Questions Answers of AHSEC Solution for Class 12 Political Science নব্য সামাজিক আন্দোলনৰ উত্থান । Rise of New Social Movement. All the important questions answers are discussed in this article.
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান
নব্য সামাজিক আন্দোলনৰ উত্থান
RISE OF NEW SOCIAL MOVEMENT
Class 12 Political Science
Political Science নব্য সামাজিক আন্দোলনৰ উত্থান । Rise of New Social Movement ৰ প্ৰশ্ন উত্তৰ:-
The questions answers of Class 12 Political Science নব্য সামাজিক আন্দোলনৰ উত্থান । Rise of New Social Movement has been discussed in systematic way. There are approximately important 40 questions answers in this article. 1. কোন জিলাত আৰাক (সুৰা) বিৰোধ আন্দোলন আৰম্ভ হৈছিল? HS-2018 উত্তৰঃ- অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰ জিলাত 2. নৰ্মদা বচাও আন্দোলনৰ কোনে নেতৃত্ব দিছিল? HS-2017 উত্তৰঃ- মেধা পাটকাৰ 3. সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া। HS-2012, 2014 উত্তৰঃ- নৰ্মদা বচাও আন্দোলন 4. আৰাক-বিৰোধ আন্দোলনটোক নাৰী আন্দোলন হিচাপে গণ্য কৰা হয়। (শুদ্ধ নে অশুদ্ধ) HS-2015, 2016 উত্তৰঃ-শুদ্ধ 5. আৰাক (সুৰা) বিৰোধ আন্দোলনে কি দাবী জনাইছিল? উত্তৰঃ- চুবুৰীয়া অঞ্চলসমূহত মাদক দ্ৰব্য বিক্ৰীৰ নিষেধোজ্ঞাৰ বাবে জাবী জনাইছিল। 6. আৰাক মানে কি? উত্তৰঃ- সুৰা 7. ভাৰতৰ ৰাজনীতিত গণ আন্দোলনৰ কিয় সূচনা হৈছিল? উত্তৰঃ- নিজৰ অধিকাৰ প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যৰ দ্বাৰাই ভাৰতৰ ৰাজনীতিত গণ আন্দোলন বা নতুন সামাজিক আন্দোলনৰ সূচনা হৈছিল। 8. চিপ্কো আন্দোলনৰ এটা অভিনৱ দিশ কিহৈছিল? উত্তৰঃ- মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ 9. চিপ্কো আন্দোলন কেতিয়া সংঘটিত হৈছিল? উত্তৰঃ- 1974 চনৰ 26 মাৰ্চত। 10. চিপ্কো আন্দোলন কোনখন ৰাজ্যত আৰম্ভ হৈছিল? উত্তৰঃ- উত্তৰাখণ্ডত (তেতিয়াৰ উত্তৰ প্ৰদেশ) 11. NFWF-ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰঃ-National Fish Workers Forum 12. MKSS-ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰঃ-Majdur Kishan Sakti Sangram 13. কৃষকসকলৰ যিকোনো এটা সংগঠনৰ নাম লিখা। উত্তৰঃ-ভাৰতীয় কৃষক সংঘ। 14. তথ্য জনাৰ অধিকাৰ বিধেয়কখন কেতিয়া গৃহীত হয়? উত্তৰঃ-2005 চনৰ জুন মাহত 15. দলিত পেন্থাৰৰ আদৰ্শ কি আছিল? উত্তৰঃ-সমাজৰ পৰা জাতিভেদ প্ৰথা তথা অস্পৃশ্যতা দূৰ কৰা। 16. নামদেউ ধাছাল কোন আছিল? উত্তৰঃ-নামদেউ ধাছাল প্ৰখ্যাত মাৰাঠী কবি তথা সমাজ সংগঠক আছিল। তেওঁৰ নেতৃত্বতে 1972 চনৰ দলিত পেন্থাৰচৰ জন্ম হয়। 17. মহিলাৰ বাবে সংৰক্ষণৰ অনুমোদন কোনটো সংশোধনীয়ে দিছিল? উত্তৰঃ- সংবিদানৰ 73তম আৰু 74তন সংশোধনীয়ে। 18. নিৰ্দলীয় আন্দোলন বুলিলে কি বুজা? উত্তৰঃ- কোনো ৰাজনৈতিক দল সহায় আৰু প্ৰত্যক্ষ সমৰ্থন অবিহনে বিভিন্ন ৰাজনৈতিক সামাজিক আৰু নাগৰিক সংগঠনৰ সহযোগত নিৰ্দিষ্ট দাবীৰ সপক্ষে গঢ় লোৱা বিভিন্ন সামাজিক আন্দোলনবোৰকে নিৰ্দলীয় আন্দোলন বুলি কোৱা হয়। 