1. মেঘৰ বুকু ফালি আনিম । Meghor buku faali aanim-বিষ্ণুপ্ৰসাদ ৰাভা

মেঘৰ বুকু ফালি আনিম
বিজুলীৰে চাকি
খোপাত গুজিবা নে?
কুঁৱলী জাল কাটি আনিম
ৰূপোৱালী জোনাই
বিৰীত লগাবা নে?
সাগৰ সিঁচি তুলি আনিম
বগা মাণিক মণি
বিলৰ পৰা ছিঙি আনিম
পদুমী শুৱনি;
সেই মাণিকৰ মালা গুঁঠিম
সেই পদুমীৰ কেৰু গঢ়িম
কেৰু মালা পিন্ধিবা নে?

2. দুৱাৰ বন্ধ ৰ’ল মোৰ । Duwar bondho rol mor

দুৱাৰ বন্ধ ৰ’ল মোৰ জীৱনত
কাহানি আহিবা প্ৰিয়ে এই পৰাণত
তুমি মোৰ হিয়া ৰাণী হৃদ আসনত
পোহৰাই আহিবানে হিয়াৰ মাজত।।
যদিও তোমাৰ ছবি মানসপটত
নিতউ উজলে মোৰ মন দেউলত
তোমাৰ মূৰতি সদা আহে ধিয়ানত
পুজো দিনে ৰাতি যাক হিয়া চোতালত।।

3. অ’ আলহী আ অ’ আলহী । O aalohi aa o aalohi

অ’ আলহী আ অ’ আলহী আ
প্ৰভাত বীণৰ সোণালী তাঁৰ
জোকাৰি থ’ অ’ আলহী আ।
অ’ তই নীল গগনৰ
উজ্জ্বল মেঘৰ
বগা ৰথত বহি
ৰশ্মিকণা কিৰণ সনা আলহী আ
মোহন বাঁহীৰ ঝংকাৰ আৰু মোহন বাঁহীৰ সুৰ
আজি দক্ষিণ মলয় কৰক জুৰ
আজি পাতে পাতে ডালে ডালে
ব’ব মোহন সুৰ আলহী আ।

4. নিখিলৰ অসীম কোলাত । Nikhil axim kolat

নিখিলৰ অসীম কোলাত
যদি হয় এই দেহা পাত
শ্মশানৰ নাশন চিতাত
মহাকাল কৰাল কৃপাত।
পৰিবনে মনত এবাৰ
আছিলা এদিন প্ৰিয়া যাৰ
পূজিছিলা যাক অনিবাৰ
যাচিছিলা প্ৰেম উপচাৰ
হৃদয়ৰ নিভৃত কোলাত
যদিও সি মৰণ কোলাত
আহিবানে মোৰ হিয়া ফুল
জীৱন কৰি আমোল-মোল
তুলিবানে বিৰহৰ ৰোল
বেদনাৰ হায় কলৰোল
জ্বালি দীপ প্ৰণয় উজ্জ্বল
প্ৰেমৰ শিখাৰে নিৰমল
ভৰি দুই কোমল কমল
নয়নত লোৰে ছল্‌ ছল্‌
মোৰ ময়দামৰ কোলাত।।
দূবৰিৰ টোপাল নিয়ৰ
সূৰুযৰ পৰিলে পোহৰ
ইন্দ্ৰধনুসম মনোহৰ
গঢ়িব লক্ষ সৌধ জীৱনৰ।।
মুকুতাৰ মুকুৰ স্মৃতিৰ
বিৰিঙাব হৃদয় মণিৰ
অতীতৰ প্ৰেম ধেমালিৰ
আজি হায়! স্তূপ সমাধিৰ
প্ৰেম দীপ্ত সীমাহীনতাত
যদিও সি মৰণ কোলাত।। 

Leave a comment

Trending