সম্পুৰ্ণ হনুমান চালিশা

           জয় হনুমানজী
   শ্ৰী শ্ৰী হনুমান চালিছা

শ্ৰী গুৰুৰ চৰন স্মৰণ কৰি মনে মনে। কোটি কোটিবাৰ প্ৰণাম কৰো তাহাৰ চৰণে।।
শ্ৰী ৰামৰ চৰন পদ্ম কৰিয়া স্মৰণ। চতুবৰ্গ ফল যিটো লভে অনুক্ষণ।।
বুদ্ধিহীন মই প্ৰভু পৱন কুমাৰ। গুচোৱা মনৰ মোৰ ক্লেশ আৰু বিকাৰ।।
জয় হনুমান জ্ঞান গুণৰ সাগৰ। জয় হে কপিল প্ৰভু কৃপাৰ সাগৰ।।
শ্ৰী ৰামৰ দূত তুমি পৰম বলৱান। অঞ্জনাৰ পুত্ৰ তুমি পবন পুত্ৰ নাম।।
বজৰঙ্গী মহাবীৰ তুমি হনুমান। কুমতি নাশিয়া সুমতি কৰা দান।।
কাঞ্চন বৰণ তব তুমি হে সুবেশ। কৰ্ণত কুণ্ডল শোডে কুঞ্চিত যে কেশ।।
হাতে বজ্ৰ তোমাৰ আৰু ধ্বজা বিৰাজে। সুন্দৰ মহাগদা কান্ধতে যে সাজে।।
অপৰূপ দুই বাহু অঞ্জনা নন্দন। মহাতেজী আৰু প্ৰতাপী পবন নন্দন।।
বিদ্যাবান গুণবান তুমি হে চতুৰ। শ্ৰী ৰামৰ কাৰ্যত তুমি যে আতুৰ।।
সৰ্বদা ৰামৰ আজ্ঞা কৰিয়া পালন। হৃদয় মাজে ৰাখা ৰাম, সীতা আৰু লক্ষ্মণ।।
সূক্ষ্মৰূপে তুমি গৈয়া লংকা প্ৰবেশিলা। ধৰিয়া বিকটৰূপ লংকা দগ্ধ কৈলা।।
ভীমৰূপ ধৰি তুমি সংহাৰা অসুৰ। শ্ৰী ৰাম চন্দ্ৰৰ তুমি সৰ্বকাজ কৰ।।
সঞ্জীৱন আনি তুমি বচালা লক্ষ্মণ। ৰঘুবীৰ হয় তাতে আন্দিত মন।।
শ্ৰী ৰাম দিলে তোমাক আলিংগন দান। কহিলেন তুমি ভাই ভৰত সমান।।
সহস্ৰবদনে তব গাৱে যশ খ্যাতি। এই বুলি আলিংগন কৰিলা শ্ৰী পতি।।
সনকাদি ব্ৰহ্মাদি যত দেৱগন। নাৰদ সাৰদ আদি দেব ঋষিগন।।
যম আৰু কুবেৰ আদি দিকপালগনে। কবি আৰু কোবিদ আদি য’ত আছে ত্ৰিভূবনে।।
সুগ্ৰীবৰ উপকাৰ তুমিয়ে কৰিলা। শ্ৰী ৰাম সহ মিত্ৰ কৰি ৰাজপদ দিলা।।
সবস্ৰযোজন উৰ্দ্ধত সূৰ্যক দেখিলা। সুমধুৰ ফল বুলি গ্ৰাসিবাৰ ধাইলা।।
জয় ৰাম বুলি তুমি অসীম সাগৰ। পাৰ হৈ প্ৰবেশিলা লংকাৰ ভিতৰ।।
য’ত দূৰ্গম কৰ্ম আছে ত্ৰিভূবনে। সুগম কৰিলা তুমি ৰাম নামে।।
চিৰাদ্বাৰি আছা তুমি শ্ৰীৰামৰ দ্বাৰে। তব আজ্ঞা বিনা কেহ প্ৰৱেশিত নোৱাৰে।।
শৰণ লৈলো প্ৰভূ চৰণে তোমাৰ। বিপদ নাশক তুমি দেব কপিবৰ।।
নিজ তেজ নিজে তুমি কৰ সম্বৰণ। তোমাৰ হুংকাৰ দেখি কঁপে ত্ৰিভূবন।।
ভুত প্ৰেত পিশাচ ওচৰত আহিব নোৱাৰে। মহাবীৰ তোমাৰ নাম যেইজন স্মৰে।।
ৰোগ নাশ কৰা আৰু সৰ্বপীড়া হৰা। মহাবীৰ নাম যিয়ে স্মৰে নিৰন্তৰা।।
সংকটত হনুমান উদ্ধাৰ কৰিব। তোমাৰ চৰণত যিয়ে মন পাণ দিব।।
প্ৰবল প্ৰতাপ তোমাৰ হে বায়ু নন্দন। চাৰিযুগে উজ্জ্বল থাকিবা ত্ৰিভূবন।।
সাধু সন্নাসীৰ ৰক্ষা কৰা যতিমান। শ্ৰী ৰামৰ প্ৰিয় তুমি অতি গুণবান।।
তোমাৰ ভজন কৰিলে ৰামক পাইব। জনমে জনমে তাৰ দুখ নাথাকিব।।
সৰ্ব ত্যাগী বলা সবে জয় হনুমান। হনুমন্ত সৰ্বসুখ কৰিব প্ৰদান।
সৰ্বদুখ দূৰ হ’ব সংকট কাটিব। যেইজন হনুমন্তক স্মৰণ কৰিব।।
জয় জয় জয় জয় হনুমান গোসাই। তব কৃপা ভিক্ষা বিনে অন্য গতি নাই।।
হনুমান চালিছা যি কৰে পঠন। সৰ্বকাৰ্যত সিদ্ধিলাভ কৰে সেইজন।।
সেইজন শতবাৰ ইহা পাঠ কৰে। সকল অশান্তি তাৰ গুচি যায় দূৰে।।
তুলসীদাস সৰ্বদা শ্ৰী হৰিৰ দাস। মন মন্দিৰত প্ৰভূ সদায় কৰা বাস।।
                      শ্ৰী হনুমান চালিছা সমাপ্ত।।

*শ্ৰী
হনুমান চালিছা সদায় স্নান কৰি পাঠ কৰিব পাৰিলে যথেষ্ট ফল পোৱা যায়। সদায়
অসমৰ্থ হ’লে প্ৰতি মঙ্গলবাৰে পাঠ কৰিলেও শুভ ফল পাব পাৰি। মানসিক অশান্তি,
গৃহ বিবাদ, আৰ্থিক ক্ষতি, দাম্পত্য কলহ, অৰ্শৰোগ, দূৰ্ঘটনা,
মামলা-মোকৰ্দমা, মাংগলিক দোষ, ৰক্ত সম্বন্ধীয় ৰোগ, দুঃস্বপ্ন দৰ্শন,
শত্ৰুতা ইত্যাদিৰ পৰা পৰিত্ৰান পাবলৈ শ্ৰী হনুমান চালিছা পাঠ কৰক। কপিবৰ
হনুমান সৰ্বশক্তিমান আৰু সৰ্বগুণাকৰ।

Leave a comment

Trending