19. নর্মদা বাচাও আন্দোলন কি? এই অন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল? 1+1=2 উত্তৰঃ-মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে আন্দোলনক নৰ্মদা বাচাও আন্দোলন বোলে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে মেধা পাটেকাৰে। দীঘল প্ৰশ্নোত্তৰঃ- 1. ২০০১ ৰ মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতিৰ প্ৰধান উদ্দেশ্য সমূহ লিখা। HS-2019, 2021 4 উত্তৰঃ- ভাৰতৰ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত মহিলাসকলে সন্মুখীন হৈ থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ প্ৰতি সুবিচাৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ২০০১ চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি প্ৰণয়ন কৰে। এই নীতিৰ কেইটামান উদ্দেশ্য তলত উল্লেখ কৰা হ’ল। (ক) মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু পৌৰ অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ। (খ) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্থা সৃষ্টি। (গ) অৰ্থনৈতিক আৰু সামাজিক নীতিৰ জৰিয়তে এক ইতিবাচক পৰিবেশৰ সৃষ্টি কৰা যি পৰিৱেশত মহিলাসকলে তেওঁলোকৰ গুণগত মান নিৰ্ধাৰণ কৰি পূৰ্ণ বিকাশ লাভ কৰিব পাৰে। (ঘ) মহিলাসকলক সম পদবী, স্বাস্থ্য, নিয়োগ, সামাজিক নিৰাপত্তা আৰু সুবিধা প্ৰদান কৰা। মহিলাসকলৰ অংশগ্ৰহণত উত্সা হিত কৰাৰ বাবে সংবিধানৰ ৭৩নং আৰু ৭৪নং সংশোধনীৰ জৰিয়তে পঞ্চায়ত আৰু পৌৰ নিগমসমূহত এক তৃতীয়াংশ আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰা হৈছে। 2. সামাজিক আন্দোলন মানে কি বুজা? সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰঃ- সহজ ভাষাত সামাজিক আন্দোলন হ’ল কোনো পৰিবৰ্তন উদ্দেশ্যে অথহা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এটা সমূহীয়া চেষ্টা। ধনশ্যাম শ্বাহৰ মতে, “সামাজিক আন্দোলন প্ৰতিশব্দটো সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে যিকোনো ধৰণৰ অনা অনুষ্ঠানিক, ইচ্ছাকৃত সংঘবদ্ধ কাৰ্যক ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে।” সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য- (ক) ৰাজনৈতিক আন্দোলনবোৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি সৃষ্টি হয়। আনহাতে, সামাজিক আন্দোলন এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হয়। (খ) ৰাজনৈতিক আন্দোলনবোৰ দীঘলীয়া সময়ৰ বাবে নচলে। কিন্তু, সামাজিক আন্দোলনবোৰ দীঘলীয়া আৰো ই সহজতে শেষ নহয়। (গ) ৰাজনৈতিক আন্দোলনৰ উদ্দেশ্য হ’ল ৰাজনৈতিক বা নিৰ্বাচন সংক্ৰাংন্তীয়। আনহাতে, সামাজিক আন্দোলনৰ উদ্দেশ্য পৰিৱেশবাদকে ধৰি সমাজৰ বিভিন্ন সমস্যাক সামৰি লয়। (ঘ) ৰাজনৈতিক আন্দোলনবোৰ একোটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ নেতৃত্বত কাৰ্যকৰী কৰা হয়। কিন্তু, সামাজিক আন্দোলনবোৰ ৰাজনৈতিক দলবিহীন। 