1. আল্লাৰ বিনে কেও -আজান ফকীৰ । Allah bine keo – Azan Fakir

ঘোষা—আল্লাৰ বিনে কেও নাই আন ঔ আল্লা হে।
 
হকৰ বিনে চকৰ নাই        আল্লাৰ বিনে গতি নাই
    পানীৰ বিনে নাই নিৰমল।
হকৰ বিনে চকৰ নাই        আল্লাৰ বিনে গতি নাই।
    নবীৰ বিনে নাই নিস্তাৰ।।
আওৱল কলিমাৰ বিনে        আন জিকিৰ আৰু নাই
    ৰব বিনে অথল ই সংসাৰ।।
দুনিয়ালৈ আহিলো যে        ৰঙে ৰসে বেহালা যে
    নেবেহালো মণিকৰ হাট।।
অময়াৰ মাধুৰি পাই        মুৰ্ছিদলৈ মনত নাই
    নুশুনিলো সৎগুৰুৰ মাত।।
আল্লা আছে আলগত        ৰছুল আছে নিলগত
    তাৰ ওপৰে আছে খোদায়।
ভাবিলেহে তৰিবা        এৰিলেই মৰিবা
    দিলতে চিন্তিবা সদায়।।
একেটি যে মাৰলিতে        শাৰী শাৰী ৰুৱা তাত
    মাৰলিত বিন্ধিলে ঘূণে।
পছোৱাত লৰচৰ        হুৰুসাই পৰে ঘৰ
    ঢোকা দিবা ৰাখিবা কোনে।।
 

2.  নাম সাৰথি আল্লা । আজান ফকীৰ Nam sarothi Allah-Azan Fakir

ঘোষা—নাম সাৰথি আল্লা জীউৰ লগে যায়।

আল্লাই পাতি দিলে    এই হাট বজাৰ
    পাতে মোহম্মদী গাঁও।
মুঠি টানে কৰি        বাবা ভালে কৰি
    তৰত বুৰাব নাও।।
অমনে পমনে        দুখানি নৌকা
    তাকো ভাল কৰি বাবা।
পুল্‌চেৰাত সাকো    বগাব লাগিব
    এখেতে আহি গৈ চাবা।।
এই দুনীৰ সাগৰ    ওঠৰটি সোঁতা
    নেজানো কোন সোঁতাই বয়।
ইলিমৰ বৈঠা        কালামৰ কৰ্শালী
    ল’ব ভৰা সোঁতাই ঠাই।।
ক’বলৈ ধৰিছে        হকৰ মুৰছিদে
    আকলৰ আৰছত ধৰি
সঁচা গুৰু বুলি        যি লোকে নভজে
    পৰিব তললৈ সৰি।।
ওঁঠেই কলম        জিভাই কাগজ
    দাঁতে চাব চিয়াহী বাটে।
সন্ত-মহন্ত        আউলিয়াসকলে
    একেটি নামতে খাটে।।
সেইটি নামৰ        যিজনা মোমিন
    সদায় কৰি আছে ৰতি।
মাৱৰ সাত পুৰুষ    বাপৰ সাত পুৰুষ
    সিও পাই যাৰ গতি।।

3. কেৱল নামে কেৱল নাম । আজান ফকীৰ Kewol name kewol name-Azan Fakir

ঘোষা—কেৱল নামে কেৱল নাম, কেৱল নামে ৰতি
                 দিনে-ৰাতি ল’বা নাম নকৰিবা খতি।।

কেৱল নামে কেৱল নাম কেৱল নামে সাৰ।
দুচকু মুদিলে বান্দাৰ দিনতে আন্ধাৰ।।
কিছু নাই কিছু নাই কিছু নাই সাৰ।
কেঁকোৰাৰ মাটি যেনে কুমাৰ ব্যৱহাৰ।।
যাৰ নাম নাপালো আল্লা তাৰ নাম লৈলো।
যাৰ নাম নাপালো আল্লা চৰণে ভজিলো।।
মুখেৰে পঢ়িব লাগে মোমিন-মুছলমান।
দিলেৰে জানিবা বান্দা মুজাম্মিল ঈমান।।
প্রথমে জানিবা বান্দা পাক চোবহান।
দেৰকুৰি চিপাৰাই হৈছে কোৰান।।
কাদিৰ কামাল আল্লা আছে নিৰঞ্জন।
খাকত পয়দা কৰিলে আদমৰ তন।।
মাও নাই বাপ নাই নাই বেৰাদৰ।
আৱাল-চাওৱাল নাই আছে অকলশৰ।।
উজীৰ-নাজীৰ নাই নাই পটন্তৰ।
আস্মান-জমিন পয়দা ছদিনৰ ভিতৰ৷৷
খুটা-চতি নোহোৱাকৈ আস্মানক ৰাখিছে।
পানীৰ ওপৰৰ পুনী জমিনক ৰাখিছে।।
চান্দ-সুৰুষ চলাই আছে কৰি ৰাতি দিন।
আদমৰ তন পয়দা কৰি থ’লে ভিন ভিন।।
আচ্‌মানৰ তৰফৰ পৰা বাৰান পৌচাইছে।
জমিনত বান্দাৰ ৰিজক্‌ কোছাদা কৰিছে।।
মাহে মাহে মেৱাসকল দিছে ভাগে ভাগ।
অতনা চিজ্‌ খাই বান্দা নকৰ শলাগ।।
চবিহ-চুৰত নাই, নাই পাও-হাত।
‘কুল-হু আল্লাহ’ পঢ়ি লোৱা নাম পাতজাত।।
আল্লাৰ হুকুমৰ পৰা বান্দা আছো দূৰ।
আমি উম্মত গুনাহগাৰ বখ্‌ছোতা গফুৰ।। 

 

 

Leave a comment

Trending