Class 11 Economics

Market Equilibrium
বজাৰ ভাৰসাম্য

Class 11 Economics, Market Equilibrium । বজাৰ ভাৰসাম্য। ইয়াত তোমালোকে উচ্চ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অৰ্থবিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমৰ “বজাৰ ভাৰসাম্য”ৰ প্ৰশ্ন উত্তৰ সমূহ পাৱা। আৰু উচ্চ মাধ্যমিক বিষয়ৰ নোট্‌স লাগিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
Class 11 Economics Question and Answer Assam | HS 1st Year Economics Question and Answer Assam | HS 1st Year Economics Suggestion and Notes Solution Assam

1. ভাৰসাম্যতা (সন্তুলন) কি?     HS-2015
উত্তৰঃ- দুটা বিপৰীত শক্তি বা চলকে যেতিয়া কোনো এটা নির্দিষ্ট বিন্দুত লগ লাগে বা সমান হয়, তেনে অৱস্থাকে ভাৰসাম্য বুলি কোৱা হয়।

2. অতিৰিক্ত যোগান কি?
উত্তৰঃ- অতিৰিক্ত যোগান হ’ল এনে এটা অৱস্থা য’ত বস্তুৰ যোগানৰ পৰিমাণ চাহিদাতকৈ অধিক হয়।

3. দৰৰ স্থিতিস্থাপক কি?
উত্তৰঃ- বজাৰত বস্তু এটাৰ চাহিদা বা যোগান হ্রাস-বৃদ্ধি হ’লে বস্তুটোৰ দামৰ ওপৰত প্ৰভাৱ পৰে। এনেদৰে দামৰ সামান্য পৰিৱর্তনৰ ফলত চাহিদাৰ বা যোগানৰ যি অনুপাতিক পৰিৱর্তন হয় তাকে দৰৰ স্থিতিস্থাপকতা বোলে।

4. শ্ৰমৰ প্রান্তিক ৰাজহ কি?
উত্তৰঃ- শ্ৰমিকৰ প্রান্তিক ৰাজহ = প্রান্তিক আয় x শ্ৰমিকৰ প্রান্তিক উৎপাদন।

5. চাহিদা বিধি অনুসৰি বজাৰ ভাৰসাম্য স্বীকাৰ্যটো উল্লেখ কৰা।
উত্তৰঃ- চাহিদা বিধি অনুসৰি বজাৰ ভাৰসাম্য স্বীকার্যটো হ’ল যে ইয়াত-
(১) উপভোক্তাৰ আয় স্থিৰে থাকে।
(২) সামগ্ৰীৰ দাম একে থাকে।
(৩) উপভোক্তাৰ ৰুচি, অভিৰুচি আদি অপৰিৱর্তিত থাকিব লাগে।

6. চাহিদা আৰু যোগানৰ সহায়ত বজাৰ ভাৰসাম্যতাৰ ধাৰণাটো ব্যাখা কৰা।    HS-2016
উত্তৰঃ- চাহিদা আৰু যোগানৰ সহ-স্থানান্তৰ চাৰি ধৰণে ঘটিব পাৰে-
(ক) যোগান আৰু চাহিদা ৰেখা উভয়ে সোঁফালে স্থানান্তৰিত হ’লে ভাৰসাম্যৰ পৰিমাণ বৃদ্ধি হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্রাস বা অপৰিৱর্তনীয় হৈ থাকিব পাৰে।
(খ) যোগান আৰু চাহিদা ৰেখা উভয়ে বাওঁফালে স্থানাস্তিৰত হ’লে ইয়াৰ ফলত ভাৰসাম্যৰ পৰিমাণ হ্রাস হয় আৰু ভাৰসাম্য দাম বৃদ্ধি, হ্রাস বা অপৰিৱৰ্তনীয় হৈ থাকিব পাৰে।
(গ) যোগান ৰেখা বাওঁফালে আৰু চাহিদা ৰেখা সোঁফালে স্থানান্তিৰত হ’লে ভাৰসাম্যৰ পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱর্তনীয় হৈ থাকিব পাৰে আৰু ভাৰসাম্যৰ দাম বৃদ্ধি হয়।
(ঘ) যোগান ৰেখা সোঁফালে আৰু চাহিদা ৰেখা বাওঁফালে স্থানান্তিৰত হ’লে ভাৰসাম্য পৰিমাণ বৃদ্ধি, হ্রাস বা পৰিৱৰ্তনীয় হৈ থাকিব পাৰে। কিন্তু ভাৰসাম্যৰ দাম হ্রাস হয়।

