Questions Answers of AHSEC Solution for Class 12 Political Science জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । Challenges of Nation Building. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

Challenges of Nation Building

Class 12 Political Science

Political Science জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । Challenges of Nation Building ৰ প্ৰশ্ন উত্তৰ:-

The questions answers of Class 12 Political Science জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । Challenges of Nation Building has been discussed in systematic way. There are approximately important 19 questions answers in this article.

1. M.C.O.:

(i) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল — HS-2017 
(ক) জৱাহৰলাল নেহৰু 
(খ) মহাত্মা গান্ধী
(গ) মতিলাল নেহৰু
(ঘ) চৰ্দাৰ বল্লভ ভাই পেটেল 
উত্তৰঃ- জৱাহৰলাল নেহৰু
 
(ii) ভাৰতত প্ৰথম নির্বাচন কেতিয়া হৈছিল-
(ক) ১৯৪৭ চনত 
(খ) ১৯৪৯ চনত 
(গ) ১৯৫০ চনত
(ঘ) ১৯৫২ চনত 
উত্তৰঃ- ১৯৫২ চনত
 
(iii) ভাৰতত নির্বাচন আয়োগ গঠন হৈছিল- HS-2024 
(ক) ১৯৪৭ চনৰ আগষ্টত 
(খ) ১৯৫০ চনৰ জানুৱাৰীত
(গ) ১৯৫১ চনৰ জানুৱাৰীত 
(ঘ) ১৯৫২ চনৰ জানুৱাৰীত 
উত্তৰঃ- ১৯৫০ চনৰ জানুৱাৰীত
 
(iv) ভাৰতৰ প্ৰথম মূখ্য নির্বাচনী আয়ুক্ত আছিল— HS-2017, 2019, 2020 2022, 2024
(ক) সুকুমাৰ সেন 
(খ) বি. আৰ. আম্বেদকাৰ
(গ) কে. এম. মুন্সি 
(ঘ) মহাত্মা গান্ধী 
উত্তৰঃ- সুকুমাৰ সেন 
 
(v) ১৯৫২ চনৰ প্ৰথম নিৰ্বাচনত কংগ্ৰেছে আসন পাইছিল—
(ক) ৩৬০ খন 
(খ) ৩৬১ খন 
(গ) ৩৬৪ খন
(ঘ) ৩৯০ খন
উত্তৰঃ- ৩৬৪ খন
 
(vi) ভাৰতৰ প্ৰথম নিৰ্বাচনত সাম্যবাদী দলে আসন লাভ কৰিছিল—
(ক) ১০ খন 
(খ) ১২ খন 
(গ) ১৫ খন 
(ঘ) ১৬ খন 
উত্তৰঃ- ১৬ খন
 
(vii) ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত একেসময়তে নির্বাচন অনুষ্ঠিত হৈছিল লোকসভা আৰু— HS-2017
(ক) ৰাষ্ট্ৰপতিৰ 
(খ) প্রধানমন্ত্ৰীৰ
(গ) ৰাজ্যসভাৰ 
(ঘ) ৰাজ্যিক বিধান মণ্ডলৰ 
উত্তৰঃ- ৰাজ্যিক বিধান মণ্ডলৰ
 
(viii) ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল- HS-2023 
(ক) শ্যামা প্ৰসাদ মুখাৰ্জী
(খ) সুৰেন্দ্ৰনাথ বেনার্জী 
(গ) শৰৎচন্দ্ৰ সিংহ 
(ঘ) অমৃতলাল চেটার্জী 
উত্তৰঃ- শ্যামা প্ৰসাদ মুখাৰ্জী
 
(ix) চীনে ভাৰত আক্ৰমণ কৰিছিল— 
(ক) ১৯৪৮ চনত 
(খ) ১৯৫২ চনত 
(গ) ১৯৬২ চনত
(ঘ) ১৯৭০ চনত 
উত্তৰঃ- ১৯৬২ চনত
 
(x) বলছেভিক বিপ্লৱ হৈছিল— 
(ক) চোভিয়েট ৰাছিয়াত
(খ) আমেৰিকাত 
(গ) জাপানত 
(ঘ) আফ্ৰিকাত
উত্তৰঃ- চোভিয়েট ৰাছিয়াত
 
