লুইতৰ পানী যাবি । Luitor pani jabi – Jyoti Prasad Agarwala
1. লুইতৰ পানী যাবি অ’বৈ
সন্ধিয়া লুইতৰ পানী সোণোৱালী
চহৰে নগৰে যাবি অ’বৈ
জয়াৰে কীৰিতি দেশে বিদেশে
সাগৰে-নগৰে ফুৰিবি কৈ।
মাটিৰে দেহাটি এৰি জয়মতী
জ্যোতিৰে দেহাটি লৈ
যাউতীযুগীয়া কীৰিতি ৰাখিলা
চানেকী জগতলৈ।
এটুপি-দুটুপি তেজে তিনি টুপি
দেশৰ হকে জয়াই গ’লে বিলাই
অসমৰ জীয়াবী অসমৰ বোৱাৰী
এটুপি চকুলো যোৱা পেলাই।
2. নূপুৰে মাতে ৰূণজুন । Nupure mate runjun – Jyoti Prasad Agarwala
(পত্ৰ)- নূপুৰে মাতে ৰূণ জুন
নূপুৰে মাতে ৰূণ জুন
নূপুৰে মাতে।
(চিত্ৰ)- সখী যাবৰ বেলি
আমাৰ হিয়াখনি
বিষাদে ছাটে।
(সখীবোৰ) – সখী বিষাদে ছাটে
(চিত্ৰ) – বিদায়ৰ পৰতে
চলে চলি চকুতে
চকুপানী নাটে
সখী চকুপানী নাটে।
যোৱা সখা দিছোঁ বিদায়
মনতে ৰাখিবা সদায়
এৰোনো কি স’তে।
(সখীবোৰ) – সখী এৰোনো কি স’তে।
3. ৰূপৰে তই জুঁই জ্বলালি । Rupare toi jui jwolali — জ্যোতিপ্ৰসাদ আগৰৱালা
ৰূপৰে তই জুঁই জ্বলালি
নিত্য নতুন ছবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিৰে।
আজিৰ দিনা
নেমানি মনা
সথি পতালি
বিপ্লৱী মোৰ কবিৰে।
4. আজি জনতাৰ থাপনাত । Aaji janatar thaponat — জ্যোতিপ্ৰসাদ আগৰৱালা
আজি জনতাৰ থাপনাত
চিৰ সুন্দৰৰ জাগ
তই নচা ছন্দৰে
জনতাৰ অন্তৰ
কঁপাই কঁপাই জগা
বিশ্বৰ নৱতম্ তন্ত্ৰৰ উদ্বোধনী
মই গাওঁ গানে গানে আগমনী
জানোঁ জানোঁ তই আহিবি
জানোঁ জানোঁ তই হাঁহিবি
জাগ্ৰত জনতাৰ
চোতালে চোতালে তই
নাচি ফুৰিবি
মোৰ কবিতাত তোৰ আগজাননী
তোক আদৰিবলে
তোক সাদৰিবলে
সাজু যত নৱ বাহিনী।।

Leave a comment