7. পূর্ণ প্রতিযোগিতামূলক বজাৰৰ গাঁথনিৰ চৰ্তবোৰ উল্লেখ কৰা।    HS-2018
উত্তৰঃ- পূর্ণ প্রতিযোগিতামুলক বজাৰৰ গাঁথনিৰ প্রধান চৰ্তবোৰ হৈছে—
(ক) পূর্ণ প্রতিযোগিতামূলক বজাৰত ক্রেতাৰ সংখ্যা অসংখ্য হয়। অসংখ্য ক্রেতাৰ মাজত এজন ক্রেতাৰ চাহিদাৰ পৰিমাণ মুঠ বজাৰ চাহিদাৰ পৰিমাণৰ তুলনাত অতি নগন্য। আনহাতে, বিক্রেতাৰ ক্ষেত্ৰতো অসংখ্য বিক্রেতা থাকে বাৱে প্রত্যেকজন বিক্রেতাই এটা সামান্য অংশহে বজাৰ যোগানলৈ বৰঙণি
আগবঢ়ায়।
(খ) বিক্রেতাই বিক্ৰী কৰিব খোজা সামগ্ৰীটো সমগুণবিশিষ্ট্য হয়। অর্থাৎ সামগ্ৰীটোৰ আকাৰ, গুণ ৰং আদি সকলোফালৰ পৰা একে থাকে। (গ) প্ৰতিটো প্রতিষ্ঠানে বজাৰত মুক্তভাৱে প্ৰৱেশ আৰু প্রস্থান কৰিব পৰাৰ সুবিধা থাকে। এনে উদ্যোগ প্রতিষ্ঠানে কোনো ধৰণৰ বাধা-নিষেধ নোহোৱাকৈ বজাৰত যুক্ত। ফলত দীর্ঘকালত এনে উদ্যোগ প্রতিষ্ঠানসমূহে অস্বাভাৱিক লাভ বা লোকচানৰ সন্মুখীন প্রায়ে নহয়।
(ঘ) এই বজাৰত গ্ৰাহকৰ মুক্ত প্রৱেশ আৰু প্রস্থান ঘটে।

8. পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্রতিষ্ঠান এখনৰ চাহিদা আৰু যোগান ফলন তলত উল্লেখ কৰা ধৰণৰ-

Normal
0

false
false
false

EN-US
X-NONE
HI

MicrosoftInternetExplorer4

/* Style Definitions */
table.MsoNormalTable
{mso-style-name:”Table Normal”;
mso-tstyle-rowband-size:0;
mso-tstyle-colband-size:0;
mso-style-noshow:yes;
mso-style-priority:99;
mso-style-qformat:yes;
mso-style-parent:””;
mso-padding-alt:0in 5.4pt 0in 5.4pt;
mso-para-margin-top:0in;
mso-para-margin-right:0in;
mso-para-margin-bottom:10.0pt;
mso-para-margin-left:0in;
line-height:115%;
mso-pagination:widow-orphan;
font-size:11.0pt;
mso-bidi-font-size:10.0pt;
font-family:”Calibri”,”sans-serif”;
mso-ascii-font-family:Calibri;
mso-ascii-theme-font:minor-latin;
mso-fareast-font-family:”Times New Roman”;
mso-fareast-theme-font:minor-fareast;
mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;}

Qd=200 – 2p আৰু Qs = -100+3p
(i) ভাৰসাম্য দৰ আৰু পৰিমাণ নির্ণয় কৰা।
(ii) ব্যয় বৃদ্ধিৰ বাবে যোগান ফলন যদি
Qs = -100+3p হয় তেনেহ’লে ভাৰসাম্য দৰ আৰু পৰিমাণৰ কি পৰিৱৰ্তন হ’ব?            HS-2013
উত্তৰঃ- (i) ভাৰসাম্য অৱস্থাত
⇒Qd=Qs ⇒200-2p=-100+3p ⇒-2p-3p=100-200 ⇒ 5p=-300=p=60 টকা আৰু ভাৰসাম্য উৎপাদন (Qd)
=200-2p=200-2×60 = 80
(ii) আকৌ পুনৰবাৰ ভাৰসাম্য অৱস্থাত Qd=Qs
⇒200-2p=-200+3p ⇒ -2=-3p=-200-200
⇒5p=400 .:. p=80
.:. ভাৰসাম্য দৰ (P)=80 টকা।
আৰু ভাসাম্য উৎপাদনৰ পৰিমাণ (Qd)=100-2p=200-(2×80)=40

