1. মঘাই বোলে ঢোলৰ মাত । Moghai bule dholor maat

মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ

ৰাভাই বোলে মুখৰ
কথাত নহয় প্ৰগতি
নেথাকিলে নিষ্ঠা
আৰু আদৰ সমুতি
জানি শুনি খোজে
প্ৰতি উজুটিহে খাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
হেই মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ

আগৰৱালাই দিয়ে শুৱৰাই
সোণ সিৰিয়া কৃষ্টি
ভাৱি কালৰ সমাজলে
লাগে নতুন সৃষ্টি
আগৰৱালাই দিয়ে শুৱৰাই
সোণ সিৰিয়া কৃষ্টি
ভাৱি কালৰ সমাজলে
লাগে নতুন সৃষ্টি
তথাপিও ঘূৰি কিয়
উভতিহে যাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
হেই মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ

জাতি দম্ভ অহংকাৰে
নেদেখুৱায় বাট
মেলি চালেই দেখোঁ
আমি ইতিহাসৰ পাত
জাতি দম্ভ অহংকাৰে
নেদেখুৱায় বাট
মেলি চালেই দেখোঁ
আমি ইতিহাসৰ পাত
বাৰে প্ৰতি তেনে বাটত
কিয় খোজে পেলাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
হেই মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ

ৰংপি ৰাভা বসুমতাৰী
নহয় ভিন পৰ
আপোন মনে সজাওঁ
যদি আপোন এখন ঘৰ
ৰংপি ৰাভা বসুমতাৰী
নহয় ভিন পৰ
আপোন মনে সজাওঁ
যদি আপোন এখন ঘৰ
মিলিজুলি শতেক ফুলৰ
শুগন্ধি বিলাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
হেই মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্দাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ
সোণৰ অসম নেলাগে মোক
মাটিৰে সজাওঁ

2. আপোন হাতে গঢ়োঁ । Apon hate gorho-Loknath Goswami

আপোন হাতে গঢ়োঁ বুলি
আপোন এখন দেশ
সাহসী মোৰ দেশৰ প্ৰজাই
দিলে বুকুৰ তেজ

দেশ বুলিলে নেলাগে আদেশ
আজিৰ পুৰুষে কয়
অত্যাচাৰী কংসৰাজো
নতশিৰ হয়
যৌৱনে উচ্ছল অগণন পুৰুষৰ
দেশৰ মাটিৰে হয় প্ৰেম।।

বনফুলে নোৱাৰে ঢাকিব
শ্বহীদৰ নিৰ্ভীক বুকু
কুশাসনে নোৱাৰে ৰোধিব
ৰক্তিম প্ৰভাতী সূৰুষ
চৌদিশে মুখৰিত মানুহৰ কণ্ঠ
অনুপম আমাৰ স্বদেশ।

Leave a comment

Trending