Questions Answers of AHSEC Solution for Class 12 Political Science বিশ্বায়ন । Globalization. All the important questions answers are discussed in this article.

 দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

বিশ্বায়ন । গোলকীয়কৰণ
GLOBALIZATION

Class 12 Political Science বিশ্বায়ন । Globalization ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science বিশ্বায়ন । গোলকীয়কৰণ Globalization has been discussed in systematic way. There are approximately important 35 questions answers in this article.
  1. অৰ্থনৈতিক বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা।  HS-2016 উত্তৰ:- (ক) আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু (খ) বিশ্ব বেংক 2. বিশ্বায়নৰ প্ৰক্তিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম উল্লেখ কৰা।  HS-2015 উত্তৰ:- (ক) আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু (খ) বিশ্ব বেংক 3. বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি কি?                 HS-2013 উত্তৰ:- ৰাজনৈতিক মাত্ৰা, অৰ্থনৈতিক মাত্ৰা আৰু সাংস্কৃতিক মাত্ৰা। 4. বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল প্ৰযুক্তিবিদ্যা। (হয় অথবা নহয় লিখা)     HS-2013 উত্তৰ:- হয় 5. ভাৰতবৰ্ষই কেতিয়া নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে?        HS-2017 উত্তৰ:- ১৯৯১ চনত 6. WTO-ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ:- World Trade Organization 7. বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল___ । উত্তৰঃ- প্ৰযুক্তিবিদ্যা 8. বিশ্বায়ন কি? উত্তৰঃ-বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া। জন বেইলিছ আৰু ষ্টিভ স্মিথৰ মতে, বিশ্বায়ন হ’ল এনে এটা প্ৰত্ৰিয়া, য’ত বিভিন্ন সমাজৰ মাজত ক্ৰমান্বয়ে পাৰস্পৰিক নিৰ্ভৰশীলতা স্থাপিত হয়; যাৰ ফলত বিশ্বৰ কোনো এক প্ৰান্তৰ ঘটনাই বহু দূৰত অৱস্থিত অন্য দেশৰ জনসাধাৰণ নাইবা সমাজৰ ওপৰত প্ৰভাৱ পেলায়। 9. বিশ্বায়নৰ দুটা কাৰণ লিখা।  HS-2018 marks-2 উত্তৰ:- বিশ্বায়নৰ দুটা কাৰণ হ’ল- (i) কিছুমান চিন্তাবিদে সমসাময়িক বিশ্বায়নৰ আঁৰত এটা নিৰ্দিষ্ট কাৰণ থকা বুলি বিশ্বাস কৰে, তেওঁলোকৰ মতে এই প্ৰৱাহসমূহৰ দ্ৰুত গতি আৰু মাপেই হৈছে সমসাময়িক বিশ্বায়ন সংঘটিত হোৱাৰ মূল কাৰণ। (ii) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত মানৱ সমাজে যি অগ্ৰগতি লাভ কৰিছে, তাৰ পৰিণতিতে বিকাশ হৈছে বিশ্বায়নৰ। টেলিভিশ্যন, ডাক-তাঁৰ, টেলিগ্ৰাফ, মাইক্ৰ’চিপ আদিৰ আৱিস্কাৰে যোগাযোগ ব্যৱস্থাত এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হয়। (iii) যি অবিৰত প্ৰৱাহ পৰিলক্ষিত হৈছে, এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ প্ৰযুক্তিবিদ্যাৰ বাবে। এনে প্ৰৱাহ ইমান দ্ৰুতগতিত ঘটিব লাগিছে যে দেশসমূহৰ মাজৰ সময় আৰু দূৰত্বৰ ধাৰণাকো ক্ৰমান্বয়ে সংকুচিত কৰি তুলিছে। (iv) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আন এক অৱদান হৈছে ছপাশালৰ আৱিষ্কাৰ। ছপাশাল যন্ত্ৰৰ আৱিস্কাৰে জনসাধাৰণৰ মাজত জায়তীয়তাবাদী ভাৱ-ধাৰাৰ উন্মেষণ ঘটোৱাত বিশেষভাৱে সহায় কৰে। 10. বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা।      HS-2015, 2020 marks-4 উত্তৰ:- বিশ্বায়নৰ দুটা সপকে যুক্তি হ’ল— (i) বিশ্বায়নৰ ফলত প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে ফলত দ্ৰুতগতিত অৰ্থনৈতিক উন্নয়ন হৈছে। (ii) বিশ্বায়নে যাতায়াত-যোগাযোগ ক্ষেত্ৰত উন্নতি সাধন কৰি বিশ্ব জনসাধাৰণৰ উত্বiৰ্দ্ধ সাধন কৰিছে। বিশ্বায়নৰ দুটা বিপক্ষে যুক্তি (i) বিশ্বায়নে সকলো লোকক সমানে প্ৰভাৱিত কৰিব পৰা নাই। ধনীসকলক বেছি ধনী আৰু দুখিয়াসকলক বেছি দুখিয়া কৰিছে। (ii) বিশ্বায়নৰ ফলত সংস্কৃতিৰ ক্ষেত্ৰতো ভাবুকি আহিছে। যাৰ ফলত নিজৰ সংস্কৃতি বাদ দি পাশ্চাত্যৰ প্ৰভাৱৰ প্ৰতিহে মানুহ আকৰ্ষিত হৈছে। 11. বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ সমূহ কি কি? আলোচনা কৰা।     HS-2014 marks-2+2+2=6 উত্তৰ:- বিশ্বায়নৰ অৰ্থনৈতিক প্ৰভাৱঃ– বহুতে বিশ্বায়নক এটা সম্পূৰ্ণৰূপে অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰে। বিশ্বায়নৰ বহুবোৰ কথা যে অৰ্থনৈতিক ধাৰণাকেন্দ্ৰিক সেই কথাও অসত্য নহয়। আকৌ এই বিষয়ে যথেষ্ট চিন্তা-চৰ্চা আৰু তৰ্ক-বিতৰ্কৰো যথেষ্ট অৱকাশ আছে। এই বিষয়ত উদ্ভৱ হোৱা এটা সমস্যা হ’ল বিশ্বায়নৰ প্ৰকৃত অৰ্থ বা সংজ্ঞা সম্পৰ্কে। অৰ্থনৈতিক বিশ্বায়নৰ আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বাণিজ্য সংস্থা (WTO)-ৰ সৈতে পোনপটীয়া সম্পৰ্কৰ কথা মনলৈ আহে। এই দুই সংগঠনে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক নীতি নিৰ্ণয় কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেই সত্ত্বেও অৱশ্যে অৰ্থনৈতিক বিশ্বায়নক তেনেধৰণৰ সংকীৰ্ণ গণ্ডীৰ ভিতৰত আবদ্ধ কৰিব নোৱাৰি। বিশ্ব অৰ্থনৈতিক দিশত উপৰোক্ত অনুষ্ঠান দুটাৰ বাহিৰেও আৰু ভালেমানকৰ্তা (Actor) জড়িত হৈ আছে। বিশ্বায়নৰ ৰাজনৈতিক প্ৰভাৱঃ- সমাজ বিজ্ঞানৰ অধ্যয়নৰ বিষয় হিচাপে ৰাজনীতি আৰু অৰ্থনীতিৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। ৰাজনীতি আৰু অৰ্থনীতিৰ মু্খ্য উদ্দেশ্য হ’ল ব্যক্তি আৰু সমাজৰ সুখ-স্বাচ্ছন্দ্য আৰু উন্নয়ন বৃদ্ধি কৰা। ছাৰ জন ষ্টিৱাৰ্টৰ মতে পৰিয়ালৰ লগত মিতব্যয়িতাৰ সম্পৰ্ক যেনে ৰাষ্ট্ৰৰ সৈতে অৰ্থনৈতিক দিশৰ সম্পৰ্কও তেনে। তদুপৰি অৰ্থনৈতিক সমস্যাৰ সমাধান, উত্পােদন-বিনিময়-বিতৰণ-বাণিজ্য আদি একাধাৰে আৰ্থ-ৰাজনৈতিক এটা প্ৰক্ৰিয়াৰ বাহিৰে অন্য নহয় বুলি ক’ব পাৰি। গতিকে, স্বাভাৱিকতে বিশ্বায়নৰ প্ৰভাৱবোৰৰ ভিতৰত অৰ্থনৈতিক প্ৰভাৱৰ সমপৰ্যায়ৰ এটা প্ৰভাৱ হ’ল ৰাজনৈতিক প্ৰভাৱ। বিশ্বায়নৰ সাংস্কৃতিক প্ৰভাৱঃ– অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশ দুটাৰ বাহিৰেও বিশ্বায়নৰ আৰু ভালেমান প্ৰভাৱ আছে। সাংস্কৃতিক বিশ্বায়ন সেইবোৰৰ অন্যতম। ‘সাংস্কৃতিক’ পদটো অতিশয় অৰ্থবহ। খাদ্য, পানীয়, পোছাক-পৰিচ্ছদ, পৰিয়ালৰ আচাৰ-ব্যৱহাৰ আদি সমস্ত ঘৰুৱা কথাবোৰ আৰু সামাজিক আচৰণ, ভাষা, ধৰ্ম, সংগীত, বাদ্য, নাচ, ভাওনা, উত্সাৱ-পাৰবণ আদি বিশ্বায়নৰ এইবিধ প্ৰভাৱৰ আওতাৰ ভিতৰত পৰে। তদুপৰি দেশৰ পৰম্পৰা সংস্কৃতিৰ ওপৰত আৰ্থ ৰাজনৈতিক নৈতিকতা আৰু মিতব্যয়িতাৰো গভীৰ সম্পৰ্ক আছে। উদাহৰণস্বৰূপে, কোনো কোনো পৰিয়ালত কোনোবা এটা কাম কৰাৰ ওপৰত নিষেধ দেখা যায়। 12. বিশ্বায়নৰ সাংস্কৃতিক পৰিণতি সমূহৰ বিষয়ে আলোচনা কৰা।     HS-2019  marks-4 উত্তৰ:- প্ৰখ্যাত সমাজতত্ববিদ আৰু বিশ্বায়নৰ এগৰাকী সমলোচক জেমছ পেট্টাছে তেখেতৰ বিভিন্ন লিখনিত দেখুৱাইছে যে বিশ্বায়ন প্ৰক্ৰিয়াই সাংস্কৃতিক ক্ষেত্ৰটোক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। (ক) মানুহৰ চিন্তা-চৰ্চা, সাজ-পাৰ, খাদ্যাভাস আৰু সাংস্কৃতিক ৰুচিবোধক এনে ধৰণে নিৰ্মাণ কৰিব খোজা হৈছে যাতে ই বহুজাতিক কোম্পানীসমূহৰ বজাৰ প্ৰসাৰণত অৰিহণা যোগায়। (খ) আজিকালি সঘনেই বিশ্বায়নে অপ-সংস্কৃতিৰ বেহা পতা বুলি অভিযোগ উত্থাপিত হ’ব ধৰিছে। বহিঃ সাংস্কৃতিক আদৰাৰ নামত আচলতে এক ধৰণৰ উপৰুৱা সংস্কৃতিৰহে আগমণ ঘটোৱা হৈছে তৃতীয় বিশ্বৰ দেশসমূহলৈ। (গ) অবিৰতভাৱে প্ৰচাৰিত আমোদ-প্ৰমোদৰ অনুষ্ঠানসমূহে মানুহক সমাজক পৰা বিচ্ছিন্ন কৰি ঘৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ৰখাৰো অভিযোগ উঠিছে। (ঘ) বিশ্বায়নৰ বাবে আমি আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিৰ সৈতে সহজে পৰিচিত হোৱাৰ সুবিধা পাইছো। (ঙ) অন্য দেশত নিৰ্মিত কথাছবি চোৱাৰ, অন্য দেশৰ খাদ্যৰ জুতি লোৱাৰ অথবা অন্য দেশৰ সাজ-পাৰৰ সৈতে পৰিচিত হোৱাৰো সুবিধা পাইছে। 13. বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতি সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। HS-2018  marks-4 উত্তৰ:- বিশ্বায়নৰ প্ৰক্ৰিয়াই দেশীয় তথা আন্তৰ্জাতিক অৰ্থনীতিত পেলোৱা প্ৰভাৱৰ ভিতৰত তলত উল্লেখ কৰা দিশসমূহ গুৰুত্বপূৰ্ণ : (ক) পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। (খ) আন্তৰ্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। (গ) বিশ্বায়নৰ মাজেৰে গঢ়ি উঠা বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন ধৰণৰ বৈষম্য গঢ়ি উঠিছে। এই বাণিজ্য ব্যৱস্থাই উন্নত পুঁজিবাদী দেশসমূহক অধিকভাৱে সহায় কৰিছে। (ঘ) বিশ্বায়নৰ মাজেৰে নামি অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই বিভিন্ন দেশ তথা দেশৰ ভিতৰতে বিভিন্ন বৰ্গৰ মাজত অসমতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হ’ব ধৰিছে। 14. বিশ্বায়নৰ ৰাজনৈতিক পৰিণতি সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।     HS-2016,2021 marks- 4 উত্তৰ:- বিশ্বায়নে কোনো দেশৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে। এই প্ৰভাৱ সম্পৰ্কেও বিভিন্ন বিতৰ্ক পৰিলক্ষিত হয়। বিশ্বায়নে ৰাজনীতি আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে সংক্ষেপে তলত দিয়া ধৰণে ক’ব পাৰি : (ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাৱদ্ধতা আনি দিছে। (খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণকামী কাৰ্যসূচীক সংকুচিত কৰিছে। (গ) বিভিন্ন দেশৰ চৰকাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেৱাত অধিকভাৱে ব্যস্ত হৈ পৰিছে। (ঘ) বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দূৰ্নীতিৰো সূচনা কৰিছে। এই ক্ষেত্ৰত ভাৰতবৰ্ষ এক গুৰুত্বপূৰ্ণ উদাহৰণ।    

Syllabus of Class 12 Political Science in Assamese Part-A : সমকালীন বিশ্ব ৰাজনীতি

  1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
  2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
  3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
  4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
  5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
  6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
  7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
  8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
  9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

  1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
  2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
  3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
  4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
  5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
  6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
  7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
  8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
  9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
  10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D. Post Graduate Teacher (Political Science) H.N.Seminary Model HS School, Bagribari, Dhubri, Assam Email : brahmaratan@gmail.com Whatsapp no. : 7020477396 Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

 

Leave a comment

Trending