কাঠমিস্ত্ৰীৰ ঘৰ
-ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
উত্তৰঃ- কাঠমিস্ত্রীৰ ঘৰ কবিতাটি প্ৰথমে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ দধি মহন্তই সম্পাদনা কৰা ‘মিলন’ত ১৯৩৯ চনত প্ৰকাশ হৈছিল।
2. কাঠ মিস্ত্রীয়ে ৰাণ্ডাৰ হেঁচাৰে কি কি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে? HS-2022
(3) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কিমান চনত ৰচিত? HS-2014,2017
উত্তৰঃ- কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি ১৯৩৯ চনত ৰচিত হৈছিল।
(4) আধুনিত অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি সম্পৰ্কে ড. হীৰেণ গোহাঁইদেৱে কি মন্তব্য আগবঢ়াইছে? HS-2014
উত্তৰঃ-
‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি সম্পৰ্কে ড. হীৰেণ গোহাঁইদেৱে কৈছে যে- এই চাম
কবিতাৰ ভিতৰত সম্ভৱতঃ সৰ্বশ্ৰেষ্ঠ হ’ল- ‘কাঠমিস্ত্ৰীৰ ঘৰ’।
(5) কাঠমিস্ত্ৰী ক’ত থাকিবলগীয়া হয়? HS-2015
উত্তৰঃ- কাঠমিস্ত্ৰী অন্ধকাৰত ডুব হৈ থাকিবলগীয়া হয়।
(6) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? HS-2016
উত্তৰঃ- ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ‘অভিযান’ আৰু ‘অন্যান্য’ নামৰ কবিতাপুথিৰ পৰা লোৱা হৈছে।
(7) কাঠমিস্ত্ৰীয়ে কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে? HS-2016
উত্তৰঃ- কাঠমিস্ত্ৰীয়ে টেবুল, আলনা, ড্ৰয়াৰ, চিয়াৰ, টিপয় আদি নানা ধৰণৰ সঁজুলি নিৰ্মাণ কৰে।
(8) কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। HS-2018
উত্তৰঃ- (ক) বটালি আৰু (খ) ৰাণ্ডা
(9) কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে? HS-2018
উত্তৰঃ- কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।
(10) কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?
উত্তৰঃ- কাঠমিস্ত্ৰীসকল।
(11) কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ- কাঠমিস্ত্ৰীয়ে নিজৰ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।
(12) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ কবিজন কোন? HS-2012
উত্তৰঃ- ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত।
(13) কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ- অভিযান আৰু অন্যান্য
(14) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উত্তৰঃ- নৱকান্ত বৰুৱাই এইদৰে কৈছিল-“মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ”।
(15) কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটোৰ আলমত লিখা। HS-2017
উত্তৰঃ-
কাঠমিস্ত্ৰীয়ে অতি শোচনীয় জীৱন অতিবাহিত কৰে। কপালৰ ঘাম মাটিত পেলাই, শৰীৰ
তেজপানী কৰি তেওঁলোকে কাম কৰে। তেওঁলোকৰ হাতৰ পৰশত আঢ্যবন্তলোকৰ সৌন্দৰ্যৰ
সামগ্ৰী তৈয়াৰ হয়, কিন্তু তেওঁলোকে প্ৰাপ্য মজুৰি নাপায়। অভাৱত জুৰুলা হৈ
তেওঁলোকে অন্ধকাৰত ডুব গৈ দৰিদ্ৰতাৰ জীৱন পাৰ কৰে।
(16) ‘আন্ধাৰৰ শেষ আহিল তোমাৰ’- ইয়াত আন্ধাৰ শব্দটোৱে কি বুজাইছে?
উত্তৰঃ- আন্ধাৰৰ শেষ আহিল তোমাৰ- ইয়াত আন্ধাৰ শব্দটোৱে দুখ, প্ৰবঞ্চনা, শোষণ আদিক বুজাইছে।
(17) ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কোন শ্ৰেণীৰ কবি?
উত্তৰঃ- ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত প্ৰগতিশীল চিন্তাৰ কবি।
18. “বিশ্বশিল্পী মহা বিশ্বৰ” কবিয়ে কাক “বিশ্ব শিল্পী” বুলি অভিহিত কৰিছে? HS-2019, 2022
(18) কাঠমিস্ত্ৰীৰ হাতৰ পৰশত কি কি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে? HS-2012
উত্তৰঃ-
কাঠমিস্ত্ৰীৰ হাতৰ পৰশত নিৰস কঠিন একা-বেকা কাঠৰ পৰাই মায়াপুৰী সদৃশ
প্ৰাসাদ, বিবিধ আচবাব আদি যেনে- টেবুল, চেয়াৰ, আলমাৰি, আৰামী চকী আদি তৈয়াৰ
হয়। কাঠমিস্ত্ৰীৰ হাতৰ পৰশতে আঢ্যবন্ত লোকসকলৰ অট্টালিকাৰ শোভা
বৰ্দ্ধনকাৰী সামগ্ৰীবোৰ মনোহৰ হৈ পৰে।
(19) কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা। HS-2015
উত্তৰঃ-
প্ৰগতিবাদী চিন্তাধাৰাৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ‘কাঠমিস্ত্ৰীৰ ঘৰ’
কবিতাটিৰ মাজেৰে শ্ৰমজীৱীলোকৰ দুখৰ ছবিখন সুন্দৰকৈ প্ৰকাশ কৰিছে। অসহনীয়
শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে
নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস,
কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি
দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ। ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ
অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও
লাভ নকৰে। এইদৰেই কাঠমিস্ত্ৰীয়ে শ্ৰমৰ বোজা শৰীৰত লৈ কেনেদৰে ধনী মানুহৰ
বিলাসৰ আচবাব তৈয়াৰ কৰে কবিয়ে সুন্দৰকৈ সেই চিত্ৰ দাঙি ধৰিছে।
20. কাঠমিস্ত্রীৰ ঘৰ কবিতাটিৰ মূলভাৱ লিখা। HS-2024
21. শব্দৰ অৰ্থঃ-
ঝাণ্ডা= পতাকা
ৰাণ্ডা= কাঠ মিহিকৈ চাঁচিবলৈ মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা সঁজুলি বিশেষ।
ফেন বাহিৰ হয়= এনে অৰ্থ প্ৰকাশ কৰিছে।
টিপয়= চাহ, জলপান আদি পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা তিনিটা খুৰা থকা মেজ
প্ৰৱাল দ্বীপ= সাগৰত প্ৰৱাল নামৰ এবিধ প্ৰাণীৰ জঁকা জমা হৈ সৃষ্টি হোৱা দ্বীপ
বিলয়= নাশ, ধ্বংস
হৰ্ম্য= কাৰেং
জাঁত-জাঁত= ছেও, শব্দ বিশেষ
বিকাৰ= বিকৃতি
প্ৰাসাদ= অট্টালিকা
বিশ্ব শিল্পী মহাবিশ্বৰ= কাঠমিস্ত্ৰীক কবিয়ে বিশ্ব শিল্পী বুলি অভিহিত কৰিছে।
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Leave a comment