ব’হাগতে আহিবি চেনাই । Bohagote Ahibi chenay – Charu Gohain

1. ব’হাগতে আহিবি চেনাই অ’
খোপাতে এপাহি কপৌ ফুল দিবলে’
ব’হাগতে পখিলা উৰিলে
তই জানো নাহিবি
মৰম দিবলে’
ব’হাগতে আহিবি চেনাই অ’

তোৰে মোৰে মাজত আছে
সমাজৰে নৈ
সাঁতুৰি পাৰ হ’ম
তোকে পাবলৈ
তই জানো নাহিবি
সমাজৰ ভয়তে
তই জানো নাহিবি
সমাজৰ ভয়তে
খোপাতে এপাহি কপৌ ফুল দিবলে’
খোপাতে এপাহি কপৌ ফুল দিবলে’
ব’হাগতে আহিবি চেনাই অ’
খোপাতে এপাহি কপৌ ফুল দিবলে’
ব’হাগতে

মই যদি পুৱতি হওঁ
পখীৰে তই গীত
মই যদি ব’হাগ
তই উতনুৱা চিত
মই যদি পুৱতি হওঁ
পখীৰে তই গীত
মই যদি ব’হাগ
তই উতনুৱা চিত
চেনাই তই আহিবি
এইবাৰ বিহুতে
খোপাতে এপাহি কপৌ ফুল দিবলে’
খোপাতে এপাহি কপৌ ফুল দিবলে’
ব’হাগতে আহিবি চেনাই অ’
খোপাতে এপাহি কপৌ ফুল দিবলে’
ব’হাগতে পখিলা উৰিলে
তই জানো নাহিবি
ব’হাগতে আহিবি চেনাই অ’

2. হাতৰে আঙুলি । Hatore anguli – Shaan

হাতৰে আঙুলি লিহিৰি লিহিৰি লিহিৰি
কপালে ভৰিৰে আঙুলি ঘন
তোমাকে দেখাপাই মোৰে মইনা
মোৰে মইনা কিয়নো নিদিলো মন
ও চগা হৈ উৰিছো বিৰহত মৰিছো
নুবুজো কিয়নো মন
মনে কৰে কিবাখন
হিয়ামন উচাটন।

চকুতে চকুথৈ নাচাবা তেনেকৈ
লাজৰে ওৰনি মূৰতে লৈ
তোমাৰো যৌৱনে কলিজা খাই
বুজাব নোৱাৰো ভাষাৰে কৈ
সচাকে কোৱানা আছেনে কোনোবা
নুবুজু তোমাৰ কি মন
মনে কৰে কিবাখন
হিয়ামন উচাটন।

এভৰি দুভৰি দিমে সাতে ভৰি
সোনৰে গহনা মিনা কৰাই
লাৱনি দেহাৰে ভাজে ভাজে
সোনতো সুৱগা ৰূপে চৰাই
সচাকে কোৱানা লগৰী হ’বনে
কোৱানে তোমাৰ কি মন
মনে কৰে কিবাখন
হিয়ামন উচাটন।


3. অ’ সোন মৰমী । O xun moromi – Kumar Sanu 

অ’ সোন মৰমী ঔ মোৰ
তুমিয়ে মনৰ সপোন
জোন যেন মুখনি লৈ চাই
লাগিছে বুকুৰ আপোন।
অ’ সোন মৰমী ঔ মোৰ
তুমিয়ে মনৰ সপোন
জোন যেন মুখনি লৈ চাই
লাগিছে বুকুৰ আপোন।

তুমি আৰু মই নিশাৰ সময়
জোনটিও ৰয় সাক্ষী হৈ
মৰমৰে নৈ ঢৌ তুলি বয়
ৰূপালী ৰহন সানি লৈ
তুমি আৰু মই নিশাৰ সময়
জোনটিও ৰয় সাক্ষী হৈ
মৰমৰে নৈ ঢৌ তুলি বয়
ৰূপালী ৰহন সানি লৈ
মৰমে বুকুলৈ ওলটি বয়
থাকে মনত
অ’ সোন মৰমী ঔ মোৰ
তুমিয়ে মনৰ সপোন
জোন যেন মুখনি লৈ চাই
লাগিছে বুকুৰ আপোন
লাগিছে বুকুৰ আপোন

মধূৰ লগন মাথু কিছুখন
জোনটিও নাথাকিলে ৰৈ
অমানিশাৰে এন্ধাৰ আহিলে
থাকিবা জানো লগৰী হৈ
মধূৰ লগন মাথু কিছুখন
জোনটিও নাথাকিলে ৰৈ
অমানিশাৰে এন্ধাৰ আহিলে
থাকিবা জানো লগৰী হৈ
মৰমে বুকুলৈ উলটি যায়
এটোপি হৈ
অ’ সোন মৰমী ঔ মোৰ
তুমিয়ে মনৰ সপোন
জোন যেন মুখনি লৈ চাই
লাগিছে বুকুৰ আপোন
লাগিছে বুকুৰ আপোন
লাগিছে বুকুৰ আপোন


4. তুমি আহিছিলা চেনাই । Tumi ahisila chenai – Charu Gohain

তুমি আহিছিলা চেনাই
মোৰ পদূলিলে বুলি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তুমি আহিছিলা চেনাই
মোৰ পদূলিলে বুলি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি

ঘনে ঘনে সৰা
তোমাৰ খোপাৰ
কৰবী পাহিয়ে কয়
ঘনে ঘনে সৰা
তোমাৰ খোপাৰ
কৰবী পাহিয়ে কয়
অতি চেনেহৰ আপোন জনো
এৰা সূঁতি হৈ ৰয়
এৰা সূঁতি হৈ ৰয়
তুমি আহিছিলা চেনাই
মোৰ পদূলিলে বুলি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি

লাজে মাটি লেখা
তোমাৰ লিহিৰি
ভৰিৰ নখে যে কয়
লাজে মাটি লেখা
তোমাৰ লিহিৰি
ভৰিৰ নখে যে কয়
অতি হেঁপাহৰ
জীৱন ৰেখা
ঘনে মচি মচি যায়
ঘনে মচি মচি যায় 
তুমি আহিছিলা চেনাই
মোৰ পদূলিলে বুলি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তুমি আহিছিলা চেনাই
মোৰ পদূলিলে বুলি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি
তল ভৰি থকা
বকুলৰে ফুল গচকি। 

Leave a comment

Trending