9. শ্ৰমিকৰ বজাৰ যোগান ৰেখাডাল কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি বুজাই লিখা।
উত্তৰঃ- এক নির্দিষ্ট মজুৰি হাৰত যোগান ধৰিবলগীয়া শ্ৰমৰ পৰিমাণ নির্ণয় কৰে মানুহে। সিহঁতৰ যোগানৰ সিদ্ধান্ত প্রধানকৈ আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ। মানুহে জিৰণিক আনন্দ আৰু কৰ্মক বিৰক্তিকৰ বুলি বিবেচনা কৰে। আকৌ সিহঁতে আয় সংগ্ৰহৰ ওপৰত গুৰুত্ব দি কাম কৰিবলগীয়া হয়। গতিকে জিৰণিৰ আনন্দ আৰু কৰ্মৰ বাবে অতিৰিক্ত সময় খৰচ কৰাৰ মাজত এটা বিপৰীতমুখী সম্পর্ক আছে। যেনে-
(১) মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযোগ ব্যয় বৃদ্ধি হয় আৰু জিৰণি আগতকৈ ব্যয় বহুল হয়। সেয়ে মানুহে আগতকৈ অধিক সময় কাম কৰিবলৈ বিচাৰিব।
(২) মজুৰিৰ হাৰ বৃদ্ধি হ’লে মানুহৰ ক্রয় ক্ষমতা বাঢ়িব। ফলত অৱসৰ বিনোদনত বেছি সময় খৰচ কৰিবলৈ আশা কৰিব।
    গতিকে এটা নির্দিষ্ট বিন্দুলৈহে মজুৰিৰ হাৰ বৃদ্ধিত শ্ৰমৰ যোগান বৃদ্ধি হয়। কিন্তু এটা নির্দিষ্ট বিন্দুৰ পিছত মজুৰিৰ হাৰ বৃদ্ধিয়ে শ্ৰমৰ যোগানৰ হ্রাস কৰে। সেয়ে শ্রম যোগান ৰেখা সদায় উর্ধগামী আৰু পিছত পিছফালে ভাজ খোৱা আকৃতি লয়।

10. পূর্ণ প্রতিযোগিতামূলক বজাৰত মজুৰি কিদৰে নির্ধাৰণ কৰা হয়? চিত্ৰৰ সহায়ত বুজাই লিখা। HS-2019
উত্তৰঃ- পূর্ণ প্রতিযোগিতামূলক বজাৰত মজুৰি নিৰ্ধাৰণত শ্ৰমৰ যোগানে প্রধান ভূমিকা লয়। শ্রম আহৰণ কৰাৰ সময়ত এখন প্রতিষ্ঠানে সেই বিন্দুলৈ শ্রম নিয়োগ কৰে য’ত মজুৰি আৰু শ্ৰমৰ প্রান্তিক আয়মূলক উৎপাদন সমান হয়। ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি প্রযোজ্য হ’লে প্রতিষ্ঠানে সদায় মজুৰি
আৰু শ্ৰমৰ প্রান্তিক উৎপাদনৰ মূল্য সমান হোৱা অৱস্থাত উৎপাদন কৰাই বুজায় যে শ্ৰমৰ চাহিদাৰেখা নিম্নগামী হৈছে।
    আনহাতে, মজুৰি প্রথমে প্রত্যক্ষ সম্পর্ক থাকে আৰু পিছত পৰোক্ষ সম্পর্ক হয়। সেয়ে শ্ৰমৰ যোগান ৰেখাডাল এটা সময়লৈ উর্ধর্গামী হয় আৰু পিছত ভাজ খোৱা আকৃতি লয়।
    পূর্ণ প্রতিযোগিতামূলক বজাৰত মজুৰিৰ হাৰ নির্ধাৰণৰ ক্ষেত্ৰত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ ভাৰসাম্যতাৰ প্রয়োজন হয়। ইয়াক তলত দিয়া চিত্ৰৰ সহায়ত বুজাব পাৰি


    চিত্ৰত DL শ্ৰমৰ চাহিদা ৰেখা আৰু SL শ্ৰমৰ যোগান ৰেখা। দুয়োডাল ৰেখাই E বিন্দুত ভাৰসাম্যতা লাভ কৰিছে। ফলত QWএ মজুৰি নিৰ্ধাৰণ কৰিছে।
 
11. উপভোক্তা এজনৰ বাবে বস্তু এবিধৰ 4 আৰু 5 গোটৰ মঠ উপযোগিতা ক্রমে 56 আৰু 60 হ’লে তেওঁৰ বাবে বস্তুবিধৰ 4 গোটৰ প্রান্তিক উপযোগিতা নির্ণয় কৰা। HS-2017
উত্তৰঃ- MU5 = TU5-TU4 =60-56 MU5=4
গতিকে MU হৈছে ৪ ৰ পঞ্চম গোট

Contact
us (whatsapp no-7020477396) for free notes on Political Science,
English, MIL Assamese, Swadesh Adhyayan, Economics.

Leave a comment

Trending