মোৰ ভাৰতৰে । More bharotore-Jyoti Prasad Agarwala
1. মোৰে ভাৰতৰে
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি,
সেউজীয়া বনতে
সেউজীয়া মনতে
বিকশি প্ৰকাশি উঠা
নৱ জন জীৱনৰে অভিনৱ জ্যোতি।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গন মন মুকুতি
প্ৰণতি, প্ৰণতি, প্ৰণতি।
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি,
সেউজীয়া বনতে
সেউজীয়া মনতে
বিকশি প্ৰকাশি উঠা
নৱ জন জীৱনৰে অভিনৱ জ্যোতি।
আজি শিল্পী মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি
জয় অজেয় আলোকময় বিশ্বৰূপী
অনন্ত বিজয়ী
জন গন মন মুকুতি
প্ৰণতি, প্ৰণতি, প্ৰণতি।
2. পুৱাৰ বকুল বুটলি । Puwar bakul butali
পুৱাৰ বকুল বুটলি
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’।
মোৰ থাপনাত নথ’বি
তোৰ থাপনাত নথ’বি
খোপাতে তোৰ
মালা পিন্ধি ল’।
বকুল সৰা বননিত
কি দেখিলি ক’
আমোলমোলাই যোৱা গোন্ধৰ
ৰাতিপুৱাৰ সোণৰ ৰ’দৰ
গুণগুণনিত কি শুনিলি
মোৰ, গানত লিখি থ’।।
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’।
মোৰ থাপনাত নথ’বি
তোৰ থাপনাত নথ’বি
খোপাতে তোৰ
মালা পিন্ধি ল’।
বকুল সৰা বননিত
কি দেখিলি ক’
আমোলমোলাই যোৱা গোন্ধৰ
ৰাতিপুৱাৰ সোণৰ ৰ’দৰ
গুণগুণনিত কি শুনিলি
মোৰ, গানত লিখি থ’।।
3. আমি কৰিব লাগিব । Aami karibo lagibo-জ্যোতিপ্ৰসাদ আগৰৱালা
আমি কৰিব লাগিব পৃথিৱী আলোকময়
জ্ঞান-বিজ্ঞানৰ
সকলো ধৰ্মৰ
নানা আদৰ্শৰ নানা বিভেদৰ
কৰিব লাগিব মহান সমন্বয়,
মহামহত্ত্বৰ বিৰোধী আসুৰী
সকলো শত্ৰু কৰিব লাগিব জয়।
এই পৃথিৱীলৈ আনিব লাগিব
মহত্ত্বক মহা জয়
কৰিব লাগিব গোটেই জগত
অমৃত আনন্দময়।
মানুহ ফুলিব লাগিব বিকশি
কৰিব লাগিব বিশ্বখনকে
স্বৰগী সুৰভিময়।
জয় হওক পোহৰৰ জয়
জয় হওক মানৱৰ মহত্ত্বৰ আদৰ্শৰ জয়
চিৰমংগলৰ, চিৰকল্যাণৰ
জগতৰ এই মহা বিকাশৰ
হওক যুগে যুগে জয়
চিৰসুন্দৰৰ জয়।।
জ্ঞান-বিজ্ঞানৰ
সকলো ধৰ্মৰ
নানা আদৰ্শৰ নানা বিভেদৰ
কৰিব লাগিব মহান সমন্বয়,
মহামহত্ত্বৰ বিৰোধী আসুৰী
সকলো শত্ৰু কৰিব লাগিব জয়।
এই পৃথিৱীলৈ আনিব লাগিব
মহত্ত্বক মহা জয়
কৰিব লাগিব গোটেই জগত
অমৃত আনন্দময়।
মানুহ ফুলিব লাগিব বিকশি
কৰিব লাগিব বিশ্বখনকে
স্বৰগী সুৰভিময়।
জয় হওক পোহৰৰ জয়
জয় হওক মানৱৰ মহত্ত্বৰ আদৰ্শৰ জয়
চিৰমংগলৰ, চিৰকল্যাণৰ
জগতৰ এই মহা বিকাশৰ
হওক যুগে যুগে জয়
চিৰসুন্দৰৰ জয়।।
4. মোৰ সুৰৰ চুমাত । Mor xuror chumat — Jyoti Prasad Agarwala
মোৰ সুৰৰ চুমাত
কোন সাৰ পাৱ?
মোৰ গান শুনি-
কোন ভোল যাৱ?
মোৰ সুৰৰ চুমাত—।
মই কোৱা সেই জোনাকী সাধু
নাপাহৰিবি-
বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি,
চকুৰ পানীৰে লিখা গানবোৰ
আলৈ আথানি নকৰিবি।
মোৰ সুৰৰ চুমাত———।

Leave a comment