3. চিপকো আন্দোলন কি? এই আন্দোলনৰ প্ৰভাৱ কি আছিল? HS-2012, 2014, 2018, 2020 উত্তৰঃ- ১৯৭৪ চনৰ ২৬ মাৰ্চত উত্তৰাখণ্ডৰ চামোলি জিলা ৰেনি গাঁৱৰ মহিলাৰ এটা গোটে ঠিকাদাৰজনৰ গছ কটাত বাধা প্ৰদান কৰিবলৈ গছত সাবটি ধৰিছিল। সেয়ে এই আন্দোলনটোৰ নাম চিপকো আন্দোলন। মহিলাৰ সক্ৰিয় অংশগ্ৰহণ আছিল চিপকো আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। এই আন্দোলনে পৰবৰ্তী সময়ত দেশৰ বিভিন্ন প্ৰান্তত পৰিৱেশ সজাগতা নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই আন্দোলনৰ আটাইতকৌ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু তেওঁলোকে দিয়া নেতৃত্ব। বনাঞ্চলৰ সম্পদ লুট-পাট কৰিব খোজা ঠিকাদাৰসকলে পুৰুষসকলক মদৰ যোগান ধৰি নিচাসক্ত কৰি ৰাখিব খোজে। এই ভয়াৱহ যড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবৰ বাবে মহিলাসকলে নিচা প্ৰসাৰণৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলগীয়া হৈছিল। মহিলাসকলে গঢ়ি তোলা আন্দোলনে চৰকাৰৰ বন নীতি (Forest policy) সলনি কৰিবলৈকো সক্ষম হ’ল। চৰকাৰে হিমালয় অঞ্চলত পোন্ধৰ বছৰৰ বাবে গছ কটা নিষিদ্ধ কৰিলে। বৰ্তমানৰ উত্তৰাখণ্ডৰ গাড়ৱাল অঞ্চলত আৰম্ভ হোৱা চিপকো আন্দোলন বৰ্তমান সমগ্ৰ বিশ্বৰে পৰিৱেশ আন্দোলনৰ এক প্ৰতীক। এই আন্দোলনে বনজ সম্পদৰ ওপৰত পাহাৰীয়া মানুহৰ অধিকাৰক নৈতিকভাৱে স্বীকৃতি দিবলৈ বাধ্য হৈছিল। অসমতো গোলাঘাট জিলাৰ দৈয়াং-টেঙনী অঞ্চলত অনেধৰণৰ প্ৰশ্নসমূহক কেন্দ্ৰ কৰিয়েই বনাঞ্চলৰ জনসাধাৰণে কেইবা দশকো ধৰি আন্দোলন কৰি আহিছে। এই আন্দোলনৰ প্ৰসাৰণ ঘটিয়েই অসমত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম নামৰ সংগঠনটো গঢ়ি উঠিছে। 4. নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। তুমি এই আন্দোলনটো যুক্তিসংগত বুলি ধাৰণা কৰানে? তোমাৰ যুক্তিৰ কাৰণ দৰ্শোৱা। HS-2013, 2016 উত্তৰঃ- মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্য নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনক বিকাশ আক্ৰান্ত লোকৰ আন্দোলন হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতত বিকাশ আৰু পৰিবেশৰ মাজৰ সংঘাত এই আন্দোলনৰ জৰিয়তে স্পষ্ট হৈ পৰে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে মেধা পাটেকাৰে। ১৯৮০ৰ দশকৰ আৰম্ভণিত নৰ্মদা উপত্যকাত এটা বৃহত্ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয়। এই প্ৰকল্পটোত ৩০ টা বৃহত্ নদীবান্ধ, ১৩৫ টা মজলীয়া ধৰণৰ আৰু প্ৰায় ৩,০০০ টা সৰু বান্ধ নৰ্মদা আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়। এই উপনৈসমূহ মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ মাজেৰে হৈছে। এই নদীবান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী, জলসিঞ্চনৰ বাবে পানী, বিদ্যুত্ উত্পাদন আৰু কৃষি উত্পাাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছিল। কিন্তু নৰ্মদা বাচাও আন্দোলনে দাবী জনায় যে প্ৰকল্পয়ে ২৪৫ খন গাঁও জলমগ্ন হোৱাৰ লগতে প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্ৰস্ত হ’ব। আন্দোলনটোৰ মতে বৃহত্ প্ৰকল্পৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয় সম্প্ৰদায়ৰ মতে প্ৰকাশৰ অধিকাৰ থাকিব লাগিব। নৰ্মদা বাচাও আন্দোলনটো যথেষ্ট যুক্তিসংগত আছে, কাৰণ এই আন্দোলনৰ দ্বাৰা নৰ্মদা উপত্যকাত বসবাস কৰা অগণনন লোকৰ ন্যায্য অধিকাৰ ৰক্ষা কৰিবলৈ বিচৰা হৈছিল। 