1. মৰম দিলি চেনেহ দিলি । Morom dili seneh dili-Queen Das

মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
পিছে মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই
নাজানো ভালপোৱা কি
নুবুজো প্ৰেম মানে কি
এনে কথা নক’বি দুনাই
অ’ মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
পিছে মই ষোল্ল বছৰত
ভৰি দিয়া নাই

নাজাননে আইৰে ঘৰৰ
মই নুমলী জী
মোৰ নাম ৰাংঢালি হয়
আজলী ছোৱালী
নাজাননে আইৰে ঘৰৰ
মই নুমলী জী
মোৰ নাম ৰাংঢালি হয়
আজলী ছোৱালী
ফাগুনৰে মই পছোৱা
উৰণীয়া বা
সপোনৰে ৰাজকুঁৱৰী
মোৰ জীৱন অসাৰ
ফাগুনৰে মই পছোৱা
উৰণীয়া বা
সপোনৰে ৰাজকুঁৱৰী
মোৰ জীৱন অসাৰ
এনে কথা নক’বি দুনাই
অ’ মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
পিছে মই ষোল্ল বছৰত
ভৰি দিয়া নাই

তোলৈ চাই চাই কিয়
মোৰ লাজে লাগি যায়
যৌৱনৰে ৰ’দ-কাঁচলিত
অগনি জ্বলাই
তোলৈ চাই চাই কিয়
মোৰ লাজে লাগি যায়
যৌৱনৰে ৰ’দ-কাঁচলিত
অগনি জ্বলাই
ব’হাগৰে মই নাচনী
তই যে ঢুলীয়া
নেমাতিবি সোণ বুলি
মোক মন হয় বলিয়া
ব’হাগৰে মই নাচনী
তই যে ঢুলীয়া
নেমাতিবি সোণ বুলি
মোক মন হয় বলিয়া
কাষলে তই নাহিবি সদায়
অ’ মই ষোল্ল বছৰত
ভৰি দিয়া নাই।
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই
নাজানো ভালপোৱা কি
নুবুজো প্ৰেম মানে কি
এনে কথা নক’বি দুনাই
অ’ মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি
বাটতে লগ পাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই
মই ষোল্ল বছৰত
ভৰি দিয়া নাই

2. নীলৰঙী চাদৰেৰে । Neelrongi sadorere-Queen Das 

নীলৰঙী চাদৰেৰে
সেউজীয়া মেখেলাৰে
মিচিকিয়া হাঁহি
বুটাবছা ৰিহা পিন্ধি
গাভৰু ৰূপহী
নীলৰঙী চাদৰেৰে
সেউজীয়া মেখেলাৰে
মিচিকিয়া হাঁহি
বুটাবছা ৰিহা পিন্ধি
গাভৰু ৰূপহী
এইজনী কোন অ’অ’অ’
এইজনী কোন অ’অ’অ’
এইয়া..
এইয়া..
মৰমী জনমভূমি
আই অসমী
সুজলা-সুফলা
ৰূপে অনুপমা
আই অসমী

জনমে-জনমে যেন আহোঁ উভতি
এই জন্মভূমি, স্বৰ্গাদপি গৰীয়সী
জিৰ্‌ জিৰ্‌ নৈৰে পাৰতে
ৰিব্‌ ৰিব্‌ মলয়া বতাহে
জিৰ্‌ জিৰ্‌ নৈৰে পাৰতে
ৰিব্‌ ৰিব্‌ মলয়া বতাহে
ৰূপে-ৰসে সজাই তোলে
আমাৰে ৰূপহী
অ’হ’হ’
তগৰ ফুল খোপাত গুজি
যৌৱন আছে হালি-জালি
হাতত জেতুকা সানি
বিহু নাচে কঁকাল ভাঙি
খোজে প্ৰতি ফুলে
লাহি ফুলকলি
এইজনী কোন অ’অ’অ’
এইজনী কোন অ’অ’অ’
এইয়া..
এইয়া..
মৰমী জনমভূমি
আই অসমী
সুজলা-সুফলা
ৰূপে অনুপমা
আই অসমী
নীলৰঙী চাদৰেৰে
সেউজীয়া মেখেলাৰে
মিচিকিয়া হাঁহি
বুটাবছা ৰিহা পিন্ধি
গাভৰু ৰূপহী
নীলৰঙী চাদৰেৰে
সেউজীয়া মেখেলাৰে
মিচিকিয়া হাঁহি
বুটাবছা ৰিহা পিন্ধি
গাভৰু ৰূপহী
এইজনী কোন অ’অ’অ’
এইজনী কোন অ’অ’অ’
এইয়া..
এইয়া..
মৰমী জনমভূমি
আই অসমী
সুজলা-সুফলা
ৰূপে অনুপমা
আই অসমী
জনমে-জনমে যেন আহোঁ উভতি
এই জন্মভূমি, স্বৰ্গাদপি গৰীয়সী
জনমে-জনমে যেন আহোঁ উভতি
এই জন্মভূমি, স্বৰ্গাদপি গৰীয়সী

Leave a comment

Trending