গোৱালিনী গোৱালিনী হাটিয়া

Goalini goalini hatiya


গোৱালিনী গোৱালিনী হাটিয়া আইসো ধীৰে
ওকি ৰাজাৰ বেটা কানাইয়া ৰে
আই তোক কেনেবা ডাকাইছে
ও তোৰ গায়েৰ মাঞ্জোন দেখিয়াৰে
ও তোক কেনেবা ডাকাইছে।

হেম তিবি তিৰিয়াৰো ধান ফেলাইলোং জমিনে
(আৰে) ৰইবাৰ নং মুই ৰইবাৰ নং
মুই যাইম কানাইয়াৰ সাতেৰে
শাৱাল ৰাজা দিছে আৰো পান
ৰাখি ছং যতনে

ওকি ভালা ভালা ৰে
হালকো পাতি গোৱালিনী নাচ কৰেৰে
গোৱালিনী গোৱালিনী মাথায় চাদৰ
গোৱালিনী নাচ কৰে বাংলাৰ ভিতৰ
ওকি ভালা ভালাৰে
কোমৰ ঢুলি গোৱালিনী বাৰা বানায়ৰে

আৰে সাজিলো গোৱালিনী ৰে

ওৰে সাজিলো গোৱালিনী ৰে

কাতি যায়া পইল আঘোন

খেতত পাকিল ধান

সাজিলো গোৱালিনী ৰে।

গোৱালিনী তোলে ধান

কানাই সাজায় গাড়ী

সাজিলো গোৱালিনী ৰে।

হাতে নিয়া জলেৰ ঝাৰি

মাথায় জলপান

সাজিলো গোৱালিনী ৰে।

হাঁসি খেলি গোৱালিনী 

চলিয়া যায় ৰে বাৰী

সাজিল গোৱালিনী ৰে..

আজি চলিলো গোৱালিনীৰে।

2. ও মোৰ ভাৱেৰ দেওৰা । o mor Bhawer deora


আৰে ও মোৰ ভাৱেৰ দেওৰা
থুয়া আয় মোক বাপো ভাইয়েৰ দেশেৰে
বাপো ভাই মোৰ দুৰাচাৰ
বেচেয়া খাইচে মোক দুৰন্তৰ ৰে
বেচেয়া খাইচে মদকিয়াৰ ঘৰেৰে
মদকিয়া মদ খায়
আগুন দিতে আই মোৰ ৰাইত পুৱায়
নলেৰ ডাঙে শৰীল কইৰচে কালাৰে
এলুৱা কাশিয়াৰ ফুল
নদী কইৰচে দেওৰা হুলস্থূল
কেমন কৰিয়া হব এই নদী পাৰোৰে
অষ্ট অলংকাৰ খুলিয়া নেও
হাসি মুখে দেওৰা বিদায় দেও
থুয়া আয় মোক বাপো ভাইয়েৰ দেশে।

Leave a comment

Trending