তোৰে মোৰে । Tore More-Jyoti Prasad Agarwala
1. তোৰে মোৰে আলোকৰে যাত্ৰা
অব্যৰ্থ অব্যৰ্থ
আমি পালো জীৱনৰ অৰ্থ অভিনৱ
স্বাগত স্বাগত সতীৰ্থ!
সেউজীয়া জীৱনলে’ জাগৃতি ছন্দ
আহে আহে
জনতাৰ অন্তৰে অন্তৰে
আলোক বসন্ত হাঁহে হাঁহে।
প্ৰচাৰিত আলোকবাণী
আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী
আজি সমৃদ্ধ বেগে
জাগে জাগে বিপ্লৱী প্ৰাণ
মুখৰিত দিশে দিশে অগনি গান॥
2. নৱজন জীৱনৰ শিল্পী । Navjan jeevanor shilpi
নৱজীৱনৰ শিল্পী মই
চিৰজীৱনৰ শিল্পী চই।
জীৱনে জীৱনে হাঁহি হাঁহি
পাহি জপাওঁ
জন্ম আকোঁ
জীৱন বাকোঁ
পাৰ হৈ যাওঁ মৰণ সাঁকো
তোৰ লগতে থাকিও লগ নাপাওঁ
তোৰ লগত থাকিও, লগ নোপোৱাৰ খেলা
ইয়াৰে মই পাতিলোঁ অ’
বিশ্বজোৰা মেলা
তই লগ নিদিয়াৰ
এই যে অৱহেলাই
কত ৰূপৰ ক’ত সপোন
মোৰ মনতে ফুলাই
মৰম গানৰ চৰম অগ্নি
উমাই উমাই জ্বলাই।
3. আমাৰে সখীয়া আকুলে । Aamare xokheeya aakule
আমাৰে সখীয়া আকুলে বিয়াকুলে
সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই।
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই।
ফাগুনৰ বতাহে গাতে ছাতি মাৰে
গাতে ছাতি মাৰি যায়।
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰ গাতে উৱাদিহে নাই।
4. চৰাই বনৰীয়া । Chorai Bonreeya-জ্যোতি প্ৰসাদ আগৰৱালা
চৰাই বনৰীয়া
মুকলিমূৰীয়া
গাঁৱৰ বনৰীয়া গীত;
মনে উৰোঁ উৰোঁ
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত।
ঊষা জিৰণীয়া
পাই লগৰীয়া
সন্ধিয়াৰ দেশলৈ যায়;
অকলনোশৰীয়া
কৰি মোক সখীয়া
গ’লা মিলনৰে নিশাটি পাই।

Leave a comment