লুইতৰ পাৰৰে আমি ডেকা ল’ৰা । Luitor parore aami deka lora – Jyoti Prasad Agarwala

1. লুইতৰ পাৰৰে আমি ডেকা ল’ৰা
মৰিবলৈ ভয় নাই
আইআইআই।
মুকুতি মেধৰ মহান মেজিৰ
নেজাল ফিৰিঙতি চাই
পুৰোহিতা যদি থিতাতে আতৰি
ত্ৰাসত মুৰ্চ্ছা যায়।
আমি আগে বাঢ়ি
ডিঙি পাতি পাতি
তেজতে বলিশাল
যামে বোলাই।
তাহনি লাচিতে
এৰি থৈ যোবাৰে
পৰা জাননী তোৰ
দুখে বেজাৰৰে
লঘু লাঞ্চনাৰে
আজিও নপৰিল ওৰ।
শত কাপুৰুষ পুৰুষে সহিলেও
আমমাৰ হে নসহে গা
আমি ডেকা ল’ৰাই জীৱন পণ কৰিছোঁ
মোহাৰ চকুলো
অসমী আই
কলিডাৰ আই।

 

2. আমি খাটিব লাগিব জে’ল । Aami khatibo lagibo jail

আমি খাটিব লাগিব জে’ল
অ’ ভাই খাটিব লাগিব জে’ল
পুৰুষ যদি হোৱা কাপুৰুষৰ দৰে
কিয় হ’ব খোজা ফেল।
এতিয়া যদি জে’ল নাখাটিবা
মৰিলেও পাছে স্বৰাজ নাপাবা
পুৰুষ যদি হোৱা কাপুৰুষৰ দৰে
কিয় হ’ব খোজা ফেল।
জাতীয় যুদ্ধলৈ গৈছে ফৌজ
আমি যদি কৰো ঘৰতে মৌজ
ভাৰতে যেতিয়া স্বৰাজ আনিব
অসমে মাৰিব ফেল।


3. বাৰিষাৰে ঘনঘোৰ । Barishare ghonghor


বাৰিষাৰে ঘনঘোৰ

বজালী ঘনধোৰ

বজালী প্ৰাণত মোৰ

কিনো উদাসীন সুৰ?

পৱন অ’ উৰুৱাই তাক-

নিবিনো কত দূৰ?

শুইন জীৱন অ’ মোৰ

উটি যাৱ কোনোফালে

কোন আকুলতে পাবি কূল?

আকাশ পৱন জোৰা

একোখন ছবি অ’

কৰি থ’বি মোৰ এই

জীৱনকে বিয়াকুল।।


4. পুৱাৰ বকুল বুটলি । Puwar bakul butali


পুৱাৰ বকুল বুটলি

অ’ সোণৰ পুতলি

পুৱাৰ বকুল বুটলি ল’।

মোৰ থাপনাত নথ’বি

তোৰ থাপনাত নথ’বি

খোপাতে তোৰ

মালা পিন্ধি ল’।

বকুল সৰা বননিত

কি দেখিলি ক’

আমোলমোলাই যোৱা গোন্ধৰ

ৰাতিপুৱাৰ সোণৰ ৰ’দৰ

গুণগুণনিত কি শুনিলি

মোৰ, গানত লিখি থ’।।

Leave a comment

Trending