বনৰীয়া আমি । Bonoriya Aami-Jyoti Prasad Agarwala

1. বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
            অনাই বনাই আমি
            অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই।
উঁ-উঁ-উঁ-উঁ-উঁ-উঁ-উঁ-উঁ-উঁ।
ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পাতিলিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰথ পাতি
পৰ্বতৰে বননী ফুৰিম বগাই
            অনাই বনাই অ’
            অনাই বনাই অ’।
 

2. ফুলৰ পাহিত । Fulor paahit-জ্যোতি প্ৰসাদ আগৰৱালা

ফুলৰ পাহিত
কোনে থৈ গ’লি
এটুপি চকুৰ পানী
পুৱাৰ পোহৰে
আহি চুমা খালে
বেলিৰ মৰম সানি
চুমা-চেনেহতে পমি নাইকিয়া হ’ল
বেজাৰে মৰমে
দুয়ো লগে লাগি
থিতাতে ময়াপী ই
যে কি আপুনি
আলাসতে উৰি গ’ল।
বেজাৰৰ সোণতে মৰম মুকুতাই
আলসুৱা ৰূপ ধৰে
চকুলোটুপিতে পোহৰে উমলি
পৃথিৱী ধুনীয়া কৰে।


3. লুইতেদি যাৱ ক’ৰে । Luitedi javo kore-জ্যোতি প্ৰসাদ আগৰৱালা

লুইতেদি যাৱ ক’ৰে নাৱৰীয়া
তই ক’ৰে নাৱৰীয়া ঐ
মানুহে মানুহৰ মৰম নুবুজে
তেজীমলাহে মই।
লুইতেদি বয় ক’ৰে ৰূপৰ পানী
কি কখা বুকুতে লই
মনৰে কথা মোৰ মনত মৰহিলে
তেজিমলাহে মই।


4. সাজু হ নৱজোৱান । Xaju ho novojovan-জ্যোতি প্ৰসাদ আগৰৱালা 

সাজু হ, সাজু হ, নৱ জোৱান।
সাজু হ, সাজু হ, নৱ জোৱান।
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন-যৌৱন
কৰি প্ৰাণপণ
ৰঙালী কৰি দে ৰণাংগন।
জয় শংখ বজা
পৃথিৱী কঁপাই
অত্যাচাৰকো কৰি বৰণ
স্বাধীনতা ধন
নতুন মৰণ
লোহাৰে শিলেৰে
বান্ধি ল’ মন।
বজ্ৰ-কণ্ঠে বিশ্বক শুনা
সত্যৰ জয়গান
বুকুৰ তেজেৰে ধুই দে আজি
ভাৰতৰ অপমান
সাজু হ, সাজু হ, নৱ জোৱান।

Leave a comment

Trending