1. কেঁকো বাঁও কেঁকো বাঁও । Kengko bangyo kengko bangko
কেঁকো বাঁও কেঁকো বাঁও
কেঁকো নিলে চোৰে অ’ মোৰ
কেঁকো নিলে চোৰে;
এ তই বুঢ়ি নাকান্দিবি
তোকো নিব চোৰে হে।
মুখত দিলোঁ নাচনীজনীৰ মিচিকিয়া হাঁহি,
খোপাত দিলোঁ খোপা ভৰি কেতেকীৰে পাহি হে
কাৰণত দিলোঁ কেৰুযুৰি গলত জোনবিৰি।
হাতত দিলোঁ জেতুকাবোল হিয়া চিৰি চিৰি হে?
ৰংপুৰৰ কেঁচাসোণ মোৰ পূৰ্ণিমাৰ জোন;
পেঁপাৰে তাৰ সুৰ শুনি ফুচুলোৱা কোনহে?
কেঁকো নিলে চোৰে অ’ মোৰ কেঁকো নিলে চোৰে;
গঞা ভকতক গোচৰ দিলো দণ্ড হ’ল মোৰেহে।
পোৱে খালে জীয়ে খালে মনে মনে থাক;
সাত-শতুৰে লাই পাব খা উহুৱা শাক।
2. মাতে পকা ধানে ৰিঙিয়াই । Mate poka dhane ringiyai
মাতে পকা ধানে ৰিঙিয়াই
বগীতৰা যায় আগুৱাই
বোকোচাত দি যোৱা কেঁচুৱাটি আঘোণাই
নিচুকণি গীত গাই আমাৰো আঘোণা কাই
বগীতৰা আগুৱাই যায়।
হাতত কাঁচিখনি মুখত তামোলখনি
কঁকালত টঙালি বুকুত মেঠনি
তাইৰ আৰু কোনো নাই
অকলেই গুচালে মুখৰ চুৱ-ছাই
সকামটো পাতিলে ৰজন্জনাই।
আঘোণাৰ অৱদান অতবোৰ মাটিৰ ধান
কোলাত পালে এটি নাতি ল’ৰা সন্তান
তাইক আৰু লাগে কি?
তাইৰ যদিও আজি আঘোণী নাই
তাইৰ ওচৰত আজি হাত পাতে গঞাই
মাতে পকা ধানে ৰিঙিয়াই…।

Leave a comment