1. জীউ তৰাবলৈ যাৰে-আজান ফকীৰ ।Jiu toraboloi jare – Azan Fakir

ঘোষা—জীউ তৰাবলৈ যাৰে মন আছে
    আল্লাৰ নামকে ধৰ।

জীউ তৰাবলৈ        যাৰে মন আছে
    আল্লাৰ নামকে ধৰ।
হকে হালালক        বাচি খাই যাবা
    বদিকো কৰিবা দৰ।।
হকে হালালক        বাচি খাই যাবা
    বদিক কৰিবা দূৰ।
হকৰে ঈমানক        হকতে ৰাখিবা
    কলিমা নামেৰে মূৰ।।
মিছাতে বঢ়ালোঁ        ভেবেলা শৰীলক
    কচুতে ভঙ্গালোঁ কাচি।
আমিতো নেজানো    আল্লাৰ এক নাম
    কাকে কোনে দিব যাচি।।
হাতত লাঠি ধৰি    বাটক হেৰুৱালো
    পুৰণি বাটেহে যায়।
পলত মাছ বান্ধি    হেলাতে নধৰে
    সাগৰত হেতাব যায়।।
আইকো নেজানো    বোপাইকো নেজানো
    গুৰুলৈ দি গ’লো পিঠি।
বেহা-বেপাৰলৈ        যেনেকৈ ধাউতি
    তাৰো (তাতে) আউসিয়া বিধি।।
কপালে কপাল ঐ    অভাগী কপাল
    কপালত লাগিলে তাল।
জকেমকে কৰি        ফুৰিবলৈ নেপালে
    মলয়াত ভাগিলে ডাল।।
এই সোনা ৰুলে        এই সোনা নগজে
    মুকুতাই নেমেলে পাত।
আপোনাৰ শৰীলক    আপুনি চিনিবা
    দমতে যাব হায়াত।।
 

Leave a comment

Trending