আজি মন্দিৰ দুৱাৰ খোলা । Aaji mandir-duwar khola-বিষ্ণুপ্ৰসাদ ৰাভা


1. আজি মন্দিৰ-দুৱাৰ খোলা!
বহে মিলন উত্সৱ মেলা।
শুনো মঙ্গল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ।
হ’ল যে পূজাৰ বেলা।
মন্দিৰ দুৱাৰ খোলা।
স্বাগত নৱাগত অতিথি
হিয়াৰ ফুমাল আসন থৈছো পাতি।
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিত তলসৰা
তুলি ফুল মনোহৰা
গাঁঠীলো উলাহে মালা।
হ’ল যে পূজাৰে বেলা।
মন্দিৰ দুৱাৰ খোলা।

2. নিমাতী কইনা । Nimati koina

নিমাতী কইনা অ’ নিমাতী কইনা
চকুত তোমাৰ হাঁহি
ওঁঠত মাথোন বাণী বিহীন
তুমি বাণী বিহীনা
ফাগুণ সমীৰে কেশ উৰুৱালে
চকুত জিলিক চৰে
মন তোমাৰ উৰে ক’ৰবালে
উৰে ক’ৰবালে
নেমুটেঙাৰ ফুলৰ বাচে
পৰাণ ওপচালে
চকু তোমাৰ সুদূৰ ধিয়াই নাচে
সুদূৰ ধিয়াই নাচে
শাওণত যেবে মেঘে গুৰু গুৰু কৰে
আৱেগে হিয়া উঠলে
নীৰৱ ভাষা চকুৰে নিজৰি পৰে
চকুৰে নিজৰি পৰে
তোমাৰ চকুৰ নীৰৱ ভাষা
বেথাৰে উৱলি পৰা
তাতেই গঁথা মোৰ শত আশা
মোৰ শত আশা।


3. কাৰখানাৰে চিটিৰ হুমুনিয়াহ । Karkhanare chitir humuniah

কাৰখানাৰে চিটিৰ হুমুনিয়াহ
কলৰ ঘৰ্‌ ঘৰনি বুকু কঁপোৱা
শুনি শুনি কাঁহৰ মাত কঠুৱা
কান্দে দুখীয়া বনুৱা।।
শুদা মজিয়াত অকলশৰীয়া
বিনায় কোলাত হিয়া লগৰীয়া
পুৱাই লঘোণ, ভাত নাইকিয়া
কান্দে দুখীয়া বনুৱা।।
অসহ জীৱন উটি ভাহি যোৱা
ভগা-ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবৱৈ নোহোৱা
আলই বিলই হোৱা হজুৱা
কান্দে দুখীয়া বনুৱা।। 

Leave a comment

Trending