জনতাৰ আহ্বান
-জ্যোতিপ্ৰসাদ আগৰৱালা
উত্তৰঃ- জনতাৰ
3. জ্যোতিপ্রসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল? HS-2020
উত্তৰঃ- ১৯৩৯ চনত।
4. প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ- জয়মতী (১৯৩৫)।
5. প্ৰবুদ্ধ শব্দটোৰ অৰ্থ লিখা। HS-2019,2015,2013
উত্তৰঃ- জ্ঞান লাভ কৰা বা জাগৰিত।
6. জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰঃ- কাৰেঙৰ লিগিৰী, ৰূপালীম, শোণিতকুঁৱৰী, নিমাতী কইনা, কনকলতা, সোণ-পখিলী আদি।
7. জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ- শোণিতকুঁৱৰী।
8. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- (ক) জাতীয়তাবোধ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা।
(খ) ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা
9. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ- লুইতৰ পাৰৰ অগ্নিসুৰ
11. জ্যোতিপ্রসাদ আগৰৱালাৰ কোন চনত আৰু ক’ত জন্ম হৈছিল? HS-2018
উত্তৰঃ- ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল।
12. অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হয়?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হয়।
13. জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে? HS-2015
উত্তৰঃ- (ক) কোমলমধুৰ সুৰ
(খ) পৌৰুষদীপ্ত সুৰ
14. জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ কিয় গৈছিল?
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কথাছবি প্ৰযোজনা আৰু পৰিচালনা বিষয়ত প্ৰশিক্ষণ লৈছিল।
15. প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল?
উত্তৰঃ- প্রথম অসমীয়া বোলছবি ‘জয়মতী’ ১৯৩৫ চনত নির্মাণ কৰা হৈছিল।
16. নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে? HS-2017
উত্তৰঃ- শোণিত কুঁৱৰী নাটকৰ জৰিয়তে।
17. জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?
উত্তৰঃ- ‘ইন্দ্ৰমালতী’ (১৯৩৯)।
18. সুন্দৰৰ পূজা থাপনাচ কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে? HS-2014, 2017
উত্তৰঃ- ষোড়শোপচাৰৰে উপচাৰ যচাৰ কথা কৈছে।
19. পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
উত্তৰঃ- জনতাৰ আহ্বান
20. বোকাত জন্ম লাভ কৰা মানুহে ক’লৈ উঠি আহে?
21. জ্যোতিপ্রসাদ আগৰৱালাই কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ- ১৯৫১ চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।
22. জ্যোতিপ্রসাদ আগৰৱালাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ- জ্যোতিপ্রসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।
23. জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাথবিয়ে কোন চনৰ কোন তাৰিখে ক’ত মুক্তি
লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে কেতিয়া প্ৰথমে সেই ছবি চাবলৈ সুবিধা পায়?
HS-2016
উত্তৰঃ- জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিয়ে ১৯৩৫
চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে একেটা
মাহৰে ২০ মাৰ্চত প্ৰথমে সেই ছবি ছাবলৈ সুবিধা পায়।
যাচিবি কিহেৰে ষোড়শোপচাৰ’
-ষোড়শোপচাৰ কি বুজাই লিখা।
উত্তৰঃ- ষোড়শোপচাৰ হ’ল পূজাৰ বাবে প্ৰয়োজনীয় ষোল্লবিধ উপকৰণ। এই ষোল্লবিধ উপকৰণেৰে দেৱ-দেৱীক পূজা অৰ্চনা কৰা হয়। সেই উপকৰণ কেইবিধ হ’ল- আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয় স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য আৰু বন্দনা।
25. কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে? HS-2016
উত্তৰঃ
জনতাৰ আহ্বান শীৰ্ষক কবিতাটিত আজি পৃথিৱীৰ আকাশে-আকাশে জনতাৰ আহ্বান বুলি
কোৱাৰ এক তাত্ত্বিক অৰ্থ তথা কাৰণ আছে। কবিৰ মতে আজিৰ ৰূপান্তৰৰ পৃথিৱীত
সুন্দৰৰ যি সাধনা চলিছে, সেই সাধনাৰ জৰিয়তে মানুহ পোহৰৰ অভিমুখী হৈছে। এক
আলোক সন্ধানী যাত্ৰাত মানুহ ব্ৰতী হৈছে। ফলস্বৰূপে মানুহৰ এই পৃথিৱীখনত
শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানুহৰ
সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে।
উত্তৰঃ- বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জনতাৰ আহ্বান’ এটি সুখ পাঠ্য কবিতা। এই কবিতাটোৰ মাধ্যমেৰে পৰিৱৰ্তনশীল মানৱ জীৱনৰ সংগ্ৰামময় জীৱনৰ এখন ছবি অংকন কৰা হৈছে।
কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক অভ্যুদ্বয়ৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে পোহৰ বিলাইছে। এন্ধাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ’বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। থূলমূলভাৱে এয়াই কবিতাটোৰ মূলভাৱ।
Normal
0
false
false
false
EN-US
X-NONE
AS
/* Style Definitions */
table.MsoNormalTable
{mso-style-name:”Table Normal”;
mso-tstyle-rowband-size:0;
mso-tstyle-colband-size:0;
mso-style-noshow:yes;
mso-style-priority:99;
mso-style-qformat:yes;
mso-style-parent:””;
mso-padding-alt:0in 5.4pt 0in 5.4pt;
mso-para-margin:0in;
mso-para-margin-bottom:.0001pt;
mso-pagination:widow-orphan;
font-size:11.0pt;
mso-bidi-font-size:14.0pt;
font-family:”Calibri”,”sans-serif”;
mso-ascii-font-family:Calibri;
mso-ascii-theme-font:minor-latin;
mso-fareast-font-family:”Times New Roman”;
mso-fareast-theme-font:minor-fareast;
mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;}
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (7020477396) for free pdf notes of Political science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
Leave a comment