বিশ্বৰে ছন্দে ছন্দে । Biswore ssande ssande-বিষ্ণুপ্ৰসাদ ৰাভা

বিশ্বৰে ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা
নাম তমোহৰ
দেউ নাচা।
বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ
কমল বন্দে।
জ্বলোৱা সাগ্নিক
তপো হোম বহ্নি
বিনাশক এন্ধাৰ
তবজয়ী অগ্নি,
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ।
আলোখৰে শিখা
উঠক নাচি
আজান আন্ধাৰ
বিনাশি পুলকানন্দে…।
নাচোনৰ তালে
তালে পুষ্পিত বননি
ছেয়ে ছেয়ে হালে
জালে বিকশিত ফুলনি
আমোল-মোল কৰে
শুৱণি ধৰণী
পুষ্পিত সুবাসিত গন্ধে।

2. আগুৱাই ব’ল আগুৱাই ব’ল । Aaguvai bol aaguvai bol

আগুৱাই ব’ল আগুৱাই ব’ল
আগুৱাই ব’ল সমনীয়া
হালোৱাৰ দল হজুৱাৰ দল
    বনুৱাৰ দল অ’ ৰণুৱা।
অহৰহ জ্বলে হৃদয়ৰ দুখৰে অগনি
    পোৰে দুখীয়া পেটত লঘোণত ভোকৰে পোৰণি
ছিগি ভাগি শত যুগৰ শিকলি বান্ধনি
ৰণ দুন্দুভি বজাই যা যা আগুৱাই আগুৱা।।

3. কিবা যেন নাই আজি নাই । Kiba jen nai aaji nai

কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰূণ বিননি ‘হায়-হায়’।।
মেলি ধুমুহা তাইৰ ক’লা চুলি টাৰ
লুকুৱাই তৰা জোন কৰে য এন্ধাৰ।
ক’তনো বা অকৰূণ সেই কাৰাগাৰ
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওণৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ।
বাহিৰত বৰষুণ পৰে ধাৰাসাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ
‘মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই!’

4. দুখীয়া কলিজা নিঙাৰি । Dukhiya kalija ningari

দুখীয়া কলিজা নিঙাৰি ল’ব
টুপি টুপি তেজ শুঁহি শুঁহি পিব
ৰুকি ৰুকি মঙহ চোবাই খাব
কুৰুকি হাৰ কেইডালো চোবাব
হুঁচিয়াৰ! হুঁচিয়াৰ!!
ধনী! মহাজন!! জমিদাৰ!!!
হুঁচিয়াৰ! হুঁচিয়াৰ!!
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰে মুক্তিকামী
চূৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ, পণ আমাৰ!
হুঁচিয়াৰ! হুঁচিয়াৰ!!
ধনী! মহাজন!! জমিদাৰ!!!
হুঁচিয়াৰ! হুঁচিয়াৰ!!
শেষ যুদ্ধ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া …..।
ক’ত ৰ’বি ধনী এইবাৰ ….. ?
হুঁচিয়াৰ! হুঁচিয়াৰ!!
ধনী! মহাজন!! জমিদাৰ!!!
হুঁচিয়াৰ! হুঁচিয়াৰ!!

Leave a comment

Trending