ফুলকুঁৱৰীৰ ৰস চুমি । Fulkunvorir rox chumi-বিষ্ণুপ্ৰসাদ ৰাভা
1. ফুলকুঁৱৰীৰ ৰস চুমি লৈ
পলায় ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই
আপোনপাহৰা।
সেই ফুলকে বুটলি আনি
তিয়ালো চকুলো সানি
গাঁথিলো ফুলৰ মালা
ৰসেৰে ভৰাই।
সেই ফুলৰেই মালাধাৰি
ল’লো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিটি সুঁৱৰি মই
হ’লো বিভোৰা।
2. চিত্ৰলেখা নাচোন নাচে । Chitralekha nachon nache
চিত্ৰলেখা নাচোন নাচে
কুমৰৰ পাশে
নানা ধৰণে নটী নাচোন নাচে।
ক্ষণে উঠে ক্ষণে বসে
তালে দিয়া মান, হে ৰাম—
মধুমাসে মৌৰা যেন
ধৰিছে পেখম্, ৰে ৰাম—
শূন্যত নাচ নাচি
পৰম হৰিসে
বৰণ মধুৰ যেন অমৃত বৰিষে
কণ্ঠি লৰে হাত লৰে
কঁকালত জেঠি হে ৰাম—
দশো আঙুলিত দোলে
সোণৰ আঙঠি
চিত্ৰলেখা নাচে যে
হংসিনী উৰয়
সেহিনা ৰূপত চিত্ৰে
কুমৰ হৰয়।।
3. নিমাতী কইনা অ’ । Nimati koina o
নিমাতী কইনা অ’ নিমাতী কইনা
চকুত তোমাৰ হাঁহি
ওঁঠত মাথোন বাণী বিহীন
তুমি বাণী বিহীনা
ফাগুণ সমীৰে কেশ উৰুৱালে
চকুত জিলিক চৰে
মন তোমাৰ উৰে ক’ৰবালে
উৰে ক’ৰবালে
নেমুটেঙাৰ ফুলৰ বাচে
পৰাণ ওপচালে
চকু তোমাৰ সুদূৰ ধিয়াই নাচে
সুদূৰ ধিয়াই নাচে
শাওণত যেবে মেঘে গুৰু গুৰু কৰে
আৱেগে হিয়া উঠলে
নীৰৱ ভাষা চকুৰে নিজৰি পৰে
চকুৰে নিজৰি পৰে
তোমাৰ চকুৰ নীৰৱ ভাষা
বেথাৰে উৱলি পৰা
তাতেই গঁথা মোৰ শত আশা
মোৰ শত আশা।

Leave a comment