1. অসমীৰে চোতালতে । Axomire chotalote-Md. Rafi

অসমীৰে চোতালতে
ৰ’দালিয়ে চেনেহতে
মৰমৰ ফাকু খেলে
ৰঙতে নাচে পখিলী
মাতে মোক হাত বাউলি।

নীলা নীলা পথাৰতে
জালিমীয়ে কথা পাতে
জুৰিটি কাষতে ৰৈ
হিয়াৰে বতৰা কৈ
মলয়াত উৰে চুলি
মাতে মোক হাত বাউলি

ভৈয়ামৰে পথাৰতে
ৰোৱনী লখিমীহঁতে
উলাহত জুৰিলে গান
বনগীত সুৰীয়া তান
হাঁচতিৰ তামোল খুলি
মাতে মোক হাত বাউলি।

চেনেহৰে অসমখনি
কত ৰূপ জিলিঙনি
সপোনৰ সুৱদী মাত
হিয়া মোৰ কৰিলি শাঁত
কিনো ৰূপে ভূলালি
মাতে মোক হাত হাউলি।

গীত – নুৰুল হক [Nurul Hoque]

2. মোৰ দৃষ্টিত তুমি ধৰা । mur dristit tumi dhora

মোৰ দৃষ্টিত তুমি ধৰা পৰিলা
আৰু দৃষ্টিৰে মনলৈ আহিলা
যদি এয়ে মৰম হয়
এই মৰম কিমান ভাল
মোৰ চিন্তা পখীক দিলা স্বপ্ন
আৰু ভাবনাতো কত ৰং সানিলা
যদি এয়ে মৰম হয়।
এই মৰম কিমান ভাল।

কত ফাগুন পলকে জাগিলে
শত পাপিয়াই পিউ পিউ মাতিলে
বনহংসী হৈ মন উৰিলে।
কোন মানস সৰোবৰ পাৰৰে
মণি-মুকুতাৰ সম্ভেদ আনিলা।

কত যুগৰ সঞ্চিত বেদনাই
আজি দেখা বিদায় মাগিলে
মোৰ অশ্রু-সিক্ত দুটি নয়ণত
আজি হাঁহিৰ বিজুলীটি খেলিলে
জীৱন পথৰ পংকিলতাত
কিনো আশাৰ পদুম পাহি ফুলালা।।

গীত-নুৰুল হক

Leave a comment

Trending