মোৰ কবিতাৰ ছন্দ লাগি । Mor kabitar chando lagi-বিষ্ণুপ্ৰসাদ ৰাভা

 
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাইত হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ!
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোল-মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে?


2. আজলী ছোৱালী । Aajali ssowali


আজলী ছোৱালী
নানা ফুল তুমি
আনিলো আঁচল ভৰাই।
সজাই ফুলেৰে
অতি যতনেৰে
বৰালো বৰণ শৰাই।
ৰঙিলী পখিলি
ৰঙ্গা পাখি মেলি
আজৰি নাচি নাচি যায়।
কলী কুলি জাকে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়াই।
তোমাকে আদৰি
আনে ঐ সাদৰী
শত ভকতৰে দল।
শংখ বাজিছে
বৰকাঁহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰোল।


3. কোন কোন আহিছা আইক । Kon kon aahicha aaiok


কোন কোন আহিছা আইক পূজিবলৈ
আইৰ পূজাৰ বেলি হ’ল
সাজু হ’বৰে হ’ল ডেকা ল’ৰা
সাজু হ’বৰে হ’ল।
কোনে ক’লে তোক শকতিবিহীন বুলি
আই তোৰ পুত্ৰ শকতিৱন্ত
শংকা নকৰা নকৰা ভয়
জয় মহাত্মাৰ জয়।

Leave a comment

Trending