(xi) স্বতন্ত্র দল গঠিত হৈছিল-
(ক) ১৯৪৯ চনৰ আগষ্টত 
(খ) ১৯৫৯ চনৰ আগষ্টত
(গ) ১৯৬০ চনৰ আগষ্টত  
(ঘ) ১৯৭৫ চনৰ আগষ্টত 
উত্তৰঃ- ১৯৫৯ চনৰ আগষ্টত
 
(xii) স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল-
(ক) মুৰাৰজী দেশাই 
(খ) মৌলানা আবুল কালাম আজাদ
(গ) চৰ্দাৰ বল্লভ ভাই পেটেল
(ঘ) মতিলাল নেহৰু
উত্তৰঃ- মৌলানা আবুল কালাম আজাদ
 
(xiii) ১৯৫৭ চনত কেৰালা বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰে—
(ক) বিজেপি দলে
(খ) ভাৰতীয় সাম্যবাদী দলে
(গ) কংগ্ৰেছ দলে 
(ঘ) ডি.এম.কে. দলে
উত্তৰঃ- ভাৰতীয় সাম্যবাদী দলে
 
(xiv) ৰাষ্ট্ৰীয় ৰিভলিউচনেৰি (PRI) দলৰ জন্ম হৈছিল—
(ক) ১৯৪৭ চনত 
(খ) ১৯৩০ চনত
(গ) ১৯২৯ চনত 
(ঘ) ১৯৫০ চনত
উত্তৰঃ- ১৯২৯ চনত
 
(xv) শ্যাম প্রসাদ মুখাৰ্জীৰ মৃত্যু হৈছিল—
(ক) ১৯৫০ চনত
(খ) ১৯৫৩ চনত
(গ) ১৯৬০ চনত 
(ঘ) ১৯৭০ চনত
উত্তৰঃ- ১৯৫৩ চনত
 

 

1. দেশ বিভাজনৰ সমায়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল?
(অথবা) দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা।

উত্তৰ:- বেংগল আৰু পাঞ্জাব


2. দেশ বিভাজনৰ সমায়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা?
উত্তৰ:- অমৃতৰ আৰু কলকাতা (লাহোৰ)


3. কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰাপৰ্শ ৰাজ্য পুনৰগঠন আয়োগে আগবঢ়াইছিল?
উত্তৰ:- 14 খন ৰাজ্য আৰু 6 খন কেন্দ্ৰীয়শাসিত অঞ্চল।


4. NEFA-ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- North East Frontier Agencies


5. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা।
উত্তৰ:- চৰ্দাৰ বল্লবভাই পেটেল


6. জনপ্ৰিয় আন্দোলনৰ পিছত ১৯৬০ চনত মহাৰাষ্ট্ৰ আৰু ____সৃষ্টি কৰা হৈছিল। (খালী ঠাই পূৰ কৰা)
উত্তৰ:- গুজৰাট


7. 1972 চনৰ ____ পৰা মেঘালয় ঘোষিত কৰা হৈছিল(খালী ঠাই পূৰ কৰা)
উত্তৰ:- অসম


8. ____ চনৰ পৰা তেলেংগানা ৰাজ্য সৃষ্টি কৰা হৈছিল। (খালী ঠাই পূৰ কৰা)

উত্তৰ:- 2014


9. তেলেংগানা ভাৰতৰ ____ তম ৰাজ্য হিচাপে পৰিগণিত হৈছিল। (খালী ঠাই পূৰ কৰা)
উত্তৰ:- ২৯ তম


10. স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে দ্বি-জাতি তত্ত্বৰ (Two nations theory) পোষকতা কৰিছিল। এই তত্ত্বৰ অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি কি?
উত্তৰ:- ভাৰত আৰু পাকিস্তান।


11. ৰাজ্য পুনৰগঠন আয়োগৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল।

উত্তৰ:- ভাষা ভিত্তিত ৰাজ্য পুনৰগঠন কৰা।


12. কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?
উত্তৰ:- 1947 চনৰ 26 অক্টোবৰত।


13. কোনখন দেশীয় ৰজাই পোণ প্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিছিল?
উত্তৰ:- মণিপুৰৰ ৰজা বোধচন্দ্ৰই


14. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষত কেতিয়া  নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ:- 1948 চনৰ জুন মাহত।


15. কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰত বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল?
উত্তৰ:- 370 আৰু 35A


16. জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা কোন অনুচ্ছেদক শেহতিয়াকৈ বাতিল কৰা হৈছিল?
উত্তৰ:- 370 আৰু 35A

