1. টিলাই টিলাই । Tilai tilai-বিষ্ণুপ্ৰসাদ ৰাভা
টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্টি ছোৱালী।
ঘন ক’লীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে
নাচনী বিজুলী।
টিলাই…
বনৰে বনৰীয়া
ভেলাকে ধুনীয়া
দেখি
থমকি থমকি নাচে তাই
টিঙতে উজ্বলি।
টিলাই…
পোৱালৰে ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খাম্টি ছোৱালী
কাষ চাপোঁতেই
তাৰে বুকুত পৰে ঢলি
খাম্টি ছোৱালী।
টিলাই….
2. তেজৰ বোলেৰে লিখি যাম । Tejor bolere likhi jam
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস।
কত শ্বহীদৰ দু:খৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাশ।
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঠি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
জেউতিৰ নৱজিলিকনি দিম মেলি।
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সন্মান
মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ
আনিম ধৰাত চিৰশান্তিৰ আভাস।
3. স্বাধীনচিতীয়া হালোৱা ডেকা । Swadhinchitiya halowa deka
স্বাধীনচিতীয়া হালোৱা ডেকা ৰণুৱা
পঞ্চায়তী যুগৰ ন-মনৰে মনুৱা
যুঁজিব সমৰত লগৰীয়া বনুৱা।।
চিনি ল’চোন কোন শতৰু লুকাই আঁৰত তোৰ,
ভাঙ, ৰঘুমলা তেজপিয়া কুবেৰৰে মূৰ,
জীৱন ভৰি নপৰিব তোৰ দুখৰে ওৰ
যিমান দিন বাচি থাকিব ধনৰ খঁকুৱা।।
বাৰে বাৰে জাতিৰ নামত চুৰি-ডকাইতিৰ খেল
বজ্জাতৰ দল পাতে নানা জালিয়াতী মেল।
আগবাঢ়ি ব’ল ভাঙি-ছিঙি জুলুম বাজীৰ জাল,
নকৰিবি ভয়, ব’ল হই শোষণবাদীৰ কাল।
নতুন যুগৰ, নতুন ভাবৰ, নতুন ৰণৰ মাল!
আগুৱাই যা আগবাঢ়ি ব’ল আগবাঢ় দুখীয়া।।
Leave a comment