মোৰ গানত জ্বলে । Mor gaanot jwole – JyotiPrasad Agarwala
1. মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ।
মোৰ গানত গুমৰি
ভূঁইকঁপ কৰে
পৃথিৱীৰ নিৰ্বাণ
মোৰ গানৰ জুয়ে জগত পুৰিব
দুষ্কৃত সাৱধান।
মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান।
প্ৰালয়িকী মোৰ জাগিছে ছন্দ
কৃতান্ত মূৰ্তিমান
গানেৰে মই বিশ্বজীৱন
কৰি আছোঁ আহ্বান।
2. ময়ে অসমৰ । Moye axomor-জ্যোতিপ্ৰসাদ আগৰৱালা
ময়ে অসমৰ ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময়।
ময়ে অসমীয়া প্ৰাগ্জ্যোতিষ
ময়ে অসমীয়া শোণিতপুৰৰ
নবীন যুগৰ কুমাৰ ভাস্কৰ মই
ময়ে অসমীয়া শৰাইঘাটৰ
চোকো তৰোৱাল লও লাচিতৰ
মোমাই তামুলীগড়
দুৰ্জেয় অগ্নিগড় ময়েই
নাই মোৰ সমসৰ।
ময়েই খাছীয়া মই জয়ন্তীয়া
ডফলা আৰব অঁকা
ময়ে চিফুং ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা
বিজয়ী আহোম কচাৰী কোচৰ
মেছৰ কুমাৰ মই ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰব আভা।
3. গৰিব হিয়াৰ অলেখ । Garib hiyar alekh — Jyoti Prasad Agarwala
গৰিব হিয়াৰ অলেখ প্ৰদীপ জ্বালি
কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি
পাতে ধনীয়ে দীপালী……….।
বহু ব্যথিতৰ হিয়াই হিয়াই
প্ৰলয় নাচন শিখাই শিখাই
তুলি দাবানল মুখ উজ্বলাই
উঠি বিপ্লব্ জ্বলি
পাতে ধনীয়ে জীপালী।
পীড়িতৰ জ্বালা জ্বলে অবিৰল
দহে চিৰকাল ব্যথাৰে অনল।
সেই অগনিত হই জল্ মল্
উঠে দালান উজলি।
কৰি মষিমূৰ হূদয়ৰ তাপ
আঁতৰাই শত শত অভিশাপ
ছাই কৰে পৃথিৱীৰ মহাপাপ
চিতাত ধনীকে তুলি
জাগে বিশ্ব মৰিশালি।।

Leave a comment