 

দীঘল প্ৰশ্নোত্তৰ । Essay type Questions’s answer:-
1. স্বাধীনতাৰ পিছত ভাৰতে তাত্ক্ষিণিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা।     HS-2012, 2013, 2015, 2019, 2024

উত্তৰঃ- স্বাধীনতাৰ অব্যৱহিত পিছত ভাৰতবৰ্ষই কিছুমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেইবোৰ আছিল—
(১) ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাঃ-
ভাৰতবৰ্ষ এখন প্ৰকৃততে ক্ষুদ্ৰ মহাদেশ বুলি ক’ব পাৰি য’ত বিভিন্ন ভাষাৰ, সংস্কৃতিৰ আৰু ধৰ্মৰ লোক বাস কৰে। এনে বিভিন্নতাৰ মাজত ঐক্য আৰু সংহতি
স্থাপন কৰাটো এটা ডাঙৰ সমস্যা। এইক্ষেত্ৰত স্বাধীন ভাৰতবৰ্ষই অতি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
(২) গণতন্ত্ৰৰ প্ৰতিষ্ঠাঃ-
দ্বিতীয় প্ৰত্যাহ্বান আছিল গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰা, য’ত দেশৰ প্ৰত্যেক নাগৰিকে নিজৰ ভোটাধিকাৰৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ চৰকাৰ গঠন কৰিব পাৰিব। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ পিছত সংসদীয় গণতন্ত্ৰৰ নীতি গ্ৰহণ কৰিছিল।
(৩) বিকাশ সাধন কৰাঃ-
তৃতীয় প্ৰত্যাহ্বান আছিল দেশৰ সকলো শ্ৰেণীৰ জনগণৰ বাবে বিকাশ আৰু সমৃদ্ধিৰ সৃষ্টি কৰা। এইক্ষেত্ৰত সকলোৰে বাবে সাম্যৰ নীতি গ্ৰহণ কৰি সামাজিকভাৱে,শিক্ষাৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আৰু সাংস্কৃতিক ক্ষেত্ৰত পিছ পৰা আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।
(৪) নিৰাপত্তাৰ ব্যৱস্থাঃ-
দেশ বিভাজনে দেশত হত্যা, লুণ্ঠন ধৰ্ষণ আৰু শৰণাৰ্থীৰ সমস্যা বঢ়াই এটা ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত এই সমস্যাসমূহ সমাধান কৰোঁতে আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰোঁতে দেশৰ নেতাসকলে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল।

2. ‘দ্বি-জাতি তত্ত্ব’ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।             HS-2016
উত্তৰঃ- দ্বি-জাতি তত্ত্ব (Two Nation Theory) ১৯৪৭ চনৰ ভাৰত বিভাজনৰ মূল কাৰক আছিল। এই তত্ত্ব মুছলীম লীগৰ নেতা মহম্মদ আলী জিন্নাই আগবঢ়াইছিল। এই তত্ত্ব অনুসৰি মুছলমান আৰু হিন্দু দুটা সম্পূৰ্ণ সুকীয়া জাতি আৰু সেয়ে মুছলমানসকলৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ বাবে বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ সামৰি মুছলমানসকলৰ এক স্বতন্ত্ৰ গৃহভূমি থকা উচিত। মাউণ্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্ব আঁচনিয়ে পূৰ্ণৰূপ ধাৰণ কৰে।
এই তত্ত্বৰ মূল কথা এইয়ে যে ভাৰতবৰ্ষ আচলতে এটা জাতিৰ দ্বাৰা গঠিত হোৱা নাই- ই দুটা পৃথক জাতিৰ সমষ্টি। এই পৃথক জাতি দুটা আধাৰ হ’ল ধৰ্ম আৰু জাতি দুটা হ’ল ক্ৰমে হিন্দু জাতি আৰু মুছলিম জাতি। এই দুটা জাতি এটা ৰাজনৈতিক শাসন ব্যৱস্থাৰ মাজত — অৰ্থাত্‍ এখন জাতি-ৰাষ্ট্ৰৰ
অধীনত থাকিব নোৱাৰে। গতিকে হিন্দু আৰু মুছলিমসকলৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে। এই তত্ত্বৰ আধাৰতে মুছলিম লীগে মুছলিমসকলৰ বাবে “পাকিস্তান”ৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে এই তত্ত্ব মানি লোৱা নাছিল। কিন্তু ১৯৪০-ৰ দশকত মুছলীম লীগে গঢ়ি তোলা তীব্ৰ আন্দোলন আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসকে আগবঢ়োৱা পৃষ্ঠপোষকতাৰ ভিত্তিত ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তান নামৰ এখন সাৰ্বভৌম ৰাষ্ট্ৰ গঠিত হয়। এইদৰে দ্বি-জাতি তত্ত্বৰ অধীনত ১৯৪৭ চনত ১৪ আগষ্টত পাকিস্তান আৰু ১৫ আগষ্টত ভাৰতবৰ্ষই
স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে জন্মলাভ কৰিছিল।

3. ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।         HS-2014, 2020, 2024
উত্তৰঃ- ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্ট তাৰিখে দেশ বিভাজনৰ ফলশ্ৰুতি যে অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ আছিল। সেইকথা ইতি সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষই দুয়োখন দেশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। দেশ বিভাজনৰ পৰিণতিসমূহ তলত আলোচনা কৰা হ’ল—
(১) নৱজাত দুয়োখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা নৃশংস অত্যাচাৰ, হত্যা-হিংসাই চৰম পৰ্যায়ত উপনীত হৈছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদায়ে অন্যটো সম্প্ৰদায়ৰ ওপৰত কৰা অত্যাচাৰৰ ফলত লাহোৰ, অমৃতসৰ, কলকাতা আদি চহৰত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠিছিল।
(২) এই চহৰবোৰত মুছলমান অধ্যুষিত অঞ্চললৈ হিন্দু বা শিখ সম্প্ৰদায়ৰ লোক অহা যোৱা কৰা আৰু হিন্দু বা শিখ সম্প্ৰদায় অধ্যুষিত অঞ্চললৈ মুছলমান সম্প্ৰদায়ৰ লোক আহ-যাহ কৰাটো এৰাই চলা দেখা গৈছিল। এনেদৰে এই চহৰবোৰত সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠা দেখা গৈছিল।
(৩) এনে দুৰ্বিষহ পৰিস্থিতিয়ে নিজৰ ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য কৰা সীমান্তৰ দুয়োপাৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নতুন সীমান্ত অতিক্ৰম কৰিবলৈ যাওঁতে সীমাহীন কষ্ট আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল।
(৪) নতুন সীমান্ত অতিক্ৰম কৰিবলৈ বাছ, ৰেল আৰু পদব্ৰজে অগ্ৰসৰ হোৱা ভগনীয়াসকলে যাত্ৰাপথত হ্ত্যা-ধৰ্ষণ-লুণ্ঠনৰ সন্মুখীন হ’বলগীয়া
হৈছিল। সীমান্তৰ দুয়োপাৰে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ কৰা হৈছিল। বহুসংখ্যক মহিলাক অপহৰণ কৰি নি জোৰ জুলুমকৈ বিয়া কৰাই ধৰ্মান্তৰকৰণ কৰা হৈছিল।
(৫) আমাৰ এই দেশ বিভাজন কেৱল দেশৰ সা-সম্পত্তি, দেনা-পাওনা বা দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোটৰ বিভাজন নাছিল। আৰ্থিক সম্পদসমূহৰ লগতে চৰকাৰী কাৰ্যালয়ৰ চকী-মেজ, কিতাপ-পত্ৰ, টাইপ-ৰাইটাৰ, পেপাৰক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো ভাগ কৰি লোৱা হৈছিল।
(৬) ভাৰত-পাকিস্তানৰ কবি-সাহিত্যিকসকলে দেশ-বিভাজনক ‘হৃদয়ৰ বিভাজন’ হিচাপে বৰ্ণনা কৰা হৈছে। 

Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Alternative English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

 

Syllabus of Class 12 Political Science in Assamese
Part-A : সমকালীন বিশ্ব ৰাজনীতি

  1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
  2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
  3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
  4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
  5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
  6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
  7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
  8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
  9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

  1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
  2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
  3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
  4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
  5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
  6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
  7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
  8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
  9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
  10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES

 

Syllabus of Class 12 Political Science in Assamese Part-A : সমকালীন বিশ্ব ৰাজনীতি

  1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
  2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
  3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
  4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
  5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
  6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
  7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
  8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
  9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

  1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
  2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
  3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
  4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
  5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
  6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
  7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
  8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
  9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
  10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Leave a comment

Trending