অ’ সখী আজি । O xokhi aaji – জ্যোতিপ্ৰসাদ আগৰৱালা
1. অ’ সখী আজি যৌৱন বন জুৰি
বন বসন্ত মুঞ্জুৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা।
তোৰ ৰূপহ ফুলনিতে
শেৱালী নেৱালী কতনো ফুল
দশোদিশে আমোলাই কৰিছে আকুল
ফুলৰ বাটিৰে মৌৰে নিজৰা বাকী দিয়া
বিয়াকুল ৰূপ মৌ-পিয়া।
আজি অভিনৱ তৰালি পোঁহৰত
চঞ্চল গীত শুনা,
তাৰ লহৰত কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা
তাতে বাসনা উৰ্ব্বশী
বিবসনা
নৃত্যতে আকুল
অ’সখী যায় যে বেলা
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিবে ফাকু খেলা।
বন বসন্ত মুঞ্জুৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা।
তোৰ ৰূপহ ফুলনিতে
শেৱালী নেৱালী কতনো ফুল
দশোদিশে আমোলাই কৰিছে আকুল
ফুলৰ বাটিৰে মৌৰে নিজৰা বাকী দিয়া
বিয়াকুল ৰূপ মৌ-পিয়া।
আজি অভিনৱ তৰালি পোঁহৰত
চঞ্চল গীত শুনা,
তাৰ লহৰত কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা
তাতে বাসনা উৰ্ব্বশী
বিবসনা
নৃত্যতে আকুল
অ’সখী যায় যে বেলা
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিবে ফাকু খেলা।
2. অ’ আমাৰ গাওঁ । O aamar gaon – Jyoti Prasad Agarwala
অ’ আমাৰ গাওঁ!
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ।
ভৰপূৰ তামোলৰে
সেইজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাওঁ!
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাথ পৰা
অ’ আমাৰ গাওঁ!
একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাকো নাপাও?
এই মাটি মোক অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ।
কালৰ মূৰ্তি ধৰি
শতৰু মূৰত
আকাশৰ সৰগ পেলাওঁ।
3. মই গাঁৱৰ ল’ৰা । Moi gaowor lora – জ্যোতি প্ৰসাদ আগৰৱালা
(ল’ৰা)—মই গাঁৱৰ ল’ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম
(ছোৱালী)— গাঁৱলীয়া ছোৱালী মই
শেৱালি মই নেৱালি
গাঁৱৰ কোলাত হাঁহি মাতি
সোণধানৰ জেউতী চৰাম।
নতুন দিনৰ যঁতৰা
নতুন দিনৰ বতৰা
আন অ’ মোৰ
কবিটোক
জনা অ’ মোৰ
শিল্পীটোক
সেউতীৰে
মালতীৰে মালা পিন্ধাম
ন-সুৰীয়া আইনাম
ন সুৰীয়া বিয়ানাম
তাৰ লগতে
গাঁৱলীয়াৰ জয়-সুৰীয়া নাম গাই
গাঁৱলীয়াৰ ন জীৱনৰ
ন ছবিখন চাম।
(ল’ৰা)— গাঁৱৰ ল’ৰা—আগবাঢ়ি যাম
হাবি কাটি
আগবাঢ়ি পৰ্বত ভাঙি
আগবাঢ়ি গৈ উলিয়াম
নিতৌ নতুন পাম।
জুই সুৰীয়া
জয় সুৰীয়া নতুন গান গাম।
ৰাইজৰ বৰ নামঘৰত, সোণৰ
ৰূপৰ পাত মেৰিওৱা
বৰখুঁচা লগাম।
(ল’ৰা-ছোৱালী)—আমি দুয়ো একেলগে যাম
একেলগে খাম
একেলগেই জীৱন জুই গাঁৱে গাঁৱে লগাই
গাঁৱলীয়া ৰাইজৰ মনত জ্বলাই চাকি বাতি
সুন্দৰৰ থাপনা পাতি
আগলৈ—আগলৈ— আৰু —পোহৰলৈ আগবাঢ়ি যাম।
গাঁৱৰ ল’ৰা—ছোৱালীয়ে ঘৰে ঘৰে বন্তি জ্বলাম।
4. ৰূপহ কোঁৱৰৰ চুমা । Rupoh Kongwaror chuma-Jyoti Prasad Agarwala
ৰূপহ কোঁৱৰৰ চুমা পৰশত
লাজুকী কুঁৱৰী মৰহি যায়।
সোণতে সুৱগা আহি সানি দিলে
গোলাপী গালতে ৰঙে চৰাই।
সপোনৰ সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই।

Leave a comment