5. ভাৰতত সামাজিক আন্দোলনৰ গুৰুত্ব আছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। HS-2015 (অথবা) নর্মদা বচাও আন্দোলনে কিয় নর্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধীতা কৰিছিল? HS -2024 উত্তৰঃ-ভাৰতত সামাজিক আন্দোলনৰ যথেষ্ট গুৰুত্ব আছে বুলি ভাবো। এই আন্দোলনসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে প্ৰাপ্য অধিকাৰৰ দাবীত সংঘবদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে। তলত যুক্তিসমূহ আলোচনা কৰা হ’ল- (ক) সামাজিক আন্দোলনসমূহে সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্ক স্থাপন কৰিছে। সামাজিক আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণৰ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পৰ্কে সজাগ হৈছে। (খ) সামাজিক আন্দোলনসমূহে সাধাৰণ আৰু নিৰ্দিষ্টভাৱে জনসাধাৰণৰ চিন্তা, আশা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে। (গ) সামাজিক পৰিবৰ্তন প্ৰক্ৰিয়াত সমাজৰ লোকসকলৰ অংশগ্ৰহণ আৰু ভূমিকা পালনৰ সুযোগ প্ৰদান কৰিছে এই আন্দোলনসমূহে। (ঘ) সামাজিক আন্দোলনসমূহে জনসাধাৰণক শিক্ষাপ্ৰদান আৰু গতিশীল কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। (ঙ) সামাজিক আন্দোলনসমূহে বিকাশৰ নতুন ধাৰণা আৰু বিকল্প আৰ্হিও উদ্ভাৱন কৰে। ইয়াৰ ফলস্বৰূপে জনসাধাৰণ সচেতন হয় আৰু ৰাজনৈতিক দল আৰু চৰকাৰৰ কাম-কাজৰ মূল্যায়ন কৰিবলৈ সমৰ্থ হয়। (চ) চৰকাৰৰ পৰা ন্যায়, সুবিচাৰ লাভ কৰাৰ ক্ষেত্ৰত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক বিশেষভাৱে সহায় কৰি আছে সামাজিক আন্দোলনসমূহে। গণতান্ত্ৰিক ব্যৱস্থাটো সফল কৰাৰ ক্ষেত্ৰত এই আন্দোলনসমূহৰ ভূমিকা যথেষ্ট তাত্প ৰ্যপূৰ্ণ। 6. মাদক দ্ৰব্য বিৰোধী আন্দোলনটোক নাৰী আন্দোলন বুলি তুমি ভাবা নেকি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। HS-2012, 2017 উত্তৰঃ- মাদক দ্ৰব্য (আৰাক) বিৰোধী আন্দোলনটোক মই নাৰী আন্দোলন বুলি ভাবো। অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত পুৰুষসকলৰ আৰাক নামৰ স্থানীয় সুৰা আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল লগতে বেয়াকৈ প্ৰভাৱ পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে মাদক দ্ৰব্য (আৰাক) বিৰোধী আন্দোলন আৰম্ভ কৰিছিল। গাঁৱৰ মাদক দ্ৰব্য (আৰাক) বিক্ৰেতাক তেওঁলোকে অৱগত কৰিছিল। মাদক দ্ৰব্য (আৰাক) কঢ়িয়াই অনা জীপ গাড়ীখন ওভোতাই পঠালে। গুণ্ডাবাহিনীৰ দ্বাৰা মহিলীসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। মহিলাসকল কিন্তু অটল থাকিল তেওঁলোকৰ সিদ্ধান্তত। তেওঁলোকে সংগঠিতভাৱে গুণ্ডাৰ আক্ৰমণ প্ৰতিহত কৰাত গুণ্ডাবাহিনীও পলাবলৈ বাধ্য হ’ল। মহিলাসকলে সুৰাভৰ্তি তিনিখন জীপ জ্বলাই দিলে। মহিলাসকলৰ এই প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰত ১৭বাৰকৈ আৰাকৰ নিলাম স্থগিত ৰাখিবলগা হৈছিল। নেল্লোৰ জিলাত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰিছিল আৰু অন্ধ্ৰপ্ৰদেশৰ সেই সময়ৰ ৰাজধানী হায়দৰাবাদত মাদক দ্ৰব্য (আৰাক) বিক্ৰীৰ বিৰুদ্ধে বিশাল সমদল উলিয়াইছিল। 7. দলিত পেন্থাৰ কোন আছিল? কি কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছিল? উত্তৰঃ- ১৯৭২ চনত নামদেউ ধাছালৰ নেতৃত্বত বৰ্ণবাদৰ বিৰোধিতা কৰি মুম্বাইত দলিত পেন্থাৰচৰ জন্ম হয়। এই সংগঠনটোৱে বিভিন্ন দলিত আন্দোলনত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে। মূলতঃ অস্পৃশ্যতা আৰু বৰ্ণবাদৰ বিৰোধিতা সংগঠনৰ মুখ্য উদ্দেশ্য যদিও শোষিত শ্ৰেণীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহকো ইয়াৰ কাৰ্যাৱলীৰ ভিতৰত অন্তভূৰ্ক্ত কৰা হয়। তাৰোপৰি, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শসমূহেও ইয়াক অনুপ্ৰাণিত কৰি আহিছে। দলিত পেন্থাৰচৰ মূল লক্ষ্য আছিল হিন্দু বৰ্ণবাদী ব্যৱস্থা ভাঙি পেলোৱা। সেই লক্ষ্যত উপনীত হ’বৰ বাবে সমাজৰ সকলো নিপীড়িত লোক, বিশেষকৈ ভূমিহীন কৃষক আৰু চহৰাঞ্চলৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ লগত সংগঠিত কৰাটোও পেন্থাৰচৰ অন্যতম উদ্দেশ্য আছিল। এই লক্ষ্য-উদ্দেশ্যক বাস্তৱায়িত কৰিবৰ বাবে দলিত পেন্থাৰচে দলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উত্পীলড়নৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়়ি তুলিছিল। দলিত পেন্থাৰচক এই ক্ষেত্ৰত বহুবোৰ সম মনোভাবাপন্ন সংগঠনে সহায় কৰিছিল দলিত পেন্থাৰচে চলোৱা অবিৰত আন্দোলনৰ পৰিপ্ৰেক্ষিততেই চৰকাৰে ১৯৮৯ চনত এখন বিস্তৃত আইন প্ৰণয়ন কৰে। নামদেউ ধাছালৰ উপৰিও জে. ভি. পাৱাৰ, ৰাজা ডালে আৰু অৰুণ কাম্লে সংগঠনটোৰ আগশাৰীৰ নেতা আছিল। Syllabus of Class 12 Political Science in Assamese Part-A : সমকালীন বিশ্ব ৰাজনীতি- শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR
- দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS
- ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER
- সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA
- আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION
- সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD
- পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES
- বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION
- এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE
- জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING
- পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT
- ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS
- কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM
- সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER
- আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS
- নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT
- গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE & COALITION GOVERNMENT
- ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES
Leave a comment