জীৱনৰে সখা কৃষ্ণ । Jibonore xokha Krishna-Jyoti Prasad Agarwala
মোৰে জীৱনৰে সখা কৃষ্ণ।
মোৰে জীৱনৰে সখা কৃষ্ণ তই
বজাব কি সুৰে বেণু।
কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু?
পুৱতি নিয়ৰে সানে চৰণতে
শুকুলা মুকুতাৰ বেণু
অ’ তোৰ শ্যামল গাতে কোনে
চন্দন পিন্ধালে
অ’ তোৰ ফুল কুমলীয়া তনু
বজাব সোনেৰে বেণু কৃষ্ণ তই
বজাব সোনেৰে বেণু।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি।
2. সুবিধাবাদীৰ দল । Xubidhabadir dal — জ্যোতিপ্ৰসাদ আগৰৱালা
সুবিধাবাদীৰ দল
তোৰ মিছা হ’ব কৌশল
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল।
শিল্পী তই সৰল মনৰ
শিল্পী তই অমল প্ৰাণৰ
বিমল গানৰ
কি বুজিবি কিয় ওলায়
নিৰ্মল অশ্ৰুজল?
জনতাক ভাঁড়া ছল চাতুৰীৰ
আলাসতে গজা কোৱাভাতুৰীৰ
স্বৰূপ ওলাই গ’ল
তই হাতে হাতে পাবি ফল
হেৰ’ খঁকুৱাৰ দল!
তই জনা নাই তই যাক ভাব
মূৰ্খ জনতা মূঢ় জনতা
ৰূঢ় জনতা বুলি
যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা
সেই জনতা আজি প্ৰবৃদ্ধ হ’ল।
কৌপীনধাৰী মহা ফকিৰৰ
সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ
নাই যোৱা অ’
নাই যোৱা অ’ এনেয়ে বিফল।
ঘৃণি তোৰ অহংকাৰৰ নেতৃত্বাভিমান
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান সাৱধান।
3. যাউতিযুগীয়া ধনে । Jautijugiya dhone
যাউতিযুগীয়া ধনে মোৰ অ’
প্ৰাণতে দিলে মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদিয়া
বুকুত ভালেপোৱা অ’ প্ৰাণৰে ধনে
যাউতিযুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাইদিলা মোক অ’
যাউতিযুগীয়া ধনে মোৰ অ’।
ভাবত অগণনে হুমুনিয়াহ
অময়া সৌন্দৰ্য জীৱন উপচোৱা
থ’বলৈকে ঠাই নোজোৰে অ’
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধনে মোৰ অ’।
সুখ বিনন্দীয়া মৰণতে বাকী
সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া ধনে মোৰ অ’।
বুজা নুবুজাৰে হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধনে মোৰ অ’।
4. এটুপি চকুলো মোৰ । Atupi chakulo mor
এটুপি চকুলো মোৰ যে কেৱল
সেয়ে মোৰ তাজমহল
প্ৰণয়েৰে ভৰা, বেদনাৰে গঁথা
শান্ত চিৰ উজ্জ্বল।।
বিৰহ নৈৰ পাৰতে
প্ৰেম শালিৰে বুকুতে
গঢ়িলোঁ যতনে চকুপানী সানি
স্নিগ্ধ স্মৃতিৰ দেউল।
বাদছাহৰ যে এজনীহে তাজ
মোৰ যে প্ৰিয়াত শত মমতাজ
আছিল যে তাই ফুল পাৰিজাত
হৃদয়ৰ শতদল।
কবি যদি হয় ছাহ ছাজাহান
ময়ো যে কবি দীন সু মহান
শিলৰ কবিতা নহয় মোৰ দান
এটুপি লোহে কেৱল
সেয়ে মোৰ তাজমহল।

Leave a comment