1. শুনা সেই গান । Shuna xei gaan-বিষ্ণুপ্ৰসাদ ৰাভা
শুনা সেই গান
তোমাৰ হিয়াত যাৰ সুৰ
ঘুমটিত সপোন বিভোৰ
আজি জাগিব সেই সুৰ
শুনি গান।
যি সুৰৰ মধু পৰশত
আঁখি মুদ খায় আৱেশত
হিয়া বান্ধ খায় প্ৰণয়ত
প্ৰেম ৰসে ধুয় আকুল পৰাণ
যি সুৰৰ মোহিনী গুণত
আহিব সৰগ সপোনত
নাচিব ব’হাগী তালে তালে
বোলাব ৰঙা জেতুকা বোলে।
জোনায়ে বিলাব নিৰ্মালি
দুয়োৰে শিৰত দিব ঢালি
মেলিব প্ৰণয় শিকলি
আজি বান্ধিব দুয়োকে সুৰ গান।
2. মেলানি বেলাৰ বিদায় । Melani belar bidai
মেলানি বেলাৰ বিদায় লগন
যেতিয়া আহিব চাপি,
উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ
হৃদয় তোমাৰ কঁপি?
আৱাহন কৰে যদি মোক জনতাই
প্ৰণয়ৰ বাহু ডোল ছিঙি এৰুৱাই
যাম সেই সমদল স’তে আগুৱাই
বিপ্লৱৰ অগনি জ্বলাই
টুকিবানে প্ৰিয়ে! লোতক এবাৰ
কান্দি উচুপি উচুপে?
যেতিয়া দেখিবা গধুলি সন্ধিয়া
মোৰ কলিজাৰ তেজেৰে বোলোৱা
ৰাঙলী পতাকাৰে তোৰণ গোঁথা
শোষিতৰ জয় পোৱালেৰে গঁথা
দুখৰ এন্ধাৰ ফালি আউসী নিশাৰ
সোণোৱালী সাজে সাজি পুৱতি ঊষাৰ
বিজয়িনী ভেশে আহি উলাহে হিয়াৰ
খুলি চিৰ মুকুতি দুৱাৰ
পাৰিবিনে প্ৰিয়! মনত এবাৰ
প্ৰিয়তম নাম জপি?
3. নিছলা আইৰে আমি খাটি । Nichala aaire aami khati
নিছলা আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি নোহনীয়া।
খোপাত কপৌফুল
হাতত জেতুকাৰ বোল
ওঁঠত পৃখৰ বোল
সজোৱা বুলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা।
নিছলা ……. ধুনীয়া
কবিতাৰে মোহ ছন্দ
পাহৰি পেলোৱা অ’
পাহৰি পেলোৱা
বিৰাষিনী বেশ ধৰি
অগনি জ্বলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা।
নিছলা ……. ধুনীয়া
4. জ্বালিলা তুমিয়েই মোৰ । Jwalila tumiei mor
জ্বালিলা তুমিয়েই মোৰ প্ৰণয় চাকি
প্ৰেমৰ শলিতা ডালি হিয়াত ৰাখি
জীৱনৰ দৌল উজলাই
ৰঙা জুইকুৰা লই প্ৰদীপ শিখাৰ
উঠিব উজলি হিয়া বহু দুখীয়াৰ
মুকুতিৰ পথ পোহৰাই।
জীৱনৰ ছন্দ গতি প্ৰগতিৰ
তোলে স্পন্দন বক্ষত ধৰণীৰ
পৃথিৱীৰ জনতাৰ হৃদয় কঁপাই
বিপ্লৱী বৈশ্বানৰে জাগি ধাৰ।।
মাতে সউ বিপ্লৱী জনতাৰ দল
ছিঙিম ভাঙিম প্ৰিয়ে! প্ৰণয়ৰ ডোল
তুমি শোষিতৰ মহা বিজয়ৰ ৰোল
বিপ্লৱী সাজে যাম আগুৱাই।।
Leave a comment