উভতি নহাৰ কবিতা-নৱকান্ত বৰুৱা । Ubhoti Nohar Kobita
উত্তৰঃ- আধুনিক কবিতা
3. কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্র কি? HS-2015, 2016, 2017
4. কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে? HS-2021 (Sp.)
উত্তৰঃ- কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল যন্ত্ৰণা। ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে এবাৰেই খেলিছে।
5. নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখাঁ। HS-2020
উত্তৰঃ- (ক) কপিলীপৰীয়া সাধু আৰু (খ) ককাদেউতাৰ হাড়।
6. ‘তামীঘৰ’ শব্দটোৰ অৰ্থ লিখা। HS-2017, 2012
উত্তৰঃ- তম্বু
7. নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? HS-2019,2012
উত্তৰঃ- ৰামধেনু আলোচনীৰ অৱদান স্মৰণীয়।
8. ‘যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’- ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ কি? HS-2013
উত্তৰঃ- যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ- ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ হ’ল- জীয়াই থকা।
9. নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা। HS-2017
উত্তৰঃ- (ক) কপিলী পৰীয়া সাধু আৰু (খ) ককাদেউতাৰ হাড়।
10. কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ- ‘ককাদেউতাৰ হাড়’।
উত্তৰঃ- আধুনিক বাস্তৱবাদী কবিতা।
12. কোন চনত আৰু কত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল? HS-2019, 2014
উত্তৰঃ- ১৯২৬ চনত গুৱাহাটীত।
13. ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
উত্তৰঃ- ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য হৈছে -ৰোমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।
14. নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখা।
উত্তৰঃ- জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়।
15. কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি? HS-2016, 2017
উত্তৰঃ- যন্ত্ৰণা
16. নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ- (ক) হে অৰণ্য হে মহানগৰ
(খ) দলঙত তামী ঘৰা
(গ) এটি দুটি এঘাৰটি তৰা।
17. বকুল তলৰ ফুল কোনে বুটলিব বুলি কবিয়ে ভাবিছে? HS-2016
উত্তৰঃ- কবিৰ মৃত্যুৰ পিছত নতুনকৈ পৃথিৱীলৈ আহিবলগীয়া কোনো মানুহে বকুল তলৰ ফুল বুটলিব বুলি কবিয়ে ভাবিছে।
18. নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- (ক) শিয়ালী পালেগৈ ৰতন পুৰ
(খ) ভত উকাৰে ভু
19. কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে?
উত্তৰঃ- কবিয়ে বকুল তলৰ ফুল কোনোবাই বুটলিব বুলি ভাবিছে।
20. ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ- ‘উভতি নহাৰ কবিতা’ পাঠটি ‘দলঙত তামীঘৰ’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।
21. নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ- (ক) ৰাৱণ আৰু (খ) সম্ৰাট
22. নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস- কথাষাৰ শুদ্ধনে? HS-2020
উত্তৰঃ-
23. কবিৰ মতে পৃথিৱীত নতুন মানুহ আহিলে কি কি পৰিৱৰ্তন হ’ব? HS-2019
উত্তৰঃ-
কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোবা নতুন মানুহ জন্ম গ্ৰহণ কৰিব।
তেওঁ হয়তো কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে
নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিশত নতুন-নতুন চিন্তা-ধাৰণাই
ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।
25. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা: HS-2012,2014,2019
‘যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ ………
এবাৰেই খেলি গলোঁ।’
উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ৰ পৰা অনা হৈছে।
ইয়াৰ দ্বাৰা যন্ত্ৰণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈ দুখ-যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় তাকে ক’ব বিচাৰিছে।
কবিয়ে জীৱনত বহুতো দুখ-যন্ত্ৰণা আদি পাইছে যদিও তাৰ মাজতেই তেওঁ জীয়াই
থকাৰ প্ৰেৰণাও পাইছে। কবিয়ে প্ৰাণভৰি পৃথিৱীখনক ভাল পায়। অৰ্থাত্
যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ মতে জীয়াই থকাটো হৈছে
এক যন্ত্ৰণাময় ধেমালি। মানুহৰ জীৱন সৰলৰেখাৰ দৰে পোন নহয়। মনুষ্য জীৱন
যিহেতু সংঘাতেৰে পৰিপূৰ্ণ আৰু কচুপাতৰ পানীৰ দৰে ক্ষন্তেকীয়া। এই ধুনীয়া
পৃথিৱীখনলৈ দুনাই উভতি নাহে বুলি জানিও পৃথিৱীখনৰ প্ৰতি থকা অকপট ভাল পোৱাৰ
কথা কবিয়ে বাৰে বাৰে দোহাৰিছে। মানৱ জীৱনটো ক্ষন্তেকীয়া বাবে এই ধেমালি
তেওঁ যিমান পাৰে সিমান খেলি হৈছে। কাৰণ তেওঁ এদিন মৰি যাব আৰু দুনাই এইখন
পৃথিৱীলৈ উভতি নাহে বুলি জানে। কবিয়ে তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল
অৰ্থাত্ তেওঁ যন্ত্ৰণা সহি হ’লেও এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক
উপভোগ কৰি গ’ল।
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Join us in facebook page-https://www.facebook.com/onlineassamdiary
Contact
us (brahmaratan@gmail.com/7020477396) for free pdf notes of Political
Science, English, Logic & Philosophy, MIL Assamese, Swadesh
Adhyayan, Economics, Education, History.
Leave a comment