আচিন আয়াং মানে কি । Aasin aayang mane ki-জুবিন গাৰ্গ
1. আচিন আয়াং মানে কি অ’ মৰমী
আচিন আয়াং মানে হ’ল বুকুৰে মৰম
তুমি যদি বুজি পোৱা মোৰে চেনাইটি
আইপ মেনাং মানে কি অ’ মৰমী
আইপ মেনাং মানে হ’ল তোমাকে ভাল পাওঁ
লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ
ঘূণা-সূঁতিৰে পাৰত বৰি মোৰ
জংকি-পানৈ কথা শুনিবৰ মন যায়
থাকিবা নে সঁচাকৈ মোৰ ক’নেং ঐ
মই আহিমে বুলি তুমি বাটে চায়
ফাগুনত আহিবা লিগাং চাবলৈ
ৰঙালীৰ বিগাচেং গাতে ল’বলে
আচিন আয়াং মানে কি অ’ মৰমী…
ঐনিতম এটি হৈ মোৰ ক’নেং ঐ
বাজি থাকিবা তুমি মোৰে বুকুত ঐ
পাহৰিব নোৱাৰিম মই সঁচাকৈ
ৰাগি আপঙৰ লাগিছে বেয়াকৈ
মৰমৰ চিলনী সাঁতোৰ দিবলে
আগিবা চেনাই ঐ মোৰে লগতে
আচিন আয়াং মানে কি অ’ মৰমী…।।
কথা, সুৰ, সংগীত – মানস ৰবীন
গীতৰ কথা – মানস ৰবীন আৰু তৰুলতা কুটুম
কেছেট – জোনবাই (বিহু গীত)
কণ্ঠ শিল্পী – জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতা
2. ৰুণজুন ৰুণজুন । Runjun runjun
ৰুণজুন নুপূৰে মাতে
কি সাজে সাজে কুঁহিপাতে
মন মোৰ বলীয়া কৰে
কুহু কুহু কুলিৰ মাতে
মন মোৰ উৰি যায়
চমকি থমকি ৰয়
যৌৱন যমুনাৰ পাৰতে
কিবা ভাবি গুণি আজি মনতে
মনত পৰিছে মন উতলা সুৰ
ফাগুণৰ মধুৰ বাঁহী
বাজিছিল তাহানি ইয়াতে
ফাগুণ আহিছে পলাশ বননি শুৱাই…. ।
3. বগাকৈ বগলী । Bogakoi bagali
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববছা বনতে
বুটলি বিলাওগৈ ব’লা।
অ’ আমি জোনাকী মন
অ’ জোনাকী মন
বগাকৈ বগলী বহলাই বহে
বহিলে বৰিব কিনো যায় আহে
চিনাকি তেওঁৰে তোমাৰে মোৰে
মিলনৰ একেটি বাজনা বাজে
নাচে জোনাকী মন।
বেলি আহে ন উলাহত
কুহুমিয়া মন আমাৰ
বেলি গ’লে জিকেমিকাই
ফুলৰ দৰে মন আমাৰ
এজাৰো ফুলিলে নকৰো বেজাৰ
পাহোৱাল বুকুতে সপোনে হেজাৰ
পাহোৱাল বুকতে সপোনে হেজাৰ
উছৱৰ বেলিকা হাঁহিতেই হাঁহি
কামৰে বেলিকা কামতেই মগন
অ’ জোনাকী মন।
শতৰু কোন মিতিৰনো কোন
চিনিবলে নাই লেঠা
মনে জানে মনে চিনে
নক’লেও যায় বুজা।
পাহাৰৰ পাহাৰী ভৈয়ামৰ ভদাই
দুয়োৰে মিলিলে কোনে কিতো কয়
চিনাকি তেওঁৰে তোমাৰে মোৰে
মিলনৰ একেটি বাজনা বাজে
নাচে জোনাকী মন।

Leave a comment