুকুলা চোঁৱৰৰ আগ
মোৰহে ল’ৰাটিক
এইবাৰ বিহুতে
নিদিলোঁ সূতাৰে চোলা
চকুলো ওলালেও মনটি নেভাঙো
কঢ়িয়াই লই যাওঁ দোলা?
যুগে যুগে জাপি দিয়ে মেটমৰা বোজাটি
কান্ধ ভাঙো ভাঙো কৰে, হে কৰে
বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে অ’ সৰে।
ওখকৈ পাহাৰৰ টিঙটি উঠিছোঁ
ভালকৈ খোজটি মিলা
আমাৰ কান্ধৰ পিচলিব লাগিলে
বাগৰি পৰিব দোলা
ৰজা মহাৰজাৰ দোলা,
বৰ বৰ মানুহৰ দোলা।।
2. হে মাই যশোৱা । He mai joshowa
হে মাই যশোৱা হে
মাই হেৰ’ যশোৱা
আমাক লাগিয়া অলপ তোৰ মৰমও নাই।
তোৰে ঘৰ আসি
গৰু চৰি ফুৰোঁ কৰেকৰা ভাত খাই।।
কাঠ বাজী বুলি
জগতে হাঁসয় অ’ দেখিও সুমৰা হৰি।
তোৰ ঘৰ আসি
পুত্ৰ ওপজিলোঁ ইটো দুখ দূৰ কৰি।।
একতোলা সোণাৰে
বাঁহী গঢ়াই নেদা ৰাজ পটেশ্বৰী হুই।
দুয়ো ওঁঠ কাটি
তেজ বৈই যাই বাঁহৰ বাঁহী বজাওঁতে।
3. বোলো অ’ মিচিং ডেকাটি । Bolo o miching dekati
বোলো অ’ মিচিং ডেকাটি
বজালি যে পেঁম্পাটি
সুৰেৰে সজালি দেখোঁ
দিচাংমুখৰ নিশাটি
মিবুগালুক চোলাটি
পেৰে ৰুম্বং চাদৰখন কিয়নো পিন্ধিলি
মূৰত দেখোন দুমেৰ্ দি গামোচা আঁটিলি
আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে
সেউজ ৰঙৰ জীয়া জীয়া ঐনিতম্টি।
বোলো অ’ শিমচিং গাভৰু
একে মেখেলাতে তই
এন্ধাৰ সানিলি
অ’ ৰিহাখনিত তামুলিতাকাৰ
ৰঙা তৰা বাচিলি
ডেকাটিৰ সোণৰ বাঁহীৰ সতে গোংগাং বজালি
সৰিয়হৰ ফুল হেন ৰিবি গাচেংখনি তই
বুকুতে বান্ধিলি
আৰু কঁপি উঠিল দিচাঙৰে মিঠা মিঠা মিঠা ঢৌটি
অ’ বোলো ঘূণাসূঁতিৰ পাৰতে
বহুদিনৰ আগতে
অ’ মিৰিৰে জীয়ৰী মোৰ পানেইজনী মৰিলে
পিছে জঙ্কিৰে চিঞৰটিক
অসমীৰে ভাষাতে
শ্ৰী ৰজনী কান্তই
যুগমীয়া কৰিলে
মনত পৰেনে সেই কথাটি?
অ’ দিচাংমুখৰ ডেকাটি
আজিৰ পানেই নমৰে
আৰু জঙ্কিয়ে নাকান্দে
এ জঙ্কি পানেইৰ মিচিং সমাজ
নিজেই দিচাং আবুং হৈ
অসমীৰে বৰ লুইতৰ সোঁতটি বঢ়াৰ
মৰমৰহে এই যুগটি।
4. শ্বিলঙৰ মনালিছা । Shillongor monalisha
শ্বিলঙৰ মনালিছা লিংডো
তোমাৰ হাতৰ গীতাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱা।
মনালিছা, মনালিছা
তোমাক স্ৰজিলে কোন লিওনাৰ্দ’ই
কেনেকৈ হ’লা তুমি ইমান ধুনীয়া?
মনত আছেনে
দুয়ো গৰখীয়া শ্বৰাতিৰ সুৰে সুৰে
কিন্ কিন্ বৰষুণে বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা?
তুমি আজি লাবানৰ ক’ৰবাত
আৰু ৰাজধানী সলনিৰ পিছত আহি
হ’লোঁ এতিয়া দিছপুৰীয়া—
ক্ৰিছেনথিমাম্ যিমানে ৰঙা
মোৰ, তোমাৰ সোঁৱৰণীও সিমানেই ৰঙা
মনালিছা
নংপুলৈ
এবাৰ আহাঁনা
আৰু ময়ো যাম ছুটী পালে নংপুলৈ
মন দিম মন নিম
গীটাৰৰ সুৰে সুৰে
অদূৰ মধুৰ কোনোবা ৰাতিপুৱা—
5. পৰহি পুৱাতে । Porohi puwate
ৰংমন মাছলৈ গ’ল
মাছকে মাৰিবলৈ নালাগে যাবলৈ
ধুমুহা আহিবৰ হ’ল।
কৰবাত কেনেবাকৈ ঘৰিয়ালে বধিব
বৈ যাব তেজৰে ধল।
গধুলি পৰতে বহ্মপুত্ৰৰ মাজতে
ৰংমন নাইকীয়া হ’ল।
হিয়াখন ভুকুৱাই আকাশলৈ চাই চাই
ৰহদৈ বাউলি হ’ল।
অ’ ঢৌ যা: গুচি নিশাকে নেওচি
ৰংমনক আনিবৰ হল।
ৰংমনৰ দেহাটি ঢৌবোৰে সাবতি
পাৰতে শুৱাই থৈ গ’ল।
পৰহি পুৱাতে টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল।
Leave a comment