আই লাভ ইউ বুলি । I Love you buli-জুবিন গাৰ্গ

1. I Love you বুলি ক’লো মই
তুমি চাগে নুশুনিলা
কঠিন শিলৰে হৃদয়
তোমাৰ সঁচাকে জানা
I need you বুলি ক’লো মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনক চাকি
নুমাল হঠাতে জানা

তিনি আলিতে লগ পোৱা
দুটি মিঠা কথা
কাগজ কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে মই যোৱা
বেঁকাকৈ তুমি চোৱা
তোমালৈ মই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰ’লা
তুমি চাগে নুবুজিলা
বুকুতে যে নথ’লা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ
কলেজৰৰে কেণ্টিনত
গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা
আছিল ছানো মিছা
ৰাতি ৰাতি অকলে
তোমাৰ ফটো চোৱা
বুকুতে সপোন গুঠা
আজি দেখো মিছা।


2. ফুল ফুলক ৰ’দৰে ফুল । Ful fulak rodare ful


ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰাত
ফুল ফুলক সূৰ্যমুখী ফুল
প্ৰিয়তমা,
তোমাৰ খোপাত
নাহৰ পাতত মেঘৰ ছাঁয়াই
নাচক আজি
মন আকাশত ডাৱৰৰে ফুল
ফুলক আজি
প্ৰজাপতি মেলা সপোন পাখি
মুদ্ধ হিয়াত
ফুল ফুলক
সূৰ্যমুখী ফুল প্ৰিয়তমা
তোমাৰ খোপাত।
এৰি অহা বাট ঢাকি থ
এখিলা শুকান সৰা পাত
সমুখত প্ৰণয়ৰ তীৰ্থ পথ
পখিলা পাখি মেলি থাক
বাঁহীৰ সুৰত নিশাৰ তৰাই নাচক আজি
দুটি নয়নত মধু জোন জ্বলক আজি
সূৰ্যমুখী মেলা সপোন পাহি
মোৰেই হিয়াত
ফুল ফুলক সূৰ্যমুখী ফুল
প্ৰিয়তমা তোমাৰ খোপাত।

3. গা ভৰা বয়সৰ । Ga bhora bayaxar


গা ভৰা বয়সৰ লাজ লগা কথা
পৰিলে মনত আজিও হাঁহি উঠা
কটাৰিৰে হাত কাটি তোমাক নাপালে মই
মৰি যাম বুলি তুমি মৰি যাম বুলি তুমি
মৰি যাম বুলি তুমি বাৰে বাৰে কোৱা
গা-ভৰা বয়সৰ লাজ লগা কথা
পৰিলে মনত আজিও হাঁহি উঠা
সেই জুমি জুমি চোৱা
এদিন আহি কথা হোৱা
অ’ দিনে দিনে বাঢ়ি যোৱা
মৰম আৰু ভাল পোৱা
এদিন সকলো কথা
সকলোৱে গম পোৱা
তুমি ন’কলে কোনে
ক’লে ইহঁতকে কোৱা
মই যে কাকো কোৱা নাই
বিদ্যা শপত খাই
ভাগৰি পৰা বুলো
বিদ্যা শপত খাই ভাগৰি পৰা
সেই দুপৰৰে বেলা
যৌৱনৰে বাঢ়ি বোকা
অ’ দুয়ো মিলি এক হোৱা
সপোনেৰে বান্ধ খোৱা
এদিন নেদেখা হ’লেই
থাকিব নোৱাৰা হোৱা
তুমিয়ে লাহে লাহে
দেখিও নেদেখা হোৱা
তথাপি আজিও বিষায়
বুকুখন তোমাকে দেখি দূৰৰ পৰা বুলো
বুকুখন তোমাকে দেখি দূৰৰে পৰা
গা ভৰা বয়সৰ লাজলগা কথা… ।


4. জগত পোহৰ কৰি । Jagat pohar kori


জগত পোহৰ কৰি আহিব প্লাৱন
আঁতৰাব অমানিশা বধিব ৰাৱণ
নিকা হ’ব সমাজ
শেষ হ’ব এই পাপ
ফুলি ৰ’ব প্ৰেম শতদল
লিখা হ’ব আকৌ নতুন ইতিহাস
ভণ্ড সমাজৰ হ’ব পৰিহাস
মাতৃৰ আচলত নামিবহি পৰভাত
হিংসাৰ জুই হ’ব ম্লান
উপজিব দেৱজাত দিব পৰিত্ৰাণ
দুচকুত শান্তিৰ শিখা অনিৰ্বাণ
মানৱ প্ৰেমৰ কণা
পাৰিজাত ফুল হৈ
বৰষিব আইৰ চৰণত
জগত পোহৰ কৰি আহিব প্লাৱন
আঁতৰাব অনামিশা বধিব ৰাৱণ…।

Leave a comment

Trending