লুইতৰ চাপৰিত Luitor chaporit

 

লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়;
সাউদৰ ডিঙৰা বগা পালে তৰা
উজনি দেশলৈ যায়।


হে’ৰ নাৱৰীয়া মেলি দে ডিঙৰা
তৰি দে শুকুলা পাল,
পশ্চিমৰ দিশৰে পছোৱা আহিছে
বতাহ বলিছে ভাল।


পালতে লাগিব পশ্চিমৰ পছোৱা
তুল বুল কৰিব নাও,
ঢউৰ চেৱে চেৱে নামে লগাই দিবি
হালিব জালিব গাৱ।।

 
(ii) তোমাৰ ৰথৰ জয়-ধ্বজা । Tomar rothor joy-dhbaja

 
তোমাৰ ৰথৰ জয়-ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা।
বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়-ধ্বজা?
শেষ-বাৰিষাৰ দূৰ্বাদলত
থিয় ৰ’ল সি আপোন বলত।
নীৰৱে সকলো সহি
অকলে আহিছে বহি,
তোমাৰ ৰথৰ জয়-ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা।
 

(iii)  সেউজী পাৰত । Xeuji parot

 
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত
বিদায় পৰত
উচুপি যি কথা ক’লা,
জানোছা পাহৰি গ’লা।
মাথোঁ এটি ৰাতি প্ৰেমৰ সঁফুৰা
সমূলি দিছিলা মেলি।
মন ভাল লগা গীতৰ সুৱদি-ঢালি,
নিশা পুৱতিত তোমাৰ বাটেদি
যেতিয়া আঁতৰ হ’লা।
জানোছা পাহৰি গ’লা?
তোমাৰ খোপাৰ সৰি পৰা এটি
ৰঙা কৰবীৰ পাহি;
তাৰো আজি হায়, পাপৰি গ’ল মৰহি,
তেনেকৈয়ে হায় শুকালে যেতিয়া
পিন্ধালোঁ যি ধাৰি মালা;
জানোছা পাহৰি গ’লা।
 
 

(iv) গৰখীয়া হেৰ’ । Gorokhiya hero

 
গৰখীয়া হেৰ’, গৰখীয়া,
কি সুৰ বজালি দুপৰীয়া!
পথাৰৰ মাজতে আঁহতৰ তলতে
ম’হৰ শিঙৰ পেঁপাটি বাই,
দুপৰৰ আকাশত কি সুৰ মেলিলি
জগত নিজান পৰি যায়।
আঁহতৰ পাততে লাগিছে সুৰ,
বতাহ বলিছে জুৰ জুৰ জুৰ।
সুৰৰ ধ্বনি শুনি কলিজাত কঁপনি
ৰঙত ঘনে ঘনে লাগে,
কোনোবা কাহানিৰ ল’ৰালিৰ কাহিনী
মনত মনে মনে জাগে।।

Leave a comment

Trending