1. বিলতে হালিছে । Bilote halichhe-বিষ্ণুপ্ৰসাদ ৰাভা

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল।
সেই ফুলে ফুলে পখিলাই চুমিছে
সানিছে ৰেণুৰ বোল।।
ফুলৰ ডালতে গাইছে কুলিয়ে
কুউ কুউ কুউ কই।
দূৰ দূৰণিতে জুৰিটি নাচিছে
তিৰ বিৰ তিৰ বিৰ কই
নিজান বননীত কেতেকী চৰায়ে
সুহুৰি মাৰিছে ৰই।

2. হে বিপ্লৱী বীৰ । He Biplowi beer

হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নি-বাণী বিপ্লৱৰ
ভাঙা বন্দী শাল কৌটি কালৰ
মুক্তি হক নিৰ্যাতিতৰ।
তব দীপ্ত অনুৰাগে
নিদ্ৰা আচম্বিতে জাগে
জাগে জাগে
জাগে নিপিড়িত দল জগতৰ
তব শুভ আগমনে জ্বলে
ৰক্ত ভানু নভ-ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ
দলিতৰ।

3. আই মোৰ ভাৰত জননী । Aai mor bharot jononee

আই মোৰ ভাৰত জননী
আই মোৰ ভাৰত জননী
লখিমী দুখুনী,
ভাৰতবাসীৰ হৃদয়ৰ বাণী
মোৰ পৰাণত
মোৰ জীৱনৰ
চেনেহী গোসানী।
সোনামুৱা সঁফুৰা সুখৰে কোলাত তোৰ
উমলি পাওঁ সৰগৰ অমিয়া যেন মোৰ
তেওঁ কিয় নপৰে শত শত দুখৰ ওৰ?
পৰাণৰ আই
জীৱনৰ আই
কিয়নো বন্দিনী?
নিচলা আই অ’ দেৱী-স্বৰূপিনী
চেনেহী চিকুনী দেৱী! অসমী জননী
লখিমী দুখুনী মোৰ চেনেহী গোসানী
পিশাচে নি শুহি
ৰক্ত পিয়হি
হিয়া তোৰ যায় যহি
ওৰে নিশা দিন,
সউ ধনৰে খকুৱা
জননীৰ তেজ পিয়া
ৰক্তৰে ৰঙচুৱা
কৰে তোক আই ক্ষীণ।
পাবিনো মুকুতি অসমী! কাহানি?

 

Leave a comment

Trending