দিয়া ঘূৰাই দিয়া পৃথিৱী । Diya ghurai diya prithvi-Zubeen Garg
1. দিয়া ঘূৰাই দিয়া পৃথিৱী
আমাৰ আমাক আইতাৰে
সাধু তৰালি সৰা
চোতাল সেইয়াই লাগে
আমাক নালাগে ওলোটা
পৃথিৱী অ’ আমি আমিয়েই
চোন পৃথিৱী ভঙা আৰু গঢ়া
সপোন নতুন আনা ঘূৰাই
আনা ধৰা নিভাজ
হিয়াৰ শেৱালি পাহিত
দুভৰি থুনুক
থানাক সেইয়াই লাগে
আমাক নালাগে ওলোটা
পৃথিৱী অ’ অমি অমিয়েই
চোন পৃথিৱী ভঙা অৰু গঢ়া
সপোন নতুনক খ গ ঘ আৰু
ঙপাটী গণিত আৰু
কুহিপাঠ পঢ়ালা পঢ়ি
আছো শিকালা শিকি
আছো এতিয়া কিয় দিয়া মৰণ
আঘাত বুৰঞ্জীৰে পাত
লুতিয়ালে আমাৰ মৰমে দিব
সকীয়াই যদিহে আমাৰ
অস্তিত্ব নাইতেনে
বুৰঞ্জী কোনেও নাচায়।
2. আবেলিৰে ৰ’দালি ধীৰে । Aabelire rodali dhire
আবেলিৰে ৰ’দালি
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ ৰ’দালি
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে ধীমিকি জ্বলে
শেৱালি যেন তৰালী
চাব খুজিও নেদেখোঁ মই
ক’তে বা আছা অ’ লগৰ তুমি
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে ধীমিকি জ্বলে
শেৱালি যেন তৰালী
মিঠা মিঠা গীত হৈ ৰোৱা
পাৰ হোৱা অতীতক মনত কৰোঁ
তোমাৰ সতে একেলগে
চাই ৰোৱা তৰাটিক বিচাৰোঁ
মিঠা মিঠা গীত হৈ ৰোৱা
পাৰ হোৱা অতীতক মনত কৰোঁ
তোমাৰ সতে একেলগে
চাই ৰোৱা তৰাটিক বিচাৰোঁ
ডাৱৰৰ ফাঁকে ফাঁকে
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে ধীমিকি জ্বলে
শেৱালি যেন তৰালী
মোৰ উকা মন দাপোনত
আখৰে আখৰে
লিখোঁনে তোমাক আজি
মোৰ প্ৰিয় গুণগুণনি
উশাহে উশাহে ৰাখোঁ নে
তোমাক আজি
মোৰ উকা মন দাপোনত
আখৰে আখৰে
লিখোঁনে তোমাক আজি
মোৰ প্ৰিয় গুণ গুণগুণনি
উশাহে উশাহে ৰাখোঁ নে
তোমাক আজি
ক’বানে কানে কানে
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে ধীমিকি জ্বলে
শেৱালি যেন তৰালী
চাব খুজিও নেদেখোঁ মই
ক’তে বা আছা অ’ লগৰ তুমি
ধীৰে ধীৰে হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে ধীমিকি জ্বলে
শেৱালি যেন তৰালী।
3. প্ৰতিদিনে তুমি দিয়া । Protidine tumi diya
প্ৰতিদিনে তুমি দিয়া
আহি এপাহি ফুল
অ’ জীৱন তুমি ৰহণীয়া
ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া
আহি এপাহি ফুল
অ’ জীৱন তুমি ৰহণীয়া
ৰঙৰে বোল
এপাহি হাঁহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া
আহি এপাহি ফুল
অ’ জীৱন তুমি ৰহণীয়া
ৰঙৰে বোল
আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে
অ’ আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে
সোণালী হৈ থাকক তোমাৰে
মোৰে সময়
বুকুৱে বুকুৱে ৰৈ যায়
যেন মধুময়
হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ
হয়তো বা
অ’ হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ
হয়তো বা
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত
…এপাহী ফুল
…ৰঙৰে নৈ
প্ৰতিদিনে তুমি দিয়া
আহি এপাহি ফুল
অ’ জীৱন তুমি ৰহণীয়া
ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া
আহি এপাহি ফুল
অ’ জীৱন তুমি ৰহণীয়া
ৰঙৰে বোল
এপাহি হাঁহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ।

Leave a comment