1. নেৰিবা আল্লাৰ নামে । Neriba Allar naame-Azan Fakir

ঘোষা—নেৰিবা আল্লাৰ নামে মোল্লাজীউ,
                            নেৰিবা চাহাবৰ নাম।
 

আল্লাৰ কুদ্ৰতে           বান্দাৰ লগতে
           দৰিয়া আহিছে বৈ।
বনি আদমে            জীৱৰ খেতি কৰে
         হৰেক চহৰলৈ গৈ।।
বনি আদমে           জীৱৰ খেতি কৰে
        হৰেক চহৰত ৰয়।
বনি আদমে          জীৱৰ খেতি কৰে|
       সাতোটা বাৰকে লৈ।।
বনি আদমে            জীৱৰ খেতি কৰে|
       লগতে ইয়াৰি লৈ।
লগতে ইয়াৰি         ল’লে কাকে কাকে
         তা শুনো আমৰু নাই।
আ’ব আতছ কোন নাম,      বাদ কোন নাম
           খাক কোন নামে লয়?  

2. নাম ভাল, নাম ভাল আজান ফকীৰ । Nam bhal, nam bhal-Azan Fakir

ঘোষা—নাম ভাল, নাম ভাল, হয় চাহব হয়।

আল্লা কাদিৰ কামাল চাহেব কাদিৰ কামাল।
মাজ সাগৰত পৰিছো বান্দাক কৰিবা আচান।।
মাৱৰ চাৰি বাপৰ চাৰি আল্লাৰ লোৱা দহ।
ওঠৰ মোকামৰ মাজে পিয়ে মধু ৰহ।।
ওঠৰ মোকামৰ মাজে কোন মোকাম জ্বলে।
তেল নাই শলিতা নাই সদায় প্রদীপ জ্বলে।।
লাহুত দৰিয়াচৰ মাজে ঘনে পেলায় জাল।
ৰুহৰ দৰিয়াৰ মাজে বহি আছে কাল।।
জবৰুত মোকামৰ মাজে জ্বলে দুই তৰা।
সেই তৰা নেথাকিলে দুনিয়া আন্ধাৰা।।
বৰ ঘৰ বৰ বাৰী থাকিব পৰিয়া।
গৃহস্থৰ বৰ পুত্ৰ যায় ফকীৰ হৈয়া।।
বৰ বৰ আউলিয়া বৰ বৰ পীড়।
বৰ বৰ দৰখ্‌ত ভাগি বাগৰি পৰিল।।
অপাৰ সাগৰৰ মাজে পুল্‌চেৰাতৰ পাৰ।
ৰছুল হ’ব কাণ্ডাৰী উম্মত হ’ব পাৰ।।
আল্লা নামৰ ওপৰেদি মোহম্মদ চাৱাৰ।
সেই নামে কৰিব বান্দাক পুল্‌চেৰাতৰ পাৰ।।
 

3. মই তোৰ বান্দা – আজান ফকীৰ । Moi Tor Banda – Azan Fakir

ঘোষা—মই তোৰ বান্দা কিছু নেজানিলে
        ঔ আল্লা হে।

আল্লা আল্লা বোলা ভাই
               নবীৰ নামে সাৰ।
নবীৰ কলিমা পঢ়ি
              হৈয়া যাবা পাৰ।
কোনোৰ মনে কাঞ্চন মণি,
            কোনোৰ মনে বালি,
কোনো কোনো কৰি আছে।
            দিল মেহেৰবাণী। 

Leave